Wednesday, October 23, 2024
HomeNEWSবিভিন্ন ঠাইত বিষ্ঞু ৰাভা দিৱসৰ আয়োজন

বিভিন্ন ঠাইত বিষ্ঞু ৰাভা দিৱসৰ আয়োজন

চানডুবি নিউজ ৰিপ’ৰ্ট –

কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভাই ১৯৪৮ চনত কামৰূপ জিলাৰ বকো আৰু ১৯৬৪ চনৰ গোৱালপাৰা জিলাৰ কঠাকঠি অধিবেশনত নিখিল ৰাভা জাতীয় পৰিষদৰ দুটাকৈ কাৰ্যকাল সভাপতিৰ পদ অলংকৃত কৰিছিল। সেইজন মহান ব্যক্তিৰ পবিত্ৰ সোঁৱৰণত নিখিল ৰাভা জাতীয় পৰিষদে ২০ জুনত ৰাভা দিৱসৰ আয়োজন কৰিছে। পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন চল্লি জনজাতীয় পুথিভঁৰাল প্ৰাংগনত শিলপুতা আঞ্চলিক নৱ মিলন ক্লাৱৰ সহযোগত এইবাৰৰ ৰাভা দিৱস বিভিন্ন কাৰ্যসূচীৰে আয়োজনৰ বতৰা দিছে পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু মুখ্য সম্পাদক গোবিন্দ ৰাভাই। বিষয়াদ্বয়ে জনোৱা অনুসৰি– উক্ত দিনটোৰ পুৱা পৰিষদৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভাই আৰু বন্তি প্ৰজ্বলন কৰিব বায়ু সেনা বাহিনী আৰু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ–পৰিদৰ্শক মাণিক ৰাভাই। দুপৰীয়া কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভাৰ স্মৃতিত এক আলোচনা চক্ৰত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে বিশিষ্ট আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা নৰেন্দ্ৰ কুমাৰ ৰাভাই আলোচক আৰু ৰাজনৈতিক নেতা তথা সমাজ কৰ্মী পংকজলোচন গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।

দক্ষিণ কামৰূপৰ অগ্ৰণী সাহিত্যানুষ্ঠান আমৰাঙা-বৰিহাটস্থিত নৱাৰুণ সাহিত্য সভাই আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিৰ সহযোগত ২০ জুনত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ আয়োজন কৰিছে। পশ্চিম গুৱাহাটী সমষ্টিৰ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিত আয়োজন কৰা ৰাভা দিৱসৰ পতাকা উত্তোলন কৰিব শাখাৰ সভাপতি কমলা কান্ত দাসে আৰু স্মৃতি তৰ্পণ কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ দাসে। শাখাৰ প্ৰাক্তন সভাপতি (ভাৰপ্ৰাপ্ত) উপেন্দ্ৰ নাথ ঠাকুৰীয়া আৰু আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰামচৰণ দাসে বৃক্ষৰোপন কৰিব। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিব শাখাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ দাসে। দিনৰ ১১ বজাত কমলা কান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া স্মৃতিচাৰণ সভাত মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৰকান্ত অধিকাৰী আৰু ৰাণী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন চৌধুৰীয়ে বক্তা হিচাপে উপস্থিত থাকিব শাখাৰ সম্পাদক মিতুমনি দাসে জনাইছে।

আনহাতে, ৰাণীৰ নিকটৱৰ্তী বেলগুৰিতো ৰাভা দিৱসৰ আয়োজন কৰিছে। বিভিন্ন কাৰ্যসূচীৰে বেলগুৰী পদ্মাৱতী পুথিভঁৰালৰ উদ্যোগত এইবাৰ সপ্তম বাৰ্ষিক বিষ্ঞু ৰাভা দিৱস আয়োজন কৰা বুলি উদ্‌যাপন সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward