প্ৰকাশিত তাৰিখঃ ১৩ জুলাই, ২০২০
খণ্ড দহ
সীমান্ত কাকতি –
অনুপমাই ইউৰোপৰ ইতিহাসৰ ঘটনা পৰিঘটনাৰে সমাজৰ বিবৰ্তনৰ ৰূপটো অধ্যয়ন কৰি বেছ সুন্দৰকৈ বুজি পালে, গণতন্ত্ৰই মানুহৰ স্বাধীনতা, সমতাৰ অধিকাৰ প্ৰতিষ্ঠা কৰিলেও মানুহৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কৰোবাত যেন উজুতি খাইছে। কাৰণ ইয়াত ভোটাধিকাৰ বা বাক্স্বাধীনতা দি মানুহৰ অৰ্থনৈতিক অধিকাৰক অস্বীকাৰ কৰাহে দেখা যায়। সেয়ে ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত গণতন্ত্ৰৰ বিফলতা তাতেই প্ৰকাশ পায়। মানুহৰ অৰ্থনৈতিক অধিকাৰ উজ্জীৱিত নহ’লে গণতন্ত্ৰৰ অৰ্থই বা ক’ত? ব্যৱস্থা এটা যদি প্ৰতিভা বিকাশৰ হেঙাৰ হয় সেই ব্যৱস্থাত বাক্স্বাধীনতা বা ভোটাধিকাৰৰ কি মুল্য আছে? অনুপমাই বুজি পালে মানুহৰ লুপ্ত অৰ্থনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কমিউনিষ্ট ৰাষ্ট্ৰ এখনেহে সফল হ’ব পাৰে। ইউৰোপত দেখা গ’ল যে গণতন্ত্ৰৰ দ্বাৰা একাংশ মানুহৰহে অৰ্থনৈতিক অধিকাৰ প্ৰাপ্তি ঘটে। সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল বৃহৎ সংখ্যক মানুহৰে প্ৰাপ্য অধিকাৰবোৰৰ কোনো মূল্যই নাথাকে। অথচ কমিউনিষ্ট ৰাষ্ট্ৰ এখনেই ইয়াৰ বিপৰীতে ব্যক্তি এজনৰ শিক্ষা স্বাস্থ্য জনগণৰ বৃহত্তৰ স্বাৰ্থত মুকলি কৰি নিয়োগ নিশ্চিত কৰে। ইয়াত সকলো সমান, কোনো শ্ৰেণী বৈষম্য নাথাকে। বাক্স্বাধীনতা নাথাকিলেও এগৰাকী ব্যক্তিৰ প্ৰতিভা পুৰ্ণ বিকাশৰ সকলো ব্যৱস্থা ৰাষ্ট্ৰই নিজে কৰে। কমিউনিষ্ট ৰাষ্ট্ৰ এখনত প্ৰতিগৰাকী ব্যক্তিক দেশৰ সম্পদ হিচাপে গণ্য কৰা হয়। এক বৌদ্ধিক আৰু মানৱীয় সমাজ প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰই নিজেই উদ্যোগ লয়। সকলো সম্পদ ৰাজহুৱা কৰি প্ৰতিজন মানুহেই যাতে সমানে সমানে ভোগ কৰিব পাৰে তাৰ সুনিৰ্দিষ্ট কৰি দিয়ে।
অনুপমাই লব্ধ জ্ঞানৰ অন্বেষণেৰে এখন সুন্দৰ মানৱীয় সমাজৰ প্ৰতিচ্ছবি মনত সংস্থাপিত হ’ল। তাই প্ৰতিষ্ঠিত সমাজখন লক্ষ্য কৰিছে, সমাজ আজি বহুধা বিভক্তি। শোষণ–নিষ্পেষণ, বিশ্বাস অবিশ্বাসেৰে ধৰ্ম গোষ্ঠীৰ নামত মনবোৰ কলুষিত। এই পৃথিৱীৰে এটা ব্যৱস্থাই মানুহক মানুহ হ’বলৈ শিকাই, আকৌ এটা ব্যৱস্থাই মানুহক অমানুহ কৰি তোলে। অনুপমাৰ মনত অলেখ প্ৰশ্নই আমনি কৰিবলৈ ধৰিলে। কিয় এক মানৱীয় পৰিৱেশ ৰচনাৰ স্বাৰ্থত এখন নতুন পৃথিৱীৰ কথা ভাবিব নোৱাৰি? কিহে ইয়াৰ বাবে হেঙাৰ হৈ ঠিয় দিয়ে? তাইৰ অধ্যয়নৰত জ্ঞানৰ পৰাই এই কথা ওলাই পৰিল যে মানুহৰ ব্যক্তিগত সম্পত্তিয়েই হ’ল এই সকলোৰে অনৰ্থকৰ মূল। ইতিহাসৰ এক বিশেষ মূহুৰ্তৰ পৰাই এই সম্পত্তি আহৰণৰ ধাৰণাই সমাজ কলুষিত কৰিবলৈ ধৰে। এই বলিয়ালিৰ বাবেই একাংশ মানুহ নিজৰ বাহুবল আৰু ক্ষমতা হস্তগত কৰি একচেটীয়া সম্পত্তিৰ পাহাৰ সাজিবলৈ ধৰে। সম্পত্তি আহৰণৰ বেলিকা এইবোৰ মানুহৰ কোনো দয়ামায়া নাথাকে। কেৱল শাসনৰ নামত শোষণ চলাবলৈ সমাজ ব্যৱস্থাটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। ঐতিহাসিক এনে ব্যৱস্থাবোৰ প্ৰায় টিকি থকা নাই সঁচা কিন্তু নতুন ৰূপত একাংশলোকৰ আৰু আৱিৰ্ভাৱ হ’ল। আধুনিক সমাজতো গণতন্ত্ৰৰ নামত তাকেই দেখা গ’ল। এফালে কিছুমান অধিকাৰ জনগণক দি আনফালে শাসক পক্ষৰ শোষণ নীতি চলিয়েই থাকিল। শোষকৰ বহতীয়া প্ৰচাৰ মাধ্যমেৰে অহৰহ বুজাই থাকিল এয়াই গণতান্ত্ৰিক সমাজ বুলি। কিন্তু ৰাছিয়া আৰু চীনৰ নেতৃবৰ্গই বিশ্বক বুজাই দিলে গণতন্ত্ৰও একশ্ৰেণীৰে শাসন। ৰাছিয়া আৰু চীনত মেহনতী জনগণৰ একনায়কত্ত্ব প্ৰতিষ্ঠা কৰি জনগণৰ হেৰোওৱা স্বাধীনতা উদ্ধাৰ কৰিলে। ইয়াত মানুহ কোনো শ্ৰেণী শোষণৰ বলি নহয়, জনগণৰ সামুহিক বিকাশেই ৰাষ্ট্ৰৰ উদ্দেশ্য হৈ পৰিল। সেইকাৰণে সেইসময়ৰ পৰাই বিশ্বৰ অনান্য তথাকথিত গণতান্ত্ৰিক দেশসমুহৰ লগত কমিউনিজিমৰ সংঘাত তীব্ৰতৰ হৈ পৰিল। আন্তঃৰ্জাতিক পৰ্য্যায়ত এই গণতান্ত্ৰিক ৰাষ্ট্ৰসমুহে কমিউনিজিমক ধ্বংস কৰাৰ কুটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিলে। কিন্তু বেচেৰাহঁতৰ সকলো ষড়যন্ত্ৰ ষ্টেলিন আৰু মাও চে তুঙৰ সৱল নেতৃত্বত উফৰি গ’ল। দুয়ো দেশে অৰ্থ ৰাজনৈতিক, সাংস্কৃতিক দিশত বহু দেশক পিছ পেলাই বিজ্ঞানৰ জয় যাত্ৰাৰে আগুৱান হ’ল।
লেখকৰ যোগাযোগ নম্বৰঃ 9864879227