Wednesday, July 9, 2025
HomeNEWSমহানগৰীৰ পাৰ্শ্বৱৰ্তীত ৰাণীত গাঞ্জাসহ এজনক আটক

মহানগৰীৰ পাৰ্শ্বৱৰ্তীত ৰাণীত গাঞ্জাসহ এজনক আটক

প্ৰকাশিত তাৰিখঃ ৭ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ জয়ন্তীপুৰত আৰক্ষীয়ে গাঁঞ্জাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২৯ জুনৰ নিশা প্ৰায় ৯বজাত গোপন খৱৰৰ ভিত্তিত ৰাণীৰ আৰক্ষীয়ে এক অভিযান চলাইছিল।

ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰকজ্যোতি মজুমদাৰৰ নেতৃত্বত চলা এই অভিযানকালতে ২০ কিলো ১০০ গ্ৰাম গাঞ্জাসহ গুৱাহাটী পাঞ্জাবাৰীৰ সুনীল কুমাৰ দাস (৪৮) নামৰলোক এজনক কৰায়ত্ব কৰে।ধৃত সুনীল কুমাৰ দাসে সেই সময়ত গাঞ্জাখিনি গাৰোপাৰাৰ এজন লোকৰ পৰা লৈ AS 25 E5863 নম্বৰৰ FZ য়ামাহা মটৰ বাইকেৰে ৰাণী অভিমুখে গৈ আছিল।

সেই সময়ত অভিযানৰত আৰক্ষীয়ে ৰাণীৰ জয়ন্তীপুৰত উক্ত লোকজনক গাঞ্জাসহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মুল্য চাৰি লক্ষাধিক। আৰক্ষীয়ে ৩০ জুনত সুনীল কুমাৰ দাসক ন্যায়ালয়ত হাজিৰ কৰায়। লগতে অধিক তদন্তৰ বাবে সুনীল কুমাৰ দাসক দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈ আহে।

ইপিনে ৰাণীৰ স্থানীয়লোক সকলে গাঞ্জা বেপাৰী সুনীল কুমাৰ দাসক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। কিয়নো গাঞ্জাৰ মাৰাত্মক নিচাই আজিৰ যুৱ প্ৰজন্মক ধ্বংস কৰি দিছে। গতিকে সেই মাৰাত্মক নিচাৰ বেপাৰ কৰা লোক সকল কোনোপধ্যেই ৰেহাই পাব নালাগে বুলিও ব্যক্ত কৰে স্থানীয়লোক সকলে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward