Tuesday, February 4, 2025
HomeARTICLEনতুন সমাজৰ দিগ্‌দৰ্শক

নতুন সমাজৰ দিগ্‌দৰ্শক

প্ৰকাশিত তাৰিখঃ ৩ ফেব্ৰুৱাৰী, ২০২৫

কল্প ৰঞ্জন গগৈ –

২০০৭ৰ পৰা ২০০৯ খ্ৰীষ্টাব্দলৈ এই পৃথিৱীক জোকাৰি গৈছিল বিশ্বৰ সকলোতকৈ ব্যাপক অৰ্থনৈতিক সংকটে। ২০০৮ খ্ৰীষ্টাব্দৰ ১৫ চেপ্টেম্বৰৰ দিনা দেওলীয়া হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লেহমান ব্ৰাদাৰ্স। এই সংকটে ভাৰতবৰ্ষক জোকাৰি যাব পৰা নাছিল। বহুতে ভাৱে যে ইয়াৰ কৃত্ৰিত্ব দিব লাগিব মনমোহন সিং, প্ৰণৱ মুখাৰ্জী, পি চিদাম্বৰম সকলক। কিন্তু প্ৰকৃততে এই সংকটৰ পৰা ৰক্ষাকৰ্তা, বিদেশীৰ আক্ৰমণক ভেটা দিয়া ভাৰতবৰ্ষৰ সুঠাম–সৱল আৰু বিপুল কৃষিজগত– দেশৰ মেৰুদণ্ড কৃষি অৰ্থনীতি। (নতুন সমাজৰ দিগ্‌দৰ্শক)

বগা বঙালক আদৰিছিল বেপাৰী জগত চেঠৰ লগতে ক্ষত্ৰিয় মীৰজাফৰৰ বাহিনীয়ে ১৭৫৭ খ্ৰীষ্টাব্দত পলাশীৰ যুদ্ধত। তাৰ পিছত একেৰাহে ১৯৪৭ খ্ৰীষ্টাব্দ পৰ্যন্ত বগা বঙালৰ বিৰুদ্ধে থিয় দিছিল জাগ্ৰত হালোৱা বাহিনীয়ে শেষ যুদ্ধৰ আমি ৰণুৱা বিশ্বৰ হালোৱা বনুৱা বিষ্ঞু ৰাভাই কৈছিল। সেয়ে আজি দেশৰ সাৰ্বভৌমত্বৰ বাবে যুদ্ধ কৰি আছে আমাৰ খেতিয়কসকলে।

আজি বৈশ্য যুগৰ চৰম পতনৰ কাল। ১৭৫৭ খ্ৰীষ্টাব্দৰ ২৩ জুন তাৰিখে ক্ষমতা আজুৰি লৈছিল ক্ষত্ৰিয় চিৰাজ–উ–দৌল্লাৰ পৰা। তাৰ পিছত বৈশ্য ইংৰাজৰ সহযোগী বৈশ্য ভাৰতীয় জগত চেঠৰ বাহিনী।

১৮২৬ খ্ৰীষ্টাব্দত মান–ক্ষত্ৰিয়ৰ পৰা ইংৰাজ বৈশ্য বাহিনীৰ দ্বাৰ অসম দখল–আহোমৰ অজ্ঞাতে। এই বগা বঙালৰ বাহিনীক খ্ৰীষ্টাব্দত অসমলৈ আনিছিল ইয়াৰ ডাঙৰীয়া গৌৰীনাথে– ইয়াৰ হালোৱা প্ৰজাৰ বিৰুদ্ধে। তেনেকৈয়ে বৈশ্যৰ হাতৰ মুঠিলৈ দেশখন গ’লগৈ আৰু ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা স্থায়ীভাৱে দেশৰ দখল বগা বঙাল বৈশ্যৰ হাতলৈ গ’ল। ১৭৯৩ খ্ৰীষ্টাব্দৰ বাণিজ্য চুক্তিৰ পিছৰ পৰাই ১৮২৬ খ্ৰীষ্টাব্দৰ সম্পূৰ্ণ বেদখলৰ সময়লৈকে। তাৰ পৰা বিভক্ত কৰি এৰি থৈ যোৱালৈকে কেনেদৰে ভাঙি থানবান কৰি অথবা নিজৰ দৰে বিনিৰ্মাণ কৰি থৈ যোৱালৈকে ঘটনাৱলী পুনৰ নিৰ্মাণ কৰিলে। কথাবোৰৰ একাংশ বুজিব পৰা যাব আৰু বৰ্তমানৰ সংঘাত চন্দবোৰৰ কথাও বুজিব পৰা যাব।

ইতিহাসৰ চালিকা শক্তি হৈছে দেশৰ জনগণ। বিশ্বৰ সংকটৰ সময়ত ভাৰতবৰ্ষৰ মেৰুদণ্ড হালোৱা–বনুৱা সকলেহে দেশখনক সুস্থিৰ কৰি ৰাখিছিল আৰু আজিও ৰাখিছে। মহাকাব্যৰ শ্ৰীকৃষ্ঞ আছিল গোৱালৰ ঘৰৰ আৰু বলোৰাম হলধৰ। ব্যাসকলৰ কল্পনা আৰু তাৰ পৰা প্ৰকাশ পোৱা মহাভাৰতীয় মহাকাব্যত থকা কথাবোৰ আজিৰ পুৰুষে বুজিবলৈ চেষ্টা কৰিব লাগিব। যুদ্ধৰ মাজৰ পৰা সৃষ্টি হোৱা শ্ৰীমদভাগৱত গীতাৰ অৰ্জুন বিষাদ যোগৰ পৰা আৰম্ভ কৰি অষ্টাদশ অধ্যায়লৈকে আৰু লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীমদ্ভাগৱত বৈজ্ঞানিক দৃষ্টি ভংগীৰে বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰিলেহে বিশ্বৰ নেতা শ্ৰীকৃষ্ঞৰ লগতে এই কৃষ্টিক তুলিধৰা বিপ্লৱী মণিষা শ্ৰীমন্ত শংকৰদেৱক বুজা সম্ভৱ।

স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈছিল– ধৰ্ম হৈছে মানুহৰ অভ্যন্তৰত থকা দেৱত্ব (Divinity) প্ৰকাশ বা বিকাশৰ আহিলা। আনহাতে শিক্ষা হৈছে মানুহৰ অভ্যন্তৰত থকা পূৰ্ণতা (Perfection) প্ৰকাশ বা বিকাশৰ আহিলা। পৃথিৱীৰ ভৱিষ্যত হ’ব পূৰ্ণ বিকশিত নাৰী আৰু শূদ্ৰৰ দ্বাৰা পৰিচালিত শ্ৰীমন্ত শংকৰদেৱে কোৱা– কুক্কৰ–শৃগাল–গৰ্দভ আৰু মানুহৰ অবিভক্ত সত্বাৰ বিশ্ব ভগৱন্ত বুদ্ধই কোৱা জ্ঞানৰ দ্বাৰা পৰিচালিত শ্ৰীকৃষ্ঞৰ গোৱাল আৰু হলধৰ বলোৰামৰ পৃথিৱী।

ৰামকৃষ্ঞ পৰমহংসই তুলি ধৰিছিল পুৰুষ ঈশ্বৰ কিন্তু এই পুৰুষৰ সক্ৰিয় ৰূপটো হৈছে মাতৃ। আজি কিন্তু বিশ্বৰ মাতৃশক্তি পুৰুষৰ পদদলিত।

আধুনিক সমাজ বিদ্যাৰ মতে কৃষিৰ আৱিস্কাৰক নাৰী গৰাকীহে। ইতিহাসে নাৰীক বন্ধী কৰি পুৰুষক দাসী কৰিলে। এই দাসত্বৰ পৰা মুক্তি হ’লেহে কৃষক–শ্ৰমিকৰ মুক্তি সম্ভৱ আৰু বিশ্বৰ নতুন ইতিহাস ৰচনাও হ’ব। নিঃসন্দেহে ক’ব পাৰি ভাৰতবৰ্ষৰ সুঠাম কৃষক বাহিনীয়েহে প্ৰাক্‌ঔপনিৱেশিক যুগত দেশখনৰ অৰ্থনীতি ধৰি ৰখিছিল। ভাৰতবৰ্ষ তথা অসমৰ ভিতৰতে প্ৰথম ফুলগুৰিৰ ধেৱা ১৮৬১ চনৰ এক উল্লেখযোগ্য কৃষক বিদ্ৰোহ। অসমৰ কৃষক বিদ্ৰোহ কেইটা আছিল প্ৰকৃত উপনিৱেশ বিৰোধী জাগৰণ। সেয়েহে ক’ব পাৰি যে ভাৰতবৰ্ষৰ কৃষকৰ মুক্তি নোহোৱা পৰ্যন্ত ইয়াৰ সংবিধানখনৰ প্ৰতিশ্ৰুতি সাৰ্বভৌম, ধৰ্মনিৰপেক্ষ, সমাজবাদী, গণতান্ত্ৰিক গণৰাজ্য অসম্পূৰ্ণ হৈ থাকিব।

একৈশ শতিকাৰ স্বাধীন ভাৰতবৰ্ষত ৭৫শতাংশ ৰাইজ গাঁৱলীয়া কৃষিজীৱি। ধাৰ কৰা নীতিৰ বিপৰীতে ইয়াৰ স্থানীয় কিন্তু উন্নত বিজ্ঞানসন্মত নীতিৰ আধাৰত বিকাশৰ ইস্তাহাৰ (Manifesto) প্ৰস্তুত কৰিব লাগিব দেশৰ সংবিধানখনৰ প্ৰস্তাৱনাৰ (Preamble) প্ৰতিশ্ৰুতিৰ সাকাৰ ৰূপ দিবলৈ।

বুদ্ধদেৱৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিতি নালান্দা–তক্ষশীলা–বিক্ৰমশিলাৰ শিক্ষাই কেৱল ভাৰতবৰ্ষকে নহয় সমগ্ৰ বিশ্বৰ বাবে হ’ব লাগিব ৰাজনীতি–অৰ্থনীতি–সংস্কৃতিৰ দিগদৰ্শক। দেশৰ ৭৫ শতাংশ কৃষকে এই অনুশীলন কৰিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward