Sunday, June 22, 2025
HomeNEWSপলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা ৰাভা জাতীয় সংগঠনৰ

পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা ৰাভা জাতীয় সংগঠনৰ

প্ৰকাশিত তাৰিখঃ ৫ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰত চেটেলাইট টাউন প্ৰকল্প স্থাপনৰ বিৰোধিতা। এই সন্দৰ্ভত ৪জুনত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেলপথাৰত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত খেলপথাৰৰ পৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল যাত্ৰা কৰি আহি পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

উক্ত কাৰ্যসূচীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যসকল, নিখিল ৰাভা সন্থাৰ সভাপতি, সম্পাদক আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়া, আদিবাসী ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদ, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক মহিলা পৰিষদ, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward