Wednesday, October 23, 2024
HomeARTICLEহাদিৰাচকী–১৮২২ চনৰ ২১ জুন

হাদিৰাচকী–১৮২২ চনৰ ২১ জুন

প্ৰকাশিত তাৰিখঃ ১০ জুন, ২০২৪

কল্প ৰঞ্জন গগৈ –

১৮২২ চনৰ ২১ জুন। হাদিৰাচকী বা কান্ধাব চকী। অসমৰ স্বাধীনতা ৰক্ষাৰ শেষ ৰণ। মানৰ তৃতীয় আক্ৰমণৰ বিৰুদ্ধে চন্দ্ৰকান্ত সিংহৰ নেতৃত্বত ‘হেজাৰ–বিজাৰ পিশাচ মান, এমুঠি শিখ, এমুঠি পাঠান, এমুঠি মোগল, কামৰূপী বীৰ, যি বা অৱশেষে অসম সেনা, অচল–অটল শেষ বাৰলই, পালেহি সন্মুখ মানৰ সেনা’।

ৰজাঘৰৰ দ্বন্দ–ক্ষমতাৰ বাবে। বদন বনাম পূৰ্ণানন্দ। ফল স্বৰূপে অসম চাৰখাৰ। দেশ মানে প্ৰজা জনগণ। দেশ মানে ডা–ডাঙৰীয়া বুলি ভুল নকৰিব। শাসক সদায়েই প্ৰজা বিৰোধী– আজি পৰ্যন্ত। সেয়ে ডাঙৰীয়াক নাকচ কৰক।

১৭৬৯ চনৰ পৰা অসমৰ প্ৰজাগণে ৰজাৰ বিৰুদ্ধে দা–দাঙিছিল। মতিভ্ৰষ্ট গৌৰীনাথ সিংহই বগা বঙালক মাতি আনিছিল। ১৭৯২ চনৰ পৰা ১৭৯৪ চনলৈ মুঠ ১৯ মাহ। বঙাল সৈনিক চৰ্দাৰৰ নেতৃত্বত ৮০ (আশী) জন কৃষকক হত্যা– ৩০০টা (তিনিশ) ঘৰ জুইত জাহ। সাম্ৰাজ্যবাদ বিৰোধী যুঁজৰ প্ৰথম শ্বহীদ। দেশৰ ১৮৫৭ চনৰ জনজাগৰণৰ আগেয়ে।

১৭১৩ চনত বগা বঙাল বেপাৰী আৰু অসম ৰজাৰ বেপাৰীৰ মাজত বেপাৰৰ চুক্তি (Trade Pact)। সেয়ে ১৭৯২ চনৰ পৰা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীলৈ ‘ৱেইটিং পেৰিয়ড’ (Waiting Period)। তাৰ পিছৰপৰা ঔপনিৱেশিক যুগ (Colonial Era)। যাৰ অন্তিম ফল End Result– Colonial Hangover– আজি পৰ্যন্ত। ভেদ নীতিৰ বীজাণু তাতেই। Communal Virus এতিয়াও সমগ্ৰ ভাৰতত বিয়পি আছে।

১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰাই বিশেষভাৱে সক্ৰিয়। আজিৰ মণিপুৰ ইয়াৰেই সাক্ষী। ৰোগৰ মূল কাৰণ বিভক্ত স্বাধীনতা। প্ৰথমে দুখন– ১৯৭১ আৰু পিছত তিনিখন দেশ। সেয়ে আজি দেশৰ জনতাৰ বগা বঙাল মুক্ত স্বাধীনতাৰ বুৰঞ্জী হ’ল ৭৭ বছৰৰ, দেশৰ জনতাৰ ভাগ বটোৱাৰাৰ বুৰঞ্জী।

মহাত্মাই কৈছিল ‘স্বাধীনতাই দেশৰ জনতাৰ চকুপানী মচি দিব’। মূলজনক হত্যা কৰাৰ পিছত চকুপানী মচিবলৈ কোনো নাই। আজি বিদ্বেষ আৰু বিভক্ত স্বাধীনতাৰ চকুজপানী মচিবলৈ ঝাঁন্সিৰ ৰাণী লক্ষীবাইৰ নেতৃত্বত পুনৰ যুঁজ দিব লাগিব। এই যুঁজৰ মূল নায়িকা হ’ব দেশৰ আইদেউসকল। যুঁজৰ দৰ্শন হ’ব স্বামী বিবেকানন্দৰ (১৮৬০–১৯০২) দৰ্শন। আইসকলে চিষ্টাৰ নিবেদিতাৰ চিৰন্তন প্ৰেৰণাৰ পথেৰে আগ বাঢ়িলেই বাইচাহেবা লক্ষীবাইক পাব।

১৮২২ চনৰ ২১ জুনৰ পিছে পিছেই আহি আছে ১৯৪৭ চনৰ ১৫ আগষ্ট। দেশ ভাগৰ স্মৃতি ধূসৰ, কিন্তু সঁচাকৈয়ে সুদূৰ অতীত নে?

ঠিক সেইদৰে অসমৰ ১৮২৬ চনৰ ফেব্ৰুৱাৰীও আমাৰ স্মৃতিৰ পৰা মচ খাব নেকি?

বাইচাহেবা লক্ষীবাইসকলৰ তেজৰ দাম সঁচাকৈয়ে নাই নেকি?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward