প্ৰকাশিত তাৰিখঃ ২৯ জুলাই, ২০২৪
কল্প ৰঞ্জন গগৈ –
কিতাপ, কাগজ, কলম– এই সকলোবোৰ আজিৰ দিনৰ অস্ত্ৰ। ভৱিষ্যতলৈ গতি কৰাৰ। কিতাপ অবিহনে গতি নাই। বিশেষকৈ ভাল কিতাপ। যিয়ে আমাৰ অভিমূখ গঢ় দিব। যিহেতু পৃথিৱীখন ইতিবাচক–নেতিবাচক এই দুয়োটা শক্তিৰ সমাহাৰ। চয়তান যিদৰে সমাজৰে এক অংগ। সেইদৰে পুথি পঢ়া আন্দোলনৰ লগে লগে ইয়াৰ বিপৰীত শক্তি এটাই কিতাপ বিৰোধী আন্দোলন ৰূপে গতি কৰি থাকে– সমাজখনক বিভ্ৰান্ত কৰি ৰাখে। (হাঁথিয়াৰ)
জ্যোতিপ্ৰসাদৰ মতে– সংস্কৃতি–দুস্কৃতিৰ সংঘাত ইতিহাসৰ লগে লগে। আজি যেনিবা সাংস্কৃতিক অৱক্ষয় অতি দ্ৰুত আৰু বলশালী। সেয়ে শংকৰে আৰম্ভ কৰি থৈ যোৱা পুথি পঢ়া আন্দোলন তীব্ৰ বাধাৰ সন্মুখীন। সেয়ে আমাৰ জাতীয় চৰিত্ৰ আক্ৰান্ত, জনতা বিভ্ৰান্ত।
কিতাপ পঢ়াৰ আন্দোলন আগবঢ়াই নিবলৈ এক সৱল কৰ্মী বাহিনীৰ প্ৰয়োজন। এই কৰ্মী বাহিনীৰ কাম হ’ব শগুণৰ দৰে পৰিৱেশ নিকাকৰণ। একে সময়তে কষষকৰ বন্ধু কেঁচুৰ দৰে মাটি খাই মাটিক সাৰুৱা কৰা উপাদন তৈয়াৰ কৰা। পৌৰ নিগমৰ কৰ্মীসকলৰ দৰে সমাজৰ তৃণমূলত থাকি পৰিস্কাৰকৰণ।
আমাৰ এটা শিক্ষা বিভাগ আছে। স্কুল–ক’লেজ–বিশ্ববিদ্যালয় আছে। কৰ্মী বাহিনী আছে– বিভিন্ন স্তৰত। এই বিশাল বাহিনীয়ে পুথি পঢ়াৰ আন্দোলনটোক গতি আৰু দিশ দিব লাগিব। মানুহ গঢ়াৰ শিক্ষাৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থা তৃণমূললৈ– প্ৰাথমিক স্তৰলৈ সম্পূৰ্ণ স্বায়ত্তশাসিত হ’ব লাগিব। শিক্ষক–শিক্ষাৰ্থী–অভিভাৱকসকলে এই স্বায়ত্তশাসনৰ পৰিচালনা কৰিব লাগিব। ওপৰ খাপত মহাবিদ্যালয়–বিশ্ববিদ্যালয় বিলাকৰ পৰিচালনা সম্পূৰ্ণৰূপে স্বতন্ত্ৰ হ’ব লাগিব।
শিক্ষাৰ মূল কাঠামো এক নিৰ্দিষ্ট গঢ়ৰ হ’ব লাগিব। দেশৰ সংবিধানখনৰ মূল বক্তব্যৰ পৰা বিচ্যুত নোহোৱাকৈ। প্ৰধান লক্ষ্য হ’ব সকলোকে জ্ঞান আহৰনৰ বাবে এক সুষম আৰু সু–সংহত পৰিৱেশ দিয়া। যাতে সকলোৱে নিজৰ ভিতৰৰ পূৰ্ণতাক বিকশাই তুলিব পাৰে। এই বিকশিত মানৱ সম্পদক দিব লাগিব উপযুক্ত সংস্থাপন (Fit man, Fit place, Fit job)। যিহেতু আমি জানো যে– Each soul is potentially divine if should be made more divine to achieve excellence।
প্ৰথমে সমাজৰ ধীমানসকলে সমাজখনক উপযুক্তভাৱে তুলা–ধূনা কৰি এক নিৰ্দিষ্ট অভিমূখ দিব লাগিব। এক সুস্থ দৰ্শন দিব লাগিব। এইক্ষেত্ৰত সমাজ উদাৰপন্থী হ’ব নালাগিব। সমাজৰ বেমাৰৰ লক্ষণবোৰ চিকিৎসা নহয়, বেমাৰৰ মূল কাৰণ নিৰ্মূল কৰিব লাগিব।
এটা কথা সকলোৱে জানিব লাগিব যে– আমাৰ সমাজখন বিকাশৰ তেনেই নিম্ন স্তৰত আছে। সেই স্তৰৰ পৰাহে সমাজখনক ঢাপে ঢাপে আগবঢ়াই নিব লাগিব।
একৈশ শতিকাৰ সমাজৰ পৰিস্থিতি, ৰাষ্ট্ৰৰ পৰিস্থিতি সকলো নতুন। মহামন্দাৰ গহ্বৰত সমাজ। সেয়ে দিশহাৰা–বিভ্ৰান্ত। এই সময়ত আমাৰ আশা নতুন পুৰুষৰ ওপৰত। বাট এৰি অবাটে নোযোৱাসকলৰ ওপৰত।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News