প্ৰকাশিত তাৰিখঃ ১৪ জুলাই, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰ আৰু পলাশবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়কগৰাকীৰ উপৰহালীস্থিত কাৰ্যালয়ৰ পৰা ১কিলোমিটাৰ আঁতৰৰ এখন গাঁও দখলা কল’নি। প্ৰায় ৪০০টা পৰিয়াল বসবাস কৰা দখলা কল’নি গাঁওখন নাৰদপাৰা, কুকুৰীয়া, কলিতাপাৰা আৰু ভোলাপাৰা এই চাৰিখন পাৰা লগলাগি গঠন হৈছে। ঘন জনবসতিৰে পৰিপূৰ্ণ দখলা কল’নি গাঁওখন চহৰীয়া সভ্যতাৰ মাজত অৱস্থিত যদিও মানুহখিনিয়ে দশক দশক ধৰি নাৰক যন্ত্ৰণা ভোগ কৰি আহিছে। আজি গাঁওখনৰ মানুহখিনি মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ আহিছে। বিশেষকৈ খোৱপানীৰ ক্ষেত্ৰত। লগতে অন্যান্য চৰকাৰী কল্যাণমূলক সা–সুবিধাৰ পৰাও বঞ্চিত হৈ অহাৰ অভিযোগ তুলিছে গাঁওখনৰলোক সকলে।
যিহেতু দখলা পাহাৰখনৰ আশে–পাশে এই গাঁওখন অৱস্থিত, সেয়ে খোৱাপানীৰ বাবে দমকল বহুৱাব নোৱাৰে। শিলৰ কাৰণে বহু দ’কৈ কেঁচাকুৱাও খান্দিব নোৱাৰে আৰু খান্দিলেও পানী সহজতে পোৱা নাযায়। ইপিনে বহু টকা খৰচ কৰি পৰিয়ালসকলে পকীকুঁৱা অথবা ব’ৰিং নিৰ্মাণ কৰিব পৰা সামৰ্থও নাই। খোৱাপানী আহৰণৰ বাবে অতি কম সংখ্যক ৰাজহুৱা পকীকুঁৱা আছে যদিও সেই পানীও খোৱাৰ বাবে উপযোগী নহয়।
গাঁওখনৰ এগৰাকী মহিলাই কয়– ‘গা–ধোৱা, বাচন–বৰ্তন, কাপোৰ–কানি ধোৱাৰ বাবে আমি ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী সংগ্ৰহ কৰো। বাকী খোৱাৰ কাৰণে আমি পানী কিনিবলগা হয়। কাৰণ নদীৰ অপৰিস্কাৰ পানী খালেই আমাক সহজেই বেমাৰ–আজাৰে আক্ৰমণ কৰে। কিন্তু আমাতকৈও আৰু বহু দুখীয়া পৰিয়াল আছে, যিসকলে ব্ৰহ্মপুত্ৰৰ পানী নাখালে অন্য উপায় নাই।’
গাঁওখনৰ এগৰাকীলোক বলেন চন্দ্ৰ দাসে (৫৫) কয়– ‘আমি সৰু থাকোতে দখলা পাহাৰখনত এটি নিজৰা আছিল। বাৰ মাহে পানী বৈ থকা সেই নিজৰাটোৰ পৰাই আমাৰ গাঁওখনৰ মানুহে খোৱাপানী আহৰণ কৰিছিল। অঞ্চলটোত কংক্ৰীটৰ উন্নয়ন সম্প্ৰসাৰণ ঘটাৰ লগে লগে পাহাৰখনৰ সেই নিজৰাটো একেবাৰে শুকাই গ’ল। এতিয়া কেঁচাকুঁৱাৰ পানী খাও। কিন্তু খৰালিকালত এই কুঁৱাটোও শুকাই যায়। সেয়ে বেলেগৰ কুঁৱাৰপৰা খোৱাপানী সংগ্ৰহ কৰিবলগীয়া হয়। ইপিনে অন্যৰ কুঁৱাৰপৰা খোৱাপানী সংগ্ৰহ কৰাৰ সময়ত মাজে মাজে সেই পৰিয়ালটোৰ কটু কথাও শুনিবলগীয়া হয়।’
গাঁওখনৰ যুৱক জিতুমণি দাসে কয়– ‘আমাৰ গাঁওখনৰ মূল সমস্যা হৈছে খোৱাপানীৰ। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে পানীৰ তীব্ৰ নাটনিয়ে দেখা দিয়ে। গাঁওখনত কেইটামান পকীকুঁৱা আছে, যদিও বৰ্তমান তাৰ পানী যিকোনো কামত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। যোৱা বৰ্ষত গাঁও পঞ্চায়তে এটা ব’ৰিং বহুৱাই দিছে, কিন্তু সকলো সময়তে পানী পোৱা নাযায়। তদুপৰি গাঁওখনৰ সকলো লোকে সেই সুবিধা লাভ কৰিবলৈও সক্ষম হোৱা নাই।’
উল্লেখযোগ্য যে বিজেপি চৰকাৰে ‘হৰ ঘৰ জল’ নীতি সাৰোগত কৰি জলজীৱন মিছন আৰম্ভ কৰিছিল। এই মিছনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল। জলজীৱন মিছনৰ প্ৰতিটো কেন্দ্ৰৰ বাবে শ শ কোটি টকা খৰচ কৰি ৰাজ্যখনত পানী সংৰক্ষণ আৰু বিতৰণ কেন্দ্ৰ সমূহ স্থাপনো কৰিলে। কিন্তু ৰাইজে হ’লে খোৱপানী টুপি নাপালে– এয়া সমগ্ৰ অসমৰ জলজীৱন মিছনৰ এখন চিনাকী ছবি।
দখলাপাহাৰৰ ওপৰতো জলজীৱন মিছনৰ পানী সংৰক্ষণ আৰু বিতৰণ কেন্দ্ৰ এটা নিৰ্মাণ কৰিছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে যদিও ৰাইজে আজিলৈকে খোৱাপানীৰ সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ উৎকৃষ্ট উদাহৰণ দখলা কল’নি গাঁওখন। গাঁওখনে জলজীৱন মিছনৰ যোগেৰে নিৰ্মল পানী লাভ কৰা দূৰৈৰ কথা, আনকি পানী বিতৰণৰ বাবে পাইপেই বহুওৱা নাই।
গাঁওবাসীৰ অভিযোগ– নিৰ্বাচনৰ আগমুহুৰ্তত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মিঠা মিঠা প্ৰতিশ্ৰুতি দিবলৈ আহে। কিন্তু নিৰ্বাচনৰ পাছৰ পৰ্যায়ত কোনেও আমাৰ ফালে ঘুৰি নাচায়। বৰ্তমানৰ বিজেপি দলৰ বিধায়কগৰাকীক বহুবাৰ আবেদন–নিবেদন কৰিছো আমাৰ গাঁওখনৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ। তেওঁ আমাৰ সমস্যাবোৰ সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু আমি হ’লে এতিয়াও নদী, কুৱাৰ পানী খায়েই জীৱন নিৰ্বাহ কৰি আহিছো।
শিৰোনামৰ ফটোঃ নৱজিত শৰ্মা