প্ৰকাশিত তাৰিখঃ ২ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
নেৰানেপেৰা বৰষুণে সমগ্ৰ ৰাজ্যখনত কম–বেচি পৰিমাণে দুৰ্যোগ কঢ়িয়াই আনিছে। গুৱাহাটী মহানগৰবাসীয়ে ভূগি অহা যমৰ যন্ত্ৰণা সকলোৱে দেখিছে। ইপিনে প্ৰৱল বৰষুণৰ প্ৰভাৱত দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীও এলেকাৰ চানডুবি বিলৰ পানী ফেনেফোটোকাৰে ওফন্দি উঠিছে। মেঘালয়ৰ পাহাৰৰ পৰা পানী বাগৰি অহাত চানডুবিৰ কাষৰীয়া চাকনি বিলখনো পানীৰে উপচি পৰিছে। অঞ্চলটোৰ বাথা, কলহী নদীত তীব্ৰ গতিৰে পানী বৈ আছে।
উল্লেখ্য যে, প্ৰৱল বৰষুণৰ ফলত চানডুবি-ৰাজাপাৰা-ৰাণীখামাৰ সংযোগী পথটোৰ শিঙিমাৰী, কঠালগুৰি আদিকৰি বহু ঠাইত ডুব গৈছে। স্থানীয়লোকে ব্যক্ত কৰা মতে– ‘প্ৰৱল বৰষুণ হৈ থকা বাবে ৩১ মে’ৰ দিনটোত পথটোত যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। সেয়ে যোগাযোগ ৰক্ষাৰ বাবে নাও চলাচল কৰিছিল। আজিৰ পৰা পচিশ বছৰ আগতে ৰাস্তাটো কেচা আৰু চাপৰ আছিল। সেই দিনত বাৰিষাকালত অঞ্চলটোৰলোক সকলে নাৱেৰে যোগাযোগ ৰক্ষা কৰিবলগীয়া হৈছিল। কিন্তু পথটো ওখকৈ পকীকৰণ কৰাৰ পিচত আগৰ সেই অৱস্থা হোৱা নাছিল। এইবাৰ পথটো পুনৰ পানীত ডুব যোৱা দেখিলো। পচিশ বছৰৰ আগৰ দৃশ্য এই বছৰ দেখা পালো। আজি বৰষুণ অহা নাই, সেয়ে পানী কিছু শুকাইছে। অলপ কষ্ট কৰি যান-বাহন চলাচল কৰিব পৰা হৈছে।’
ইপিনে পানী বৈ থকাত স্থানীয়লোক সকলে পথটোৰ ওপৰত জাল, জাকৈ মাৰিও মাছ ধৰি থকা দেখা গৈছিল।
উল্লেখনীয় যে দক্ষিণ কামৰূপৰ অন্যতম কলহী নদীখনো কাণভৰি পানী বৈ আছে। একেই ৰূপত বৈ আছে কলহী নদীৰ কুলচী–কুকুৰমাৰা সুঁতিটোও।
কুলচী–কুকুৰমাৰা সুঁতিটো দক্ষিণ–পূব এছিয়া খ্যাত ৰিভাৰ ডলফিনৰ প্ৰধান আৱাস আৰু প্ৰজননস্থলী। দুখৰ বিষয় এই সুঁতিটোৰে বৰ্তমান যি ৰূপত পানী বৈ আছে, সেয়া ক্ষণস্থায়ীহে। দুদিনৰ পিছত নদীখনৰ বুকু পুনৰ উদং হৈ যাব। কাৰণ এই সুঁতিটো ইতিমধ্যে মৰাসুঁতিলৈ পৰ্যবসিত হৈছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ