প্ৰকাশিত তাৰিখঃ ৮ চেপ্টেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
৬ চেপ্টেম্বৰ আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। এই দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰিস্থিত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰে আন্ধেৰিজুলীৰ কাৰমেল স্কুল প্ৰেক্ষাগৃহত উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। কাৰ্যসূচী অনুসৰি সজাগতা সভাত দৃশ্যশ্ৰাৱ্য মাধ্যমেৰে শগুন সংৰক্ষণ সম্পৰ্কত বিভিন্ন দিশ প্ৰদৰ্শনৰ দিহা কৰে। লগতে অতিথি আৰু শগুন সংৰক্ষণৰ দিশত বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱালোক সকলক সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণ কৰে।
সভাত ৰাণী, কুলশী আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ক্ৰমে– ৰ’জী বৰ্মন, কংকন জ্যোতি কৌশিক আৰু নয়নজ্যোতি দাস লগতে পৰিৱেশ বিজ্ঞানী আৰু সাংবাদিক সোণত চক্ৰবৰ্তী, কাৰমেল স্কুল অধ্যক্ষ লাভিনা ডিচুজা মুখ্য অতিথি ৰূপে উপস্থিত থাকে।
আনহাতে অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীৰ অসম বন বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত ৰাণীৰ বিক্ৰমপুৰ গাঁৱতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস।
উক্ত সভাৰ কাৰ্যসূচীৰ অংশ হিচাপে বিক্ৰমপুৰৰ পৰা নালাপাৰালৈকে পথৰ কাষত গছপুলি ৰোপণৰ লগতে বিতৰণো কৰে।
আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱসত উপস্থিত থাকি অসম বন বিদ্যালয়ৰ সঞ্চালক ডিম্পী বৰাই কয়– ‘বিগত বছৰবোৰত শগুনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে৷ মূলতঃ কামৰূপ জিলাত বিষক্ৰিয়াৰ ঘটনা আৰু প্ৰাকৃতিক বাসস্থান হেৰুৱাবলগীয়া পৰিস্থিতিৰ বাবে এনে হৈছে। বালিপাৰা ফাউণ্ডেচনৰ সহযোগত কৰি অহা শগুনৰ বাসস্থান পুনৰুদ্ধাৰ আৰু সংৰক্ষণত ইতিবাচক ভূমিকা ল’ব।
ইফালে– বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা খণ্ড বন বিষয়া ৰঞ্জিত বৰঠাকুৰে কয়– ‘পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত শগুনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শগুণ প্ৰকৃতিৰ ৰক্ষক, আমাৰ গ্ৰহত ভাৰসাম্য ঘূৰাই অনা ভেঁকুৰ৷ সেয়ে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত মিলাপ্ৰীতিৰে সহাৱস্থান কৰাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিব লাগিব।’
বিক্ৰমপুৰৰ চৰকাৰী গাঁও প্ৰধান ধৰ্মেন্দ্ৰ ৰাভাই এই পদক্ষেপৰ বাবে অসম বন বিভাগ আৰু বালিপাৰা ফাউণ্ডেচনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিশেষকৈ শিমলু গছৰ পুলি ৰোপণে শগুনৰ বাসস্থান তথা বংশবৃদ্ধিত সহায় কৰিব বুলিও তেওঁ ব্যক্ত কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ