প্ৰকাশিত তাৰিখঃ ২১ জুন, ২০২১
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
অসমত বিজেপি দলে জিকি চৰকাৰ গঠন কৰিলে বন্ধন বেংককে আদিকৰি অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰপৰা গ্ৰহণ কৰা মাইক্ৰ’ফেইনেঞ্চৰ ঋণ সমূদায় ৰেহাই দিব। এইকথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনাই সকলোবোৰ নিৰ্বাচনী মেল–মিটিঙৰ ভাষণত প্ৰতিশ্ৰুতি দি ফুৰিছিল। নিৰ্বাচন গ’ল, বিজেপি আশাকৰা ধৰণেই জিকিল। হিমন্তবিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত বহিল। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি এইবাৰ ঋণ ৰেহাই দিয়াৰ পাল।
ৰাজ্যখনত প্ৰায় ২২লাখ মহিলাই গ্ৰহণ কৰা ক্ষুদ্ৰ ঋণৰ পৰিমাণ আছিল ১২,৫০০ কোটি টকা। আনহাতে, ঋণ প্রদানকাৰী সংস্থাসমূহ হ’ল– বন্ধন বেংক, নৰ্থ–ইষ্ট স্মল ফাইনেঞ্চ বেংক, আৰোহণ ফাইনেঞ্চ ছাৰ্ভিচ আদি। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান সমূহে ৰিজাৰ্ভ বেংকৰ নীতি–নিয়ম উলংঘা কৰা বুলি বহু দিনৰপৰাই অভিযোগ উত্থাপন হৈ আহিছিল। ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি একোটা গোট বা ব্যক্তিক সৰ্বাধিক ১.২৫ লাখ টকাৰ ওপৰত ঋণ প্ৰদান কৰিব নোৱাৰে। কিন্তু দুইৰ পৰা তিনি লাখ পৰ্যন্ত ঋণ দিয়াৰ উদাহৰণ আছে। ই ক্ষুদ্ৰৰপৰা বিশাল পৰিমাণৰ ৰূপ পাইছে। ক্ষুদ্ৰ বেংকসমূহে ১.২৫ লাখৰ ওপৰঞ্চি যি পৰিমাণৰ ঋণ প্ৰদান কৰিছে সেই সংখ্যা হ’ল ৪,২৫০ কোটি টকা। সৰ্বমুঠ ঋণৰপৰা ওপৰঞ্চিখিনি বাদ দিলে মুঠ ঋণৰ পৰিমাণ হ’ব ৮,২৫০ কোটি টকা। এই ধন ৰাশিৰ ওপৰতে ভিত্তিকৰি এতিয়া চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছে।
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এক সংবাদমেলত প্ৰকাশ কৰামতে– চৰকাৰে তিনিটা শিতানত ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছে। প্ৰথম শিতান– মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লৈ যিকসকলে নিময়মতে ঘূৰাই দি আছে তেনেলোকক ঋণ ৰেহাইৰ পৰিৱৰ্তে ২৫ হেজাৰ উদগনিমূলক ধন প্ৰদান কৰিব। দ্বিতীয় শিতান– যিসকলে ঋণৰ কিস্তি নিয়মীয়াকৈ আদায় দি আছিল কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত কিস্তি বন্ধ কৰি দিছে। তেনেলোকে ঋণ ঘূৰাই দিব বিচাৰিলে উদগনি ধনৰ লগতে অতিৰিক্ত কিস্তিৰ ধনো ঘুৰাই দিব। তৃতীয় শিতান– যিসকলৰ ভৱিষ্যতে কোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা নাই সেইসকলক ঋণৰ সম্পূৰ্ণ ধন ওভোতাই দিব।
নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল সেই অনুসৰি সকলোকে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াত অসম চৰকাৰ ব্যৰ্থ হোৱা বুলি ইতিমধ্যে ৰাজ্যৰ চৌদিশত মহিলাসকলৰ আন্দোলন আৰম্ভ হৈছে। বিপৰীতে, চৰকাৰে ঘোষণা কৰি আছে– ৰাজ্যৰ যিসকললোক মাইক্ৰ’ফাইনেঞ্চৰ ঋণত ডুব গৈ আছে তেওঁলোকক ঋণ ৰেহাইৰ জৰিয়তে সকাহ প্ৰদান কৰিব। কিন্তু ঋণ ৰেহাইৰ নামতো এতিয়া তিনিটা শিতান নিৰ্ধাৰণ কৰিছে। সেয়ে সকলোলোকক ৰেহাইৰ পৰিৱৰ্তে নিৰ্দিষ্ট সংখ্যকলোকেহে এই সুবিধা লাভ কৰিব। কোন সকললোকে এই সুবিধা লাভ কৰিব সেয়া ইতিমধ্যে নীতি নিৰ্ধাৰণ কৰি উলিয়াইছে।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় বেংক সমূহে ২০১৮–১৯ বৰ্ষত ২.৫৪ লাখ কোটি টকা ৰাইট–অফ কৰিছে। বিপৰীতে, ২০২০–২১ বৰ্ষৰ এপ্ৰিললৈকে ৰাইট–অফ কৰিছে ১.৫৩ লাখ কোটি টকা। এতিয়া, ৰাইট অফ মানেনো কি? এইধৰক, বেংক সমূহে এজন ব্যক্তিক নিৰ্দিষ্ট নীতি–নিয়মৰ মাজেৰে ঋণ দিয়ে। বেংকৰ নীতি–নিময়মতে ঋণ দাতাই কিস্তি সমূহ পৰিশোধ কৰে। ঋণ লওঁতাই একেৰাহে বহুকেইটা কিস্তি আদায় দিব নোৱাৰিলে বেংকে সেয়া বন্ধ কৰি দিয়ে। বেংকৰ ভাষাত এইবোৰ ঋণকে ‘বেড লোন’ বোলে। এনেধৰণৰ ঋণৰ পৰা বেংকে কিস্তি আদায় ল’ব নোৱাৰা হয়। সেয়ে বেংক সমূহত বেমেজালিৰ সৃষ্টি হয়। বেংক কৰ্তৃপক্ষই বেলেন্স চীটৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এই ঋণ সমূহৰ বিপৰীতে টোকা লিখি বন্ধ কৰি দিয়ে। বেংকৰ এই প্ৰক্ৰিয়াকে ৰাইট অফ বুলি কোৱা হয়।
বিভিন্ন উৎসত প্ৰকাশিত তথ্যমতে, যোৱা দুটা বৰ্ষৰ ২০১৮–১৯ত ২.৫৪ লাখ কোটি আৰু ২০২০–২১ত ১.৫৩ লাখ কোটি, সৰ্বমুঠ– ৮.০৭ লাখ কোটি টকা ৰাইট–অফ কৰিছে। সেই অনুসৰি– চলিত ২০২০–২১ বৰ্ষত ইয়েচ বেংকে ১৭,২০০ কোটি টকা, ষ্টেট বেংকে ১৭,০০০ কোটি, এক্সিচ বেংকে ১৩,৯০০ কোটি, বেংক অব ইণ্ডিয়াই ৮,৭০০ কোটি, আই ডি বি আই বেংকে ৮,৩০০ কোটি, চেণ্ট্ৰেল বেংকে ৫,৯০০ কোটি, কৰ্ণাটকা বেংকে ১,১০০ কোটি টকা লগতে অন্যান্য বেংকে ঋণীৰ পৰা টকা ঘূৰাই নোপোৱাৰ ফলত ৰাইট অফ কৰিছে। আচৰিত হ’বলগীয়া কথা যে, বেংকে ৰাইট–অফ কৰা এই টকাৰ গৰাকীসকলৰ সকলোবোৰ কিন্তু সাধাৰণ কৃষক–শ্ৰমিকৰ লোক নহয়। ইয়াৰ আধাতকৈয়ো বেছি সংখ্যক হৈছে ডাঙৰ ডাঙৰ পুঁজিপতি কৰ্পৰেট গোষ্ঠী।
মন কৰিবলগীয়া যে, ৰাইট অফ মানে ঋণ মুক্ত হোৱাটো নুবুজায়। কিন্তু বেংকে এই ঋণ সমূহৰ ধন ঘুৰাই পোৱাৰ আশাহে বাদ দিয়ে। সেয়ে বেংকে লাভৰ পৰিৱৰ্তে এয়া লোকচান বুলি গণ্য কৰে।
ৰাজ্যখনত এতিয়া মাইক্ৰ’ফাইনেঞ্চ ঋণ ৰেহাই সন্দৰ্ভত বৌদ্ধিক মহলত তীব্ৰ বিতৰ্ক চলি আছে। মহিলাসকলে এটাৰ পাছত আন এটা আন্দোলনৰ কাৰ্যসূচী পালন কৰি আহিছে। কনকলতাৰ দৰে বন্দুকৰ গুলি বুকু পাতি ল’ব খোজা অথবা নদীত জপিয়াই মৃত্যুবৰণ কৰিবপৰা মহিলাও চেনেলসমূহত দেখা গৈছে। মুঠতে চৌপাশে কেৱল অশান্তিয়েই আশান্তি। কিদৰে লাখ লাখ কোটি টকা পুঁজিপতি কৰ্পৰেট গোষ্ঠীসকলে গো–গ্ৰাসে গিলিছে এই তথ্য সমূহৰপৰাই কিছু হ’লেও অনুমান কৰিব পাৰি। তেনেক্ষেত্ৰত ৮.০৭ লাখ কোটিৰ তুলনাত ১২,৫০০ কোটি তেনেই এটি সামান্য পৰিমাণৰ ধন বুলিব পাৰি। এই ধনখিনি ৰেহাইৰ নামত এতিয়া চৰকাৰে হোহকা–পিছলা কৰি আছে। নিশ্চিতভাৱে এয়া চৰকাৰৰ পুজিৰ অভাৱ নে অন্য কিবা? চৰকাৰৰ যদি পুঁজিৰ অভাৱ ঘটনা নাই তেনেহ’লে মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ পৰিৱৰ্তে কিয় চৰ্তাৱলী আৰোপ কৰা হ’ল।
শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Pix: Internet