Wednesday, October 16, 2024
HomeNEWSআমৰাঙা-বৰিহাটৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান

আমৰাঙা-বৰিহাটৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান

প্ৰকাশিত তাৰিখঃ ১৯ আগষ্ট, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমৰাঙা-বৰিহাটৰ বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে ১৭ আগষ্টত দিশপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্ৰীক এক স্মাৰক পত্ৰ প্ৰদান কৰে। কেইবাটাও দাবী সম্বলিত এই স্মাৰক পত্ৰখন আমৰাঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ দাস, বৰিহাট মাহিলী বৈঠকীৰ আহ্বায়ক কল্প কলিতা আৰু নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ সম্পাদক মিতুমনি দাসে মুখ্যমন্ত্ৰীক লগকৰি হাতে হাতে প্ৰদান কৰে।

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ আমৰাঙ্গা–বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ আৰু আন্তঃগাঠনি উন্নয়ণ, বৰিহাট দৈনিক বজাৰৰ আধুনিকীকৰণ, মিৰ্জা ৰেল ষ্টেচনৰ মনিয়েৰি ৰেলগেটত উৰণ সেঁতুৰ ব্যৱস্থাকৰণ, অসম মালাৰ অধীনত নিৰ্মাণ হোৱা মিৰ্জা–ৰাজাপাৰা পথৰ দুয়োকাষে গছপুলি ৰোপণৰ ব্যৱস্থা, মামনি ৰয়ছম গোস্বামীৰ নামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুথিভড়াল নিৰ্মাণ, ঐতিহ্য মণ্ডিত জগলীয়া নৈ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহনৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়কেইটা গুৰুত্বসহকাৰে লৈ বিষয়াসকলক তাৎক্ষনিক ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিয়ে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward