Wednesday, April 16, 2025
HomeNEWSৰাণীৰ ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজক পৰিৱেশ সৃষ্টি হৈছে

ৰাণীৰ ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজক পৰিৱেশ সৃষ্টি হৈছে

প্ৰকাশিত তাৰিখঃ ১৪ এপ্ৰিল, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত ৰাজ্যিক পশু চিকিৎসালয়ত অৰাজক পৰিৱেশ এটিৰ সৃষ্টি হৈছে। উল্লেখ্য যে পশু চিকিৎসালয়খনৰ চৌহদত আছে প্ৰকাণ্ড প্ৰকাণ্ড কেইবাডালো চেগুন গছ। আজি প্ৰায় এবছৰ আগতে প্ৰৱল ধুমুহাত এডাল চেগুন গছ মাটিত বাগৰি পৰিছিল। যদিও– মাটিত বাগৰি থকা চেগুনডালৰ ঠাল–ঠেঙুলিবোৰ ইতিমধ্যে খৰিকটীয়াই কাটি লৈ গৈছিল।

যোৱা ১০ এপ্ৰিলত চিকিৎসালয় কৰ্তৃপক্ষই চেগুনডাল টুকুৰা কৰি চৌহদতে হেণ্ড মেচিনেৰে কাঠ ফলাৰ ব্যৱস্থা কৰিছিল। ঘটনা সন্দৰ্ভত স্থানীয় লোকে ৰাণী বনাঞ্চলিক কাৰ্যালয়ক অৱগত কৰে। সেই খবৰৰ ভিত্তিত বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয় আৰু কাঠ ফলা হেণ্ড মেছিনটো জব্দ কৰি কাৰ্যালয়লৈ লৈ আহে। ঘটনাৰ সময়ত চিকিৎসালয়খনৰ কেইজনমান কৰ্মচাৰী উপস্থিত আছিল।

অৱশেষত পশু চিকিৎসালয়খনৰ দায়িত্বপ্ৰাপ্ত বিষয়া ডাঃ জলি বৰা সৰকাৰ ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হয়। ৰাণীৰ বনাঞ্চলিক কাৰ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি– চেগুন গছডালৰ কাঠ ফলাৰ বাবে পশু চিকিৎসালয় কৰ্তৃপক্ষই বন বিভাগৰ পৰা অনুমতি লোৱা নাছিল। আনকি এইকথা মৌখিকভাৱেও অৱগত কৰা নাছিল। সেয়ে কাঠ ফলা বন্ধ কৰি দিয়াৰ লগতে হেণ্ড মেছিনটো জব্দ কৰি লৈ অহা হয়।

ইপিনে– পশু চিকিৎসালয়খনৰ দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকীয়ে বন বিভাগৰ আগত চিকিৎসালয়খনৰ দুৱাৰ, খিৰিকী নিৰ্মাণৰ বাবেহে চৌহদৰ চেগুন গছডালৰ কাঠ ফলাৰ ব্যৱস্থা কৰা হৈছিল বুলি ভাষ্য প্ৰদান কৰে। সেই ভাষ্য অনুসৰি বন বিভাগে কাঠখিনি দায়িত্বপ্ৰাপ্ত বিষয়াগৰাকীৰ জিম্মালৈ দিয়ে। লগতে বন বিভাগে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ চৰকাৰক জমা দি সেই কাঠখিনি ল’ব পাৰিব বুলিও অৱগত কৰে।

আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই মূল্যৱান চেগুন গছডাল ফালি কাঠ সমূহ ব্যক্তিগতভাৱে ভোগাই লোৱাৰহে এক ফন্দি ৰচনা কৰা হৈছিল বুলি ৰাইজৰ বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। ৰাণীস্থিত ৰাজ্যিক পশু চিকিৎসালয়খনত বৰ্তমান নতুনকৈ দুৱাৰ–খিৰিকী নিৰ্মাণ কৰিবলগীয়া অৱস্থাত নাই। কিয়নো চৰকাৰে ইতিমধ্যে চিকিৎসালয়খনৰ ঘৰ–দুৱাৰ সুন্দৰকৈ নিৰ্মাণ কৰি দিছেই। সেয়ে চিকিৎসালয় কৰ্তৃপক্ষই চৌহদৰ গছ ফালি দুৱাৰ–খিৰিকী নিৰ্মাণ কৰিবলৈ ওলোৱা কাৰ্য আমি বিশ্বাসত ল’ব পৰা নাই। যদি ঘৰ–দুৱাৰ নিৰ্মাণ কৰিবলগীয়াও হয় তেন্তে সেয়া চৰকাৰে টেণ্ডাৰিং পদ্ধতিত ঠিকাদাৰৰ হতুৱাইহে কৰিব। প্ৰকৃততে ৰাণীৰ ৰাজ্যিক পশু চিকিৎসালয়ে কোনটো ঘৰত ব্যৱহাৰৰ বাবে চেগুন গছডাল ফলাৰ সিদ্ধান্ত লৈছিল সেয়া ৰহস্যৰ বিষয়। গতিকে এই কাৰ্যৰ বিভাগীয়ভাৱে তদন্ত হ’ব লাগে, লগতে দোষীসকলক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমিও এই বিষয়ত মৌন হৈ বহি নাথাকো। এই বিষয় সন্দৰ্ভত আমি অতিসোনকালে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ওচৰত অভিযোগ দাখিল কৰিম বুলিও প্ৰকাশ কৰে।

ইপিনে ৰাণী উন্নয়ন খণ্ডৰ চৌহদত অৱস্থিত পশু কল্যাণ চিকিৎসালয়খনৰ সম্প্ৰসাৰণ বিষয়াগৰাকীৰ প্ৰতিও ৰাইজে সন্দেহৰ আঙুলি টোৱাইছে।

উল্লেখ্য যে দায়িত্ববাহী বিষয়াগৰাকীৰ অৱহেলাৰ বাবে দীৰ্ঘদিন ধৰি হাবি–জংঘলেৰে ভৰি থকাত ৰাজ্যিক পশু চিকিৎসালয় চৌহদখনত এক কদৰ্য পৰিৱেশৰ সৃষ্টি হৈছে। ৰাণী–মাইৰাং পথৰ সৈতে লাগি থকা চৌহদটোত এটুকুৰা জেওৰাও নাই। জেওৰা বিহীন  চিকিৎসালয়খনৰ চৌহদত ইতিমধ্যে একাংশ লোকে ডাম্পিং গ্ৰাউণ্ডৰ দৰে জাৱৰ–জোথৰেৰে ভৰাই তুলিছে। চিকিৎসালয়খনৰ চৌহদ চাফ–চিকুনকৈ সজাই ৰাখিবলৈকে ব্যৰ্থ হোৱা বিষয়াগৰাকীয়ে দুৱাৰ, খিৰিকী নিৰ্মাণৰ নামত চেগুন গছডাল ফলাৰ বাবেহে উঠিপৰি লাগিছে বুলিও ৰাইজে আশ্চাৰ্য প্ৰকাশ কৰে।

শেহতীয়াভাৱে জানিবপৰা মতে– বন বিভাগে পশু চিকিৎসালয় চৌহদৰ চেগুন গছৰ কুণ্ডা সমূহ জব্দ কৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward