Tuesday, June 10, 2025
HomeARTICLEঅসম–মেঘালয় সীমাৰ কুলশী নদীৰ উকিয়ামত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধীতা, ৰাইজৰ প্ৰতিবাদী...

অসম–মেঘালয় সীমাৰ কুলশী নদীৰ উকিয়ামত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধীতা, ৰাইজৰ প্ৰতিবাদী সভা

প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

বিদ্যুৎ নালাগে আমাক, লেম–চাকিৰ পোহৰতেই থাকিম। তথাপিও প্ৰকৃতি ধ্বংসকাৰী কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ নিদিও। আত্মঘাটী স্বৰূপ উন্নয়ন আমাক নালাগে বুলি চৰকাৰখনৰ ওচৰত ৰাইজে দাবী কৰিবলগীয়া হৈছে।

উল্লেখ্য যে, দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত যেন প্ৰতিবাদৰ জুই জ্বলিয়েই থাকিব। এলেকাটোৰ বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাবে ঘোষণা কৰা ১,৫০০ একৰ ভূমিৰ বিৰূদ্ধে প্ৰতিবাদৰ জুই জ্বলিয়েই আছে।

তেনে এক সময়তে অসম–মেঘালয় সীমাঞ্চলৰ উকিয়ামৰ কুলশী নদীত ৫৫ মেগাৱট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব খোজা কাৰ্যত চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছে। কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি অৰ্থাৎ ৯ জুনত উকিয়ামৰ ঘোগা আৰু দ্ৰোণ নদীৰ সংগমস্থলীত এক বিশাল প্ৰতিবাদী সভা অনুস্থিত হয়। ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ছয়গাঁও আঞ্চলিক গাৰো ছাত্ৰ সন্থা, গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ আৰু মেঘালয়ৰ খাছি ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ এই প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়। উক্ত সভাখন ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি লস্কৰ ৰাভা, গাৰো ছাত্ৰ সন্থাৰ সভাপতি জ’ন চাংমা আৰু খাছি ছাত্ৰ সন্থাৰ সভাপতি পিষ্টাৰ ছিয়েমে সভাপতিত্ব কৰে।

আজিৰ প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকছোকে কয়– কইনাধৰাত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আলোচনামৰ্মে কুলশী নদীত ৫৫ মেগাৱট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলগীয়া কাৰ্যক আমি তীব্ৰ বিৰোধীতা কৰিছো। প্ৰকৃতিৰ ৰম্যভূমি উকিয়ামৰ কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ’লে জৈৱ–বৈচিত্ৰৰ ব্যাপক ক্ষতি সাধন হ’ব।

ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাই কয়– ‘চৰকাৰে আমাৰ জনজাতীয়লোক সকলকে ঢাল হিচাপে ব্যৱহাৰ কৰে। অসমৰ যিমান ঠাইত উন্নয়নৰ নামত উচ্ছেদ কৰা হৈছে, সেয়া সকলোবোৰ জনজাতীয় অঞ্চলতেই কৰিছে। আমাৰ এই অঞ্চলৰ মানুহখিনি প্ৰকৃতিৰ লগত সহাৱস্থান কৰি উদ্যান শস্যৰে জীৱিকা নিৰ্বাহ কৰি আছে। কুলশী নদীত যেতিয়া ৬৫ মিটাৰ ওখ দেৱালৰ  বান্ধ নিৰ্মাণ কৰি পানী সংৰক্ষণ কৰিব তেতিয়া উকিয়াকে ধৰি ওচৰ–পাজৰৰ বহু গাঁও পানীৰ তলত ডুব যাব। আনহাতে, পানী এৰি দিয়াৰ লগে লগে বান্ধৰ নামনিৰ বহু গাঁও জলমগ্ন হৈ পৰিব। ৰঙানদী, সোৱণশিৰি, কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত নামনিৰ গাঁও বিলাকৰ কি অৱস্থা হয় সেয়া কাকো বুজাই ক’ব নালাগে। একেই পৰিস্থিতি সৃষ্টি হ’ব পৰা নদী বান্ধ আমাৰ ইয়তো নিৰ্মাণ কৰিব খুজিছে। এই কাৰ্য কোনোপধ্যেই মানি লোৱা নহ’ব। গতিকে বিশাল ৰূপত প্ৰতিবাদ কৰিবলৈ আমি সাজু আছো।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ সুভাষ ৰাভাই কয়– ইমান সুন্দৰ ঠাই এখনত মৰুভূমিৰ সৃষ্টি কৰিবপৰা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব খোজা কাৰ্য চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত। ২০০৪ চনত মেঘালয়ৰ পৰা বাগৰি অহা বৰষুণৰ পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। য’ত গোৱালপাৰা জিলাৰ বলবলাত ৪০০তকৈ অধিক মানুহৰ মৃত্যু ঘটিছিল। তেনেদৰে ২০১৪ চনতো অঞ্চলটোত একেই ঘটনা ঘটিছিল। কুলশী নদীত ৬৫ মিটাৰ ওখ দেৱাল দি নদী বান্ধ নিৰ্মাণ কৰিলে বৰষুণৰ পানীয়ে যি চাপ সৃষ্টি কৰিব তাৰ ফলত হয়তো দেৱাল ভাঙি যাব, নতুবা পানী এৰি দিব লাগিব। দুয়োটা কাৰকে আমাৰ বাবে ভয়ানক হ’ব পাৰে। যাৰ ফলত ইয়াতো বলবলাৰ দৰে ঘটনা ঘটিব। গতিকে তেনেকুৱা উন্নয়নত আমি তীব্ৰ বিৰোধীতা কৰিবই লাগিব। এই প্ৰতিবাদ আজি আৰম্ভহে হৈছে। কুলশী নদী বান্ধ বন্ধ নোহোৱা পৰ্যন্ত তীব্ৰ ৰূপত আন্দোলন চলাই যাম।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভাই কয়– কুলশী নদীত নিৰ্মাণ কৰিব ওলোৱা জলবিদ্যুৎ প্ৰকল্পৰ আমি তীব্ৰ বিৰোধীতা কৰিবই লাগিব। এই নদী বান্ধ নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ খিলঞ্জীয়া জনজাতিসকল উচ্ছেদ হ’ব লাগিব। উচ্ছেদ হোৱাৰ লগে লগে ভাষা, কলা–কৃষ্টিও নোহোৱা হৈ যাব। নদী বান্ধটোৱে বাৰিষা বানপানীৰ আৰু খৰালি মৰুভূমিৰ সৃষ্টি কৰিব। তাৰ মানে আমাক বানেও মাৰিব আৰু খৰাঙেও মাৰিব। গতিকে তেনে প্ৰকল্প কেতিয়াও নিৰ্মাণ হ’বলৈ দিয়া নহ’ব। প্ৰকৃতিকৰ্মী মনোজ কুমাৰ দাসে কয়– মানৱ সৃষ্ট কাৰকৰ বাবে আজি কুলশী নদী ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে। নদীখনৰ পানী শুকাই যোৱাৰ ফলত আজি কুকুৰমাৰা, আমত’লা গাঁৱৰ মৎস্যজীৱিলোক সকল সংকটৰ সন্মুখীন হৈ পৰিছে। জাল, জাকৈ আজি নদীখনত নাই, ঘৰৰ ওপৰত তুলি থ’বলগীয়া হৈছে। তেনেক্ষেত্ৰত কুলশী নদীৰ ওপৰত নিৰ্মাণ কৰিব ওলোৱা নদী বান্ধ কোনোপধ্যেই সমৰ্থন নকৰো। তীব্ৰ ৰূপত ইয়াৰ প্ৰতিবাদ কৰি যাম।

উল্লেখ্য যে আজিৰ সভাত গাৰো, খাছি ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে বিভিন্ন ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

লগতে, ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ–সভাপতি গোপাল ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ উপ–সভানেত্ৰী বিচিত্ৰা ৰাভা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত কুমাৰ ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, গাৰো ছাত্ৰ সন্থা, গাৰো জাতীয় পৰিষদ, খাছি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অনিল বড়ো, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালী, কুকুৰমাৰা গাঁও উন্নয়ন সমিতি, ৩নং আমত’লা গাঁও উন্নয়ন সমিতি লগতে বিভিন্ন দল–সংগঠনৰ বিষয়ববীয়াই সভাখনত অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward