Friday, April 18, 2025
HomeNEWSলোহাৰঘাটত কৃষি, হস্ততাত আৰু বস্ত্ৰ সামগ্ৰী ৰপ্তানি কৰ্মশালা

লোহাৰঘাটত কৃষি, হস্ততাত আৰু বস্ত্ৰ সামগ্ৰী ৰপ্তানি কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

২২ ফেব্ৰুৱাৰীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাটৰ ৰাংচাৰ এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সভাগৃহত অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ কৃষি, হস্ততাত আৰু বস্ত্ৰ উদ্যোগৰ সামগ্রী ৰপ্তানি শীৰ্ষক এখনি সজাগতা সভা আৰু কৰ্মশালা অনুষ্ঠিত হয়। উক্তশালাখন দলিত ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ উদোগত আৰু এপেদাৰ সহযোগত অনুষ্ঠিত হয়।

উল্লেখ্য যে দলিত ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ অধ্যক্ষ পদ্মশ্রী ৰবি কুমাৰ নাৰাই বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা সভাখনত এপেডাৰ ব্যবসায়ীক উন্নয়ন পৰিচালক আশ্ৰফ কমল, এক্সপোৰ্ট প্ৰমোচন কাউন্সিলৰ বিষয়া ভাস্কৰ বৰুৱা, অসম চৰকাৰৰ বিষয়া ড০ হেমন্ত ৰাভাই অংশ গ্ৰহণ কৰে।

উপস্থিত থকা বিশিষ্ট বিষয়াসকলে ৰপ্তানি বাণিজ্যৰ বিভিন্ন দিশ আৰু চৰকাৰী সা–সুবিধাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰে। কৰ্মশালাত অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড লগতে কেইবাগৰাকীও স্থানীয় মহিলা উদ্যমী উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward