প্ৰকাশিত তাৰিখঃ ১৩ অক্টোবৰ, ২০২৫
কল্প ৰঞ্জন গগৈ –
মহা উপন্যাস The Maha Novel মহাভাৰতত যি আছে সকলোবোৰ এই দেশতে আছে। তাত থকা সকলো কথা ন্যায় বা অন্যায়, বৈধ বা অবৈধ সকলোবোৰৰ প্ৰতি ৰাষ্ট্ৰৰ অনুমোদন আছিল। মহাঋষিৰ কথা শিলৰ ৰেখা। বাক্য লৰচৰ কৰিলেই অভিশাপ। সেয়ে কুন্তি কাণ্ড মহাৰথীৰ জন্ম। সূতপুত্ৰ ৰূপে চিনাকী দুৰ্যোধনৰ দ্বাৰাহে স্বীকৃতি।
কুন্তিপুত্ৰ বাকী পাঁচজন ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যদিও বলৱান ৰাষ্ট্ৰই তেওঁলোকৰ অধিকাৰ কাঢ়ি লোৱাৰ পিচত মহাযুদ্ধ ফলত অলেখ সৈন্যৰ মৃত্যু। এফালে দুৰ্যোধনৰ দল– মাটিৰ অধিকাৰৰ বাবে যুদ্ধ। আনফালে কুৰু বংশৰ অধিকাৰ।
জুৱা খেলাৰ বাবে ৰাষ্ট্ৰৰ অনুমোদন আৰু সেয়ে যুধিষ্ঠিৰৰ দল বনাম দুৰ্যোধন। কৰ্ণৰ দলৰ মাজত বৈধ জুৱাখেল– বৈধ পণ। সেইদৰে ৰাষ্ট্ৰৰ অনুমোদনত দ্ৰৌপদীৰ ধৰ্ষণ– নাঙঠকৰন। ভীষ্ম–দ্ৰোণ–মহাগুৰুসকলৰ অনুমোদন মহা–উপন্যাসৰ Master Novel পাতে পাতে–সমগ্ৰ দেশখনৰেই ছবি।
সাধাৰণ ব্যাধৰ সন্তান শিক্ষা গ্ৰহণৰ অধিকাৰৰ বাবে অনুমোদন নাই। অনুমোদন আছে আঙুলি কঢ়াৰ।
জ্ঞান মানে অস্ত্ৰ শিক্ষাহে। উপন্যাসত আন শিক্ষাৰ স্থান নাই। জ্ঞানৰ কোনো কথাই নাই। অথচ মহাযুদ্ধৰ মুখামুখি হৈ অৰ্জুনে প্ৰশ্ন কৰোতে পুৰুষোত্তম কৃষ্ঞৰ বক্তব্যত জ্ঞান যোগ, ভক্তিযোগ, কৰ্মযোগ, ৰাজযোগৰ কথা থাকিলেও সেই সময়ৰ কৰ্ম–যুদ্ধ–শত্ৰু নিধন অথবা নিজৰ শৰীৰ পতন–প্ৰয়োজন নতুন পৃথিৱী গঢ়াৰ বাবে। সেয়ে আজিৰ একৈশ শতিকাৰ মানুহৰ বাবে অস্ত্ৰই হৈছে একমাত্ৰ অনুমোদিত সামগ্ৰী Approved Primary implement and War the only approved work/ task।
প্ৰশ্ন হৈছে অস্ত্ৰ বা যুদ্ধ কিহৰ সংৰক্ষণৰ বাবে, কাৰ লাভৰ বাবে? ‘মই’ আৰু ‘মোৰ’ ইয়াৰ বাহিৰে ‘আমি’ ‘আমাৰ’ পৃথিৱীৰ ‘মানুহৰ’ এই কথাবোৰ অস্ত্ৰৰ ক্ষেত্ৰত নেখাটে। যদিও– মৃত্যুবৰণ কৰা, নিধন হোৱা, ধ্বংস হোৱা সকলোবোৰ সাধাৰণ ঘৰৰ মাটিৰ মানুহ। যুদ্ধ মানেই হৈছে ডা–ডাঙৰীয়াৰ বীৰত্ব কিন্তু মাটিৰ মানুহৰ আত্মত্যাগ।
এই আদিম বৰ্বৰতা– মহাসভ্যতাক(?) প্ৰশ্ন কৰি নাকচ কৰি নতুন সভ্যতা গঢ়াৰ আহ্বান দিছিল মাটিৰ মানুহ বুদ্ধই। তেৱেই আহ্বান দিছিল প্ৰকৃত জ্ঞান অৰ্জনৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে আহ্বান দিছিল জ্ঞানৰ অৰ্জনৰ বাবে সংঘ গঢ়াৰ কথা আৰু তাক সঠিকভাৱে বাস্তৱায়িত কৰিবলৈ নীতিৰ কথা। বুদ্ধৰ যুগৰ পৰাহে আৰম্ভ হৈছিল প্ৰকৃত ব্ৰাহ্মণৰ যুগ। জ্ঞানৰ যুগ। লগে লগে আৰু অৱধাৰিতভাৱে নাকচ হ’ল মহাউপন্যাসৰ সত্যবোৰ। প্ৰশ্ন কৰা আৰম্ভ হ’ল।
আজি এই নাকচ হোৱা সত্যবোৰ পুনৰ উভতি আহি সমাজখনক বোকাময় কৰি তুলিছে। জুৱাৰ পৰা আৰম্ভ কৰি বস্ত্ৰহৰণৰ পৰা ধৰ্ষণলৈ উভতি আহিছে। দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাৰ বাবে কৌৰৱসকল যেনেদৰে উৎফুল্লিত আজিও সেইদৰে অনৈতিক বুলি নিন্দিত নহয়। জুৱা, পাশা, পণ ৰখা একোৱেই নিন্দিত বুলি সমাজে স্বীকাৰ কৰা নাই। আজি একৈশ শতিকাৰ বিশ্বৰ ঘটনাৱলীৰ বাতৰিবোৰ ইয়াৰ প্ৰমাণ। ৰোগৰ বিষয়ে বৰ্ণনা আছে কিন্তু ৰোগৰ প্ৰকৃত কাৰণৰ অনুসন্ধান ক’তোৱেই নাই। ফলস্বৰূপে ঘটনাবোৰৰ বাবে কোনোৱেই চিন্তিত নহয়। একপ্ৰকাৰ সমাজৰ নিয়ম বুলিয়েই বিদ্বৎ সমাজে মানি লৈছে। আপোচ কৰিবলৈ সদা সাজু।
সেয়ে আজিৰ সামাজিক অসাম্য, লোভ–লালসা, ঠগবাজীৰ পৰা আৰম্ভ কৰি সকলো অসভ্য, অবৈধ, অনৈতিক কামবোৰৰ অনুমোদন আমাৰ বিদ্বৎ সমাজেই কৰি আছে। আমাৰ সদিচ্ছাবাদী জনগণ, খং ৰাগ ক্ষোভ আৱেগত বৰ্তমানৰ অনিয়মবোৰৰ বিৰুদ্ধে ফাটি পৰিলেও বিদ্বৎ বুদ্ধিজীৱিসকলে ইয়াক উদ্দেশ্যবিহীন কৰি পেলাইছে।
গোলকীয় অসভ্যালি, অসুৰৰ সভ্যতাই আজি সমগ্ৰ বিশ্বক ছানি ধৰিছে। মানৱোত্তৰ সভ্যতাই Past Human Civilization নতুন প্ৰজন্মক এক বেহুত ধৰি ৰাখিছে। মৃত্যুবৰণ কৰিব তাহানিৰ অভিমন্যুৰ দৰে যদিহে বেহুভেদ কৰিব নোৱাৰে। এই বেহুখনৰ অনুমোদনো ভীষ্ম, দ্ৰোণসকলে কৰি থৈছে বাবে কোনোধৰণৰ অনিয়মৰ বাবে বিচলিত নহয় আজিৰ মানুহ।
এনেধৰণৰ অনুমোদনৰ বাবে আমাৰ নতুন সকল বিভ্ৰান্ত। সঠিক চিন্তা আৰু দৰ্শনৰ অভাৱত দিগভ্ৰান্ত, ভৱিষ্যত অনিশ্চিত বাবে প্ৰতিক্ৰিয়াও বেঠিক। তাৰ মাজতে আমাৰ দৰে এমুঠি অবিচলিত নাগৰিকে আহ্বান দিছো। বৰ্তমানৰ বিজ্ঞাপনে সৃষ্টি কৰা মনোবিকাৰৰ পৰা মুক্ত হৈ ক’ব লাগিব। এই শতিকাতে বিশ্বৰ মানুহৰ মুক্তি হওক। অসাম্যক আমি অনুমোদন দিব নোৱাৰো।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ