Wednesday, February 5, 2025
Homeপ্ৰবন্ধগোলকীকৰণত হৃদয়ৰ আৱেগ

গোলকীকৰণত হৃদয়ৰ আৱেগ

প্ৰকাশিত তাৰিখঃ ৩০ ডিচেম্বৰ, ২০২৪

কল্প ৰঞ্জন গগৈ –

২০৪৭ চনৰ ২৬–২৯ ফেব্ৰুৱাৰীত বিশ্বৰ পুনৰ গোলকীকৰণৰ বাবে আলোচনা কৰা হৈছিল ইউনাইটেড আৰৱ এমিৰেইটছৰ আবুধাবীত। লক্ষ্য আছিল Re–Globalization, Better Trade for better World। তেওঁলোকৰ এই ভাৱনা মানেই এক ভয়ানক বজাৰ সংস্কৃতিৰ সহায়ত মুমুৰ্ষু ধনতন্ত্ৰক বচাই ৰখাৰ প্ৰচেষ্টা। সংস্কৃতিৰ ঠাইত অসংস্কৃতিৰ বিস্তাৰৰ প্ৰচেষ্টা। ইতিমধ্যে ১৯৯০ চনৰ পৰা আৰম্ভ কৰা বিশ্বায়ন– এক নতুন অৰ্থনৈতিক ব্যৱস্থাই ধনতন্ত্ৰক সকাহ দিয়াৰ ঠাইত তাক পুনৰ সংকটৰ মুখলৈ গতি কৰালে। সমগ্ৰ বিশ্বৰ অস্থিৰতাৰ মুখলৈ গতি কৰিলে। নিবনুৱা সমস্যাৰ লগে লগে আন ৰাজনৈতিক–সামাজিক–সাংস্কৃতি অস্থিৰতা বাঢ়িবলৈ ধৰিলে। সমাজখনক বহুধাবিভক্ত কৰিবলৈ, ঘৰে ঘৰে অস্থিৰতাৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল’ব ধৰিলে। মানুহ হৈ পৰিল হতভম্ভ। একাংশ সচেতন মানুহে এইক্ষেত্ৰত জনগণৰ সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল’লে। যদিও ধনতন্ত্ৰৰ বিজ্ঞাপনৰ লগতে প্ৰদৰ্শনীৰ বাবে মতিভ্ৰষ্ট হ’ব ধৰিলে। ধনতন্ত্ৰৰ সেই বুঢ়া বাঘটোৱে লুভীয়াসকলক সোণৰ খাৰু দিম বুলি ওচৰ চপাৰ লগে লগে খাই পেলালে।

আজি সংকট বঢ়াৰ লগে লগে এনে পৰ্ব দূৰ্বাৰ গতিত চলিছে। মানুহৰ হৃদয় অথৰ্ব কৰি দিছে। মগজুৰ উৎকৰ্ষই হৃদয়ৰ উৎকৰ্ষতা বঢ়াব পৰা নাই। মগজু আজি কৃত্ৰিম বুদ্ধিমত্তাৰ কৱলত চাইবাৰ যুগৰ (Cyber Age) বস্তু হৈছে চাইবাৰ যুদ্ধ (Cyber Wars)। সাম্ৰাজ্যবাদী গোলকীকৰণৰ যুগত যুদ্ধই হৈছে প্ৰধান ধাৰা।

এই নব্য আৰু প্ৰচণ্ড ৰূপত আৰম্ভ হোৱা গোলকীয় অসভ্যালিয়ে ধৰ্ম–সমাজ–সংস্কৃতি–ৰাজনীতিক আৰু অধিক অমানৱীয় কৰি তুলিছে। সমগ্ৰ বিশ্বই আজি এখন পীত দানৱীয় পুৰীলৈ পৰিণত হৈছে। আমাৰ ইচ্ছাশক্তিৰ পৰা আৰম্ভ কৰি জ্ঞানৰ শক্তিৰ লগতে কাৰ্য কৰাৰ ক্ষমতালৈকে গোলকীয় কূ–শিক্ষাৰ কৱলত।

অথচ এনেদৰে হ’ব নেলাগিছিল বিশেষকৈ একৈশ শতিকাত। য’ত জ্ঞান–বিজ্ঞান–প্ৰজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে। সমগ্ৰ বিশ্বৰ জ্ঞান আমাৰ দৰে দূৰ্বল মধ্যবিত্তৰ দেশৰো দুৱাৰডলিত। বিজ্ঞানে মানুহক এখন হৃদয় দিছে অনুভৱ কৰিবলৈ আৰু মগজু দিছে নতুন নতুন চিন্তা কৰিবলৈ। যাৰ ফলস্বৰূপে মানুহৰ কৰ্মক্ষমতা লাখ–কোটি গুণে বাঢ়িছে। মানুহ তৈয়াৰ কৰিবলৈ, ৰাষ্ট্ৰৰ চৰিত্ৰ গঠনৰ বাবে প্ৰতিজন ব্যক্তিৰ চৰিত্ৰ গঠনৰ বাবে অফুৰন্ত সুবিধাৰ সৃষ্টি হৈছে। ধৰ্মই কয় যে মানুহৰ লগতে চয়তানো আছে। আমি ৰামকৃষ্ঞ পৰমহংস–মা–সাৰদা–স্বামীবিবেকানন্দৰ ভক্তগণে বিশ্বাস কৰো যে সকলোতেই দেৱত্ব আছে। স্বামীজীৰ মতে আমি পোহৰৰ পৰা অধিক পোহৰলৈহে গতি কৰি আছো অবিৰাম। কাৰণ শিক্ষা আৰু ধৰ্মই মানুহক প্ৰতিটো মুহুৰ্ততে নিজৰ ভিতৰৰ সুপ্ত প্ৰতিভাৰ লগতে আধ্যাত্মিকতা (Spirituality) আৰু দেৱত্ব (Divinity) বিকাশৰ বাবে অহৰহ প্ৰেৰণা যোগাই আছে। আমাৰ গণশিক্ষাৰ অস্ত্ৰ সংবাদ মাধ্যমে জনগণক শিকাই আছে ভৱিষ্যতৰ বাবে কেনেদৰে চিন্তা কৰা উচিত। এখন বিজ্ঞান নিৰ্ভৰ সমাজৰ ৰেহৰূপ কি হোৱা উচিত।

শিক্ষকসকলে বহু বেটাৰীৰ টৰ্চ লৈ যুৱশক্তিৰ শুদ্ধ ৰূপত গতিশীল (Channelise Youth Power) কৰি তুলিবলৈ সেই নালন্দাৰ দিনৰ পৰা অক্সফ’ৰ্ড–কেম্ব্ৰিজৰ দিনলৈ আৰু তাৰে পোহৰত আজিৰ দিনলৈ প্ৰতিটো চুবুৰীলৈ জ্ঞানৰ সম্প্ৰসাৰণ ঘটাই আছে।

স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) তেতিয়াই কৈছিল– বিশ্বখনক আধ্যাত্মিকতাবাদী চিন্তাৰে ভৰাই দিয়া (Deluge the world with spiritual ideas)। ধৰ্ম হ’ব লাগিব স্থিতাৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম (Constant Rebellion against Nature)। সেয়ে বুদ্ধদেৱৰ পৰা আমাৰ শংকৰদেৱলৈ আছিল স্থিতাৱস্থাবাদী প্ৰাচীন সনাতন চিন্তাৰ বিৰুদ্ধে থিয় দি তাক বিকশাই তোলাৰ সংগ্ৰাম।

১৯ শতিকাতে ভৱিষ্যতৰ সাৰ্বভৌম স্বাধীন সমাজবাদী ভাৰতবৰ্ষৰ বাবে দিয়া প্ৰেচক্ৰিপচন (Prescription) হৈছে Islamic Body– Vedantic Brain।

ইতিহাসৰ চালিকা শক্তি হৈছে জনগণ। বৰ্তমানৰ গোলকীকৰণৰ প্ৰধান লক্ষ্য হৈছে (Game Plan) যুৱ–ছাত্ৰ শক্তিৰ নৱজাগৰণৰ চেতনাৰ অভিমুখ ব্যক্তিকেন্দ্ৰীকতাৰ দিশলৈ লৈ যোৱা। নাৰীৰ ভিতৰত সুপ্ত হৈ থকা সমাজকল্যাণৰ চিন্তাক বিপথে পৰিচালিত কৰা ভৱিষ্যতৰ গৰ্ভধাৰিনী সকলক নিহত কৰা। লগতে মধ্যবিত্তৰ ভিতৰত সোমাই থকা বিপ্লৱী চেতনাক প্ৰতিক্ৰিয়াশীলতাৰ চক্ৰ বেহুত বন্ধী কৰা জাতিৰ ইচ্ছাশক্তিৰ বিকৃত জ্ঞানৰ সহায়ত পংগু কৰ্ম শক্তিত পৰিণত কৰা।

আজি সমাজ পৰিৱৰ্তনৰ সংগ্ৰামৰ বাবে এই সময়ত জটিলতাৰ লগতে বাধা–বিঘিনিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward