Saturday, December 21, 2024
HomeNEWSৰাণীৰ জয়পুৰত বনৰীয়া হাতীৰ শৱদেহ উদ্ধাৰ সন্দৰ্ভত এজনক জেললৈ প্ৰেৰণ

ৰাণীৰ জয়পুৰত বনৰীয়া হাতীৰ শৱদেহ উদ্ধাৰ সন্দৰ্ভত এজনক জেললৈ প্ৰেৰণ

প্ৰকাশিত তাৰিখঃ ১৮ নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ কাৱাসিং সংৰক্ষিত বনাঞ্চলৰ জয়পুৰ বন গাঁৱত ১৫ নৱেম্বৰত উদ্ধাৰ হৈছিল এটি হাতীৰ শৱদেহ। মখনা হাতীটোৰ বয়স প্ৰায় ৩০–৩৫ বছৰ হ’ব। গাঁওবাসীৰপৰা জানিবপৰা মতে– ১৫ নৱেম্বৰৰ পুৱা বনগাঁওখনৰ বাসিন্দা ৰূপেন ৰাভাৰ পৰিয়ালৰলোকে বাৰীৰ পিচফালৰ বাঁহ তলিত এটি হাতী পৰি থকা দেখা পাইছিল। লগে লগে ৰূপেন ৰাভাৰ পৰিয়ালে কথাটো গাঁৱৰ বিভিন্নলোকক অৱগত কৰাত বতাহৰ গতিত সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰিছিল।

ইপিনে ঘটনাৰ বিষয়ে বনগাঁওখনৰ গাঁওবুঢ়া হেমন্ত কে মাৰাকে শুকুৰবেৰীয়া খণ্ড বন আৰু ৰাণীৰ বনাঞ্চলিক কাৰ্যালয়ক অৱগত কৰিছিল। এই খবৰ লাভ কৰাৰ লগে লগে ৰাণী বনাঞ্চলিক আৰু শুকুৰবেৰীয়া, নালাপাৰা, গাৰোপাৰাৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া–কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈছিল।

ইফালে হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডা নাৰায়ণ দেউৰীৰ নেতৃত্বত পশু চিকিৎসকৰ দল এটিও ঘটনাস্থলীত উপস্থিত হৈছিল। বন বিভাগে প্ৰাথমিক কৰ্তব্য শেষ কৰাৰ পিছত পশু চিকিৎসকৰ দলটোৱে মৰণোত্তৰ পৰীক্ষাৰ বাবে হাতীটোৰ দেহৰপৰা বিভিন্ন নমুনা সংগ্ৰহ কৰিছিল।

ইয়াৰ পিছত মৃত্যু হোৱা ঠাইখিনিতে জেচিবিৰে গাত খান্দি হাতীটো পুতি থোৱাৰ ব্যৱস্থাও কৰিছিল।

ঘটনাস্থলীত উপস্থিত থকা সহকাৰী বন সংৰক্ষক মনোৰঞ্জন বৰ্মন সহিতে বন বিষয়াসকলে ঘটনাস্থলীত ব্যক্ত কৰিছিল যে– হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবপৰা হোৱা নাই। আনকি গাত আঘাতৰ কোনো চিনো দেখা নাই। হয়তো– বিষাক্ত খাদ্য ভক্ষণৰ ফলতো হাতীটোৰ মৃত্যু ঘটিব পাৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহি পোৱাৰ পিছতহে হাতীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবপৰা যাব। সেয়ে ঘটনাৰ বিষয়ে তদন্ত অব্যাহত থাকিব বুলি ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মনে ব্যক্ত কৰিছিল।

যদিও– বন বিষয়াসকলে বনৰীয়া হাতীটো বিদ্যুতিক কাৰণতো মৃত্যু ঘটিব সন্দেহ কৰি আহিছিল। সেয়ে গাঁওখনৰ ৰূপেন ৰাভা নামৰ প্ৰায় ৫০ বছৰীয়া লোকজনক সোধা–পোছাৰ বাবে ৰাণীৰ বনাঞ্চলিক কাৰ্যালয়লৈ তলব কৰিছিল।

সেই মৰ্মে গাঁওবুঢ়া হেমন্ত কে মাৰাকৰ সৈতে ৰূপেন ৰাভা ৰাণীৰ বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈছিল। সকলো কথা সোধা–পোছাৰ অন্তত ৰূপেন ৰাভাৰ বিৰুদ্ধে ৰাণী বনাঞ্চলিক কাৰ্যালয়ত ২৪–২৫/ ৯, ৫১, ৫৭ ধাৰাত বন গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward