Tuesday, December 2, 2025
HomeNEWSশিকাৰহাটীত মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস পালন

শিকাৰহাটীত মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস পালন

প্ৰকাশিত তাৰিখঃ ১ ডিচেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৱাৰুণ সাহিত্য সভাৰ আমৰাঙা-বৰিহাটৰ সহযোগত ২৯ নৱেম্বৰত জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসটি শিকাৰহাটী আঞ্চলিক হাইস্কুলত উদযাপন কৰা হয়।এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ সভাপতি উপেন্দ্ৰ নাথ ঠাকুৰীয়াই, বন্তি প্রজ্বলন কৰে প্রাক্তন সভাপতি হৰমোহন দাসে, স্মৃতি তর্পণ কৰে কামৰূপ জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰমেশ চন্দ্র মেধি আৰু শিকাৰহাটী আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত শৈক্ষিক প্ৰধান হেমন্ত কুমাৰ কলিতাই।

মামণি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে অসম বাৰ্তাজীবী সংঘৰ সভাপতি মধুসূদন মেধিয়ে।

গছপুলি ৰোপণ কৰে কামৰূপ জিলা পৰিষদৰ ছয়ানী–ৰাণীৰ সদস্যা তগৰলতা দাস কলিতা আৰু আমৰাঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী অর্চনা শইকীয়াই।

দুপৰীয়া ‘মামণি ৰয়ছম গোস্বামীৰ লিখনিত নিপীড়িত নাৰীৰ প্রতিচ্ছবি ‘শীর্ষক এখনি আলোচনা চক্র কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ গণেশ্বৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়।অনুষ্ঠান মুকলি কৰে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ কামৰূপ জিলা প্রতিনিধি অজিত প্রসাদ শর্মাই। উক্ত সভাত মুল আলোচক হিচাপে উপস্থিত থাকে নৱাৰণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ প্ৰাক্তন সভাপতি কিৰণ কলিতাই।

অনুষ্ঠানত নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া, আকাশ উপ–সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে বুলি জনাইছে কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ আৰু নৱাৰুণ সাহিত্য সভাৰ সম্পাদক মিতুমনি দাসে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward