প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
মই কৃষি স্নাতক হৈ ১৯৮০ মাৰ্চ মাহত কৃষি বিভাগত যোগ দিও কাৰিকৰী সহায়ক (technical assistant) হিচাপে কৃষি তথ্যৰ প্ৰচাৰ শাখাত। কৃষি বিভাগৰ ছপাশালত তেতিয়াই লগ পাওঁ কেইজনমান জ্যেষ্ঠ বিষয়াক। বৰুৱা, ৰয়, ধৰ, হালদাৰ আদি যাৰ লক্ষ্য আছিল বিভাগৰ মুখ্য কাৰ্যালয় খানাপাৰাত এটা পুথিভৰাল স্থাপন কৰা। পৰ্যায়ক্ৰমে প্ৰতিখন জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ এই পুথিভৰালৰ সম্প্ৰসাৰণ কৰা। সেই সময়ত ঘৰে–পথাৰে এনে সম্প্ৰসাৰণৰ কাৰ্যসূচী চলি আছিল এটা সুন্দৰ গতিত। কৃষ্ঞকান্ত সন্দিকৈৰ দৰে পণ্ডিত প্ৰৱৰৰ ভায়েক লক্ষীকান্ত সন্দিকৈ কৃষি বিভাগৰ একালৰ সঞ্চালক হোৱা বাবেহে হয়তো এনেধৰণৰ কথাই উত্তৰসূৰীসকলৰ মনত স্থান পাইছিল।
১৯৮৬ চনৰ পিছত মই ৰাণী কৃষি উন্নয়ন চক্ৰৰ সম্প্ৰসাৰণ বিষয়া হোৱাৰ পিছৰ পৰা ২০১৮ চনৰ জানুৱাৰী মাহলৈকে মুখ্য কাৰ্যালয়ৰ মুখ নেদেখাকৈ অৱসৰ পালো। কিতাপৰ পোকটোৱে যি কামুৰিলে তাৰ পৰা আজিও মুক্তি নেপালে।
কিছুদিন আগতে এটা নতুন পোকে কামুৰিলে। অসমৰ কৃষকৰ বিকাশৰ বাবে এখন বহল ইস্তাহাৰ লাগে (Farmer Manifesto for total Agriculture and Rural Development)।
আজি একৈশ শতিকাৰ গোলকীয় সভ্যতা–অসভ্যালিৰ যুগত উত্তৰ, উত্তৰ উত্তৰ–আধুনিক, আধুনিক যুগত ১৯৯০ চনতে উত্তৰ উত্তৰ–আধুনিক যুগ পাৰ কৰি বৰ্তমানে মানৱোত্তৰ বা Post Human যুগত বাস কৰা বৈশ্য যুগ বা সাম্ৰাজ্যবাদী যুগত আমি কৃষিৰ বাদে একোৰে ওপৰত ভাৰসা কৰিব নোৱাৰো। পৃথিৱীলৈ যেতিয়া কৃষি–কৃষকৰ যুগ নামি আহিল আজিৰ পৰা দহ–বিশ হেজাৰ বছৰ আগেয়ে তেতিয়াৰ পৰাই বনৰীয়া মানুহ ঘৰচীয়া হ’ল। মাটিৰ বাবে কাজিয়া কৰিবলৈ শিকিলে আৰু কেনেকৈ মানুহৰ দৰে মানুহ হৈ পৰিল, মানুহৰ দৰে কিন্তু মানুহ নহয়, কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰিত মানুহ। বুদ্ধিমান কিন্তু হৃদয়হীন মানুহ।
কৃষক ইস্তাৰৰ দিগদৰ্শক হ’ব লাগিব কৃষি বিভাগৰ বিষয়াসকল। কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীমহল। আদৰ্শ হ’ব শংকৰদেৱ–জ্যোতিপ্ৰসাদ–বিষ্ঞুৰাভা–ভূপেনৰ সমাজবাদী–সাম্যবাদী আদৰ্শ। সমাজবাদী বাস্তৱতাৰ (Socialist Reality) অবিহনে কৃষকৰ ওচৰ চাপিব নোৱাৰিব। এই দৰ্শন অবিহনে কৃষকক সেৱা কৰাৰ সাহসিকতা অসম্ভৱ। একেদৰে জ্যোতি–বিষ্ঞুৰ আদৰ্শ অবিহনে কৃষকৰ সমবায় অসম্ভৱ। সৰ্বহাৰাৰ সৰ্বস্ব উভতাই আনিব বিচাৰিলে ড’নাল্ড ট্ৰাম্প–আম্বানী–আদানি জগত চেঠসকলৰ বৈশ্য মানসিকতা এৰিবই লাগিব। অসমৰ ৰাজনৈতিক দৰ্শন বৰ্তমানে বৈশ্য নিয়ন্ত্ৰিত। একেদৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰযন্ত্ৰ উত্তৰ ঔপনিৱেশিক (Post Colonial) যুগৰ ঔপনিৱেশিক চৰিত্ৰ প্ৰধান যি ৰাজতন্ত্ৰৰ (Monarchy) দৰে। তেনে সময়তে আমাৰ প্ৰজাগণে নিজকে গণতান্ত্ৰিক–সমাজতান্ত্ৰিক মানুহলৈ উত্তৰণ ঘটাব লাগিব।
আজিৰ সময়ৰ সুখবৰ সচেতন–সুচেতনসকলে নিজৰ শত্ৰু–মিত্ৰ চিনাক্ত কৰি বৰ্তমানৰ ভয়াৱহ সমাজ ব্যৱস্থাটো যে পৰিৱৰ্তনৰ প্ৰয়োজন তাক বুজিছে।
চতুৰ্দশ শতিকাৰ ইউৰোপীয় ৰেঁনেচা, ১৭৮৯ৰ ফৰাচী বিপ্লৱ, ১৯১৭ চনৰ ৰুছ বিপ্লৱ আৰু তাৰ পিছৰ বিশ্ব যুদ্ধ দুখনৰ লগতে গান্ধীৰ নেতৃত্বত ১৯৪৭ চনৰ ভাৰতীয় স্বাধীনতা ১৯৪৯ চনৰ বিপ্লৱোত্তৰ মহাচীন, সমাজবাদী কিউবা এইসকলোখিনি সমগ্ৰ বিশ্বৰ জনগণৰ বাবে শিক্ষাৰ সামগ্ৰী কৃষকৰ ইস্তাহাৰৰ লাখটকীয়া সম্পদ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News