প্ৰকাশিত তাৰিখঃ ১০ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিয়কসকলক চিন্তিত কৰি তুলিছে কাতি মহীয়া এজাক বৰষুণে। উল্লেখ্য যে ৬নৱেম্বৰৰ পুৱতি নিশা অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত খেতিয়কৰ পথাৰখন পানীৰে উপচি পৰিছে।
উল্লেখ্য যে বৰষুণ জাকৰ লগে লগে বতাহ ব’লাত ধানবোৰ পথাৰত লিপিট খাই বাগৰি পৰিছে। ইয়াৰ ফলত খেতিয়কসকল যে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লাগিব সেয়া খাটাং। কিয়নো এই মুহুৰ্তত খেতিয়কৰ পথাৰখনত কোনোবাৰ ধান পকিবলৈ লৈছে, কোনোবাৰ ধানত চাউল গোটাবলৈ আৰম্ভ কৰিছে আৰু কোনোবাৰ পথাৰৰ ধানবোৰ ফুলিবলৈ লৈছেহে মাথোন। সেয়ে পকা ধানবোৰৰ অধিকাংশই গঁজালি মেলিব আৰু নতুনকৈ ফুলিব ধৰা ধানবোৰতো পতান সৃষ্টি হ’ব।
এই সন্দৰ্ভত ৰাণী অঞ্চলৰ দীনেশ নাথ, ৰমেশ দাস, জোন ৰাভা আদি কৰি একাংশ খেতিয়কে জানিবলৈ দিয়া মতে– তেওঁলোকৰ খেতিপথাৰত আৰু কেইটামান দিনৰ পিছত পকা ধান কাটিবলৈ হ’লহেতেন। কিন্তু আবতৰীয়া বৰষুণজাকে সকলোবোৰ ওলট–পালট কৰি থৈ গ’ল।
ইপিনে বৰষুণৰ ফলত অঞ্চলটোৰ খেতিয়কসকলে শীতকালীন খেতিৰ বাবে হাল বাই সাজু কৰি থোৱা পথাৰখনৰো মাটি বহি গৈছে। ৰবি শস্য আৰম্ভ কৰিবলৈ হ’লে খেতিয়কে পথাৰখনক পুনৰ নতুনকৈ প্ৰস্তুত কৰিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

