প্ৰকাশিত তাৰিখঃ ১৭ মাৰ্চ, ২০২৫
কল্প ৰঞ্জন গগৈ –
বগা বঙালে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনাই অসমীয়াৰ মাটিৰ অধিকাৰ কাঢ়ি লৈ জাতিটোৰ অহংকাৰ থানবান কৰি থৈ গ’ল। সেই দিন ধৰি জাতি একত্ৰিত হৈ মোগলক ভেটাৰ দৰে মহাসংঘ গঢ়ি ঐক্যৱদ্ধ হ’বলৈ পৰা নাই। সমস্যাৰ অনুভৱ সকলোৱে কৰিলেও সমাধানৰ বাবে সফল প্ৰচেষ্টা চলাব পৰা নাই।
মাটিৰ অধিকাৰ মানে হলধৰ সকলৰ শস্য উৎপাদনৰ ক্ষেত্ৰখনৰ লগতে বজাৰখনৰ অধিকাৰ। ইয়াণ্ডাবু সন্ধিৰ আজি দুশ বছৰ হ’বগৈ। ই আছিল ক’লা দিন– জাতিৰ সাৰ্বভৌমত্ব হেৰুৱাৰ দিন, জাতিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ দিন। জগৰীয়া চৰিত্ৰৰ ঠাই ল’লে তৰাং ল’ৰামতীয়া চৰিত্ৰই। জাতীয় নায়কসকলে দি থৈ যোৱা আধ্যাত্মিক ৰাজনৈতিক আৰু বৌদ্ধিক জাগৰণৰ উপায় আজি লুপ্তপ্ৰায়। অথচ চকু মেলিলেই স্পষ্ট হৈ পৰে আমাৰ আধ্যাত্মিক, ৰাজনৈতিক আৰু অৱশেষত বৌদ্ধি বিনাশ।
বেপ্টিষ্ট মিচনাৰীসকলৰ চেষ্টাত পুনৰ নিজৰ স্থান দখল কৰা মাতৃভাষা আজি এক স্থৱিৰ পৰ্যায়ত ৰৈ আছে।
ঠিক তেনে সময়তে কৃষি আৰু গ্ৰাম্য বিকাশৰ বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ দৰে তৃতীয় বিশ্বৰ নিম্ন মধ্যবিত্তৰ দেশ এখনত নতুন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে মহাসংঘ গঢ়ি জনগণৰ পক্ষত থকাসকলে আন্দোলন কৰিব লাগিব। যিহেতু আন্দোলনটোৰ লক্ষ্য হৈছে মাটিৰ অধিকাৰ সেয়ে কৃষকসকলেই এই আন্দোলনৰ লাইখুঁটা হ’ব লাগিব। লগে লগে সম্প্ৰসাৰিত হ’ব লাগিব কৃষকৰ কৃষ্টি–সংস্কৃতি।
সেয়ে ১৮২৬ চনৰ জাতিৰ অহংকাৰ হেৰুৱাৰ দিন হ’ব লাগিব থলগিৰীৰ সম্প্ৰীতিৰ দিন।
স্বামী বিবেকানন্দৰ মতে (১৮৬৩–১৯০২) ভাৰতবৰ্ষ মেৰুদণ্ড হৈছে আধ্যাত্মিকতা যাৰ প্ৰকাশৰ বাহন হৈছে ধৰ্ম। বুদ্ধই আৰম্ভ কৰা এই যাত্ৰাৰ ফলাফল হৈছে বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় নালান্দা। কিন্তু ইতিহাসৰ নিৰ্মম পৰিহাস– ইউৰোপ জাগৰিত হোৱাৰ সময়ত ভাৰতবৰ্ষ নিদ্ৰাদেৱীৰ কোলাত। সেই টোপনিতে সৃষ্টি হ’ল কঠোৰ বৰ্ণাশ্ৰম। যাৰ ফলত সমাজৰ গৰিষ্ঠ সংখ্যক লোক সমাজৰ পৰাই বিতাৰিত হ’ল আৰু সমাজখন থানবান হ’ল। এনে সময়তে বেপাৰ কৰিবলৈ ব্ৰিটিছ শক্তিৰ আগমণ আৰু খণ্ডিত সমাজৰ পুনৰ থানবান কৰি বেপাৰ আৰু শাসন।
২৩ জুন ১৭৫৭ চন সমগ্ৰ ভাৰতবাসীৰ বাবে ক’লাদিন। কাৰণ পলাশীৰ ৰণৰ পিচৰে পৰা ভাৰতবৰ্ষ মুখামুখি হ’ল এক পচনশীল–পতনশীল অপসংস্কৃতিৰ লগত। মান–সম্ভ্ৰম ক্ষয়প্ৰাপ্ত হ’ল। এই অৱস্থাৰ এশ বছৰৰ পাছত সৈনিক সকলৰ নেতৃত্বত মহাসংঘৰ সৃষ্টি হ’ল জাতিৰ অহংকাৰ ঘূৰাই পাবলৈ। এই জাগৰণে ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিক নতুন ধৰণে চিন্তা কৰি নতুন ৰণকৌশল প্ৰস্তুত বাধ্য কৰিলে। তাৰেই ফল হ’ল ধৰ্মৰ নামত বিভক্ত ভাৰতবৰ্ষ।
স্বামী বিবেকানন্দৰ মতে ইউৰোপৰ পাঁচজন গোট খালে প্ৰস্তুতি চলাই Joint Stock Company গঠন কৰিবলৈ। অৰ্থনৈতিক লক্ষ্যই তেওঁলোকক জাগৰিত কৰে। ভাৰতবাসী জাগৰিত হয় নিজৰ পূণ্য অৰ্জনৰ বাবে। ফলস্বৰূপে যুক্তিমূলক আৰু বৌদ্ধিক জাগৰণৰ চিন্তাৰ অপমৃত্যু ঘটে। আজি একৈশ শতিকাত ই অধিক প্ৰকট।
১২শতিকালৈ ভাৰত বিশ্বৰ ভিতৰতে ধনী আৰু সম্ভ্ৰান্ত দেশ আছিল। ১৮ শতিকাত ব্ৰিটিছৰ দখলৰ পৰা দেশখন হৈ পৰিল বিশ্বৰ দৰিদ্ৰতম দেশ (One of the Poorest Nation of the World)। ভাৰতৰ্ষৰ নৱজাগৰণৰ বাবে প্ৰথমে লাগিব ধাৰণা (Idea) আৰু ইয়াৰ সফল প্ৰয়োগৰ সহায়ত প্ৰান্তিক আৰু দূৰ্বল জনগণক জগাব লাগিব (Uplift of Marginalised People)। উপযুক্ত শিক্ষাৰ সহায়তহে ই সম্ভৱ। অহা দহ বছৰ এটা সম্পূৰ্ণ দশকৰ লক্ষ্য হ’ব সমাজৰ গুণগত বিকাশ (Qualitative Transformation of the Nation)।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News