প্ৰকাশিত তাৰিখঃ ৩ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ’ৰ
১৭৫বেটেলিয়নৰ মুখ্য কাৰ্যালয় উদ্যোগত ৩১অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়।
উল্লেখ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ–প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰী লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০সংখ্যক জন্ম দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়।
কেন্দ্ৰীয় বাহিনীটোৱে এই দিৱসৰ লগত সংগতি ৰাখি ‘একতাৰ বাবে দৌৰ’ শীৰ্ষক এক সামূহিক দৌৰৰ আয়োজন কৰে। সামূহিক দৌৰত ১৭৫ চি আৰ পি এফ বেটেলিয়নৰ ছেকেণ্ড–ইন–কমাণ্ড মুকুণ্ড মোহনকে ধৰি কেইবাজনো বিষয়া, স্থানীয় নাগৰিক আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভাগ লয়।
এই কাৰ্যসূচী সামৰণিৰ অন্তত মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি ছেকেণ্ড–ইন–কমাণ্ড মুকুণ্ড মোহনে চৰ্দাৰ বল্লভ ভাই পেটেলৰ দেশ প্ৰেম, দেশৰ প্ৰতি থকা ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

