Wednesday, October 16, 2024
HomeUncategorizedবৰিহাটত চিত্ৰাঙ্কন কৰ্মশালা সম্পন্ন

বৰিহাটত চিত্ৰাঙ্কন কৰ্মশালা সম্পন্ন

প্ৰকাশিত তাৰিখঃ ২২ জুলাই, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অগ্ৰনী সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ উদ্যোগত আৰু জ্যোতি বিষ্ণু চিত্ৰকলা কেন্দ্ৰ, বৰিহাটৰ সহযোগত ২১ জুলাইত এদিনীয়া চিত্ৰাঙ্কন কৰ্মশালা শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিল্পী প্ৰবীন শৰ্মাই পৰিচালনা কৰা এই কৰ্মশালাখন উদ্বোধন কৰে নৱাৰুণ সাহিত্য সভাৰ সদস্য তথা সংগীত শিল্পী আনন্দ দাসে।

উক্ত কৰ্মশালাত ক’ৰলা জাতীয় বিদ্যালয় বৰিহাট, হেৰামদো উচ্চ বুনিয়াদী বিদ্যালয়, চেইণ্ট জ’নচ্‌ ইংলিছ স্কুল, নবোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাট, অসম মাতৃ মজলীয়া বিদ্যালয়, বাগান, লিটিল এঞ্জেল  ইংলিছ স্কুল, উদয়াচল আদৰ্শ বিদ্যামন্দিৰ, মিৰ্জা, আঞ্চলিক হাইস্কুল, ফুলগুৰি, চেইণ্ট জ’নচ্‌ ইংলিচ স্কুল, বেৰিগাঁও, বেলি একাডেমী, বৰিহাট, জ্ঞানজ্যোতি জাতীয় বিদ্যালয়, বাগান, মাজকুছি প্ৰাথমিক বিদ্যালয়, তাতিবামা আঞ্চলিক হাইস্কুল, আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৰুণোদয় ইংলিছ মিডিয়াম স্কুল, চেইণ্ট  ক্লাৰেণ্ট কনভেণ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বৰঝাৰ, সৰস্বতী শিক্ষা নিকেতন, মিৰ্জা, দলেগাও প্ৰাথমিক বিদ্যালয়, উইচডম পাব্লিক স্কুলৰ মুঠ ৪৬গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে। কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানটোত নৱাৰুণ সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে আকাশ উপ–সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward