Sunday, December 22, 2024
Homeবাতৰিহাতী–মানুহ সংঘাতঃ অঞ্চলটোত এটা মাহৰ ভিতৰত হাতী আৰু মানুহৰ মৃত্যু

হাতী–মানুহ সংঘাতঃ অঞ্চলটোত এটা মাহৰ ভিতৰত হাতী আৰু মানুহৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ২৭ ছেপ্টেম্বৰ, ২০২১

চি এন ডেস্ক–

যোৱা ২ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১১ বজাত তেনে এটি ঘটনা সংঘটিত হৈ গ’ল। পশ্চিম গুৱাহাটীৰ ৰাণীৰ উদয়পুৰ গাঁৱৰ খেতিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ এটি বনৰীয়া হাতীৰ মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত স্থানীয় উদয়পুৰ গাঁৱৰ খেতিয়ক ৰামেশ্বৰ কলিতা (৭৫) আৰু পুত্ৰ গৌতম কলিতাক সোধ–পোছৰ বাবে ৰাণী আৰক্ষীয়ে আটক কৰিছিল। আৰক্ষীয়ে দুয়োগৰাকী লোকক সোধ–পোছৰ অন্তত গৌতম কলিতাক এৰি দিয়াৰ বিপৰীতে বন্যপ্রাণী আইন–১৯৭২ৰ ৯/ ৬১ ধাৰাৰ অধীনত ০৩/ ২১–২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি ৰামেশ্বৰ কলিতাক জেললৈ প্ৰেৰণ কৰে।

এই ঘটনাৰ জুই মাৰ যোৱাই নাই, তেনে সময়তে আৰু এটি কৰুণ ঘটনা ঘটি গ’ল। ৰাণী আন্ধেৰীজুলিৰ ৰাজীৱ বড়ো (৩৬) নামৰ যুৱক এজনক বন্যহস্তীয়ে নৃশংসভাৱে হত্যা কৰে। ১৮ ছে্প্টেম্বৰৰ নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হয়। সেই নিশা ৰাজীৱে ভাত–পানী খাই নিজৰ ঘৰৰ পৰা কিছু নিলগৰ পাহাৰখনৰ নামনিত থকা বস্তিটোৰ ঘৰটোত শুৱলৈ গৈছিল। উল্লেখ্য যে, হাতীৰ উপদ্ৰৱৰ বাবেই পাহাৰৰ নামনিত থকা খেতিপথাৰ সমূহত ধান খেতি কৰিবলৈ বাদ দিছিল। ৰাজীৱেও ধান খেতি বাদ দি বস্তিটোত ৰবি শস্যকে কৰিছিল। কিন্তু ৰবি শস্যকো হাতীয়ে ৰেহাই নিদিয়ে। শস্য দৰাৰ মাজেৰে হাতী অহা–যোৱা কৰি সমূলি নষ্ট কৰে। সেয়ে বস্তিটোত চাং ঘৰ সাজি পহৰাৰ ব্যৱস্থা কৰিছিল।     

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী, জৰাশাল, কাৱাচিং সংৰক্ষিত বনাঞ্চল কেইখনৰ আশে–পাশে আছে এক বিস্তীৰ্ণ এলেকাৰ খেতিপথাৰ। বিগত বহু বছৰ ধৰি এই খেতিপথাৰসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ চলি আহিছে। দিনকদিনে হাতীৰ উপদ্ৰৱৰ পৰিমাণ বাঢ়ি গৈ আছে। হাতীবোৰ নামি আহে কাষৰীয়া মেঘালয় সীমান্ত অথবা অসমৰ পাহাৰীয়া অঞ্চলৰপৰা। সেই অঞ্চলসমূহৰপৰা নিতৌ নামি অহা বনৰীয়া হাতীৰ জাকে খেতিপথাৰ সমূহৰ ধান এফালৰ পৰা খাই শেষ কৰে। ৰাইজে হাতীৰ উপদ্ৰৱৰ বাবে খেতিপথাৰত টঙি সাজি অথবা পালপাতি পহৰাৰ ব্যৱস্থা কৰিবলগা হৈছে। তাৰপাছতো খেতিয়কে নিজৰ সপোনৰ পথাৰখন ৰক্ষা কৰিব পৰা নাই। ইপিনে, একাংশ খেতিয়কে খেতিপথাৰ সুৰক্ষাৰ বাবে উন্মুক্ত বিজুলী তাঁৰ সংযোগ কৰিছে। খেতিপথাৰত এনেবোৰ ভয়ানক তথা অবৈধ বিদ্যুৎ সংযোগ আৰম্ভ কৰা কাৰ্য আজি বহু বছৰৰ পৰা চলি আহিছিল। এনে ধৰণে সংযোগ কৰাৰ ফলতেই উদয়পুৰৰ খেতিপথাৰৰ হাতীটোৰ মৃত্যু হৈছিল। সেয়ে নহয়, আজি কেইবছৰমানৰ আগতে এনেদৰে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগিয়েই বন বিভাগৰ অস্থায়ী কৰ্মী মহন্ত কলিতা নামৰ লোকজনৰো মৃত্যু হৈছিল।  

খেতিপথাৰ সুৰক্ষাৰ বাবে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া–কৰ্মীসকলেও টহলৰ ব্যৱস্থা কৰিছে। কিন্তু ইমানৰ পাছতো বনৰীয়া হাতীৰ মুক্ত বিচৰণ বন্ধ হোৱা নাই। কথাটো খেতিয়ক ৰাইজৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে। তাৰমানে হাতী–মানুহৰ সংঘাত তুংগৰ পিনে গৈ আছে নেকি!

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward