প্ৰকাশিত তাৰিখঃ ৪ জুলাই, ২০২২
কল্প ৰঞ্জন গগৈ –
১৬৮২ চনৰ পৰা স্বৰ্গদেউ গদাধৰ সিংহৰ ইটাখুলি ৰণৰ পৰা আহোম–মোগলৰ আৰু পাছত ইংৰাজ–আহোমৰ সীমা ১৮২২ চনৰ জুন পৰ্যন্ত– হাদিৰাচকী। পশ্চিম অসমৰ পাৰপত্ৰ লোৱাৰ চকী। ১৭৫৫ চনলৈকে হাদিৰাচকীয়েদি স্বৰ্গদেউৰ ইচ্ছাৰ বিপৰীতে কোনেও বাহিৰৰ পৰা সোমাব নোৱাৰিছিল– পৰুৱা এটাও। তাৰ প্ৰমাণ ১৭৫৫ চনৰ ফৰাচী বেপাৰী কুটনীতিবিদ জঁ বেপ্টিষ্ট শ্বুভালিয়ে। তিনিমাহ সময় ৰ’ব লাগিছিল পাৰপত্ৰ পাবলৈ– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ অনুমসতি– গড়গাঁৱলৈ যাবলৈ।
স্বৰ্গদেউ গদাধৰ সিংহই (১৬৮১–১৬৯৬) অত্যাচাৰী চুলিকফাক বধ কৰাৰ পিছত ৰাজ্যত সিংহাসন প্ৰাপ্তিৰ বাবে পৰিচালিত ষড়যন্ত্ৰ আৰু ৰাজনৈতিক গুপ্তহত্যাৰ ওৰ পেলোৱাৰ লগতে মোগলক খেদি মানাহ পৰ্যন্ত দখল কৰি পশ্চিমৰ পৰা হ’বলগীয়া আক্ৰমণ ৰোধ কৰিবলৈ যি প্ৰতিৰক্ষা ব্যৱস্থা লৈছিল সি নিশ্চয় কিছু বছৰ টিকি আছিল।
স্বৰ্গদেউ গধাধৰৰ বদনাম– তেওঁ কঠোৰ হাতেৰে সন্ত–মহন্ত সকলক অত্যাচাৰ কৰিছিল– শ্ৰমিক বাহিনীৰূপে তৈয়াৰ কৰি ধোদৰ আলি বান্ধিছিল।
সতী জয়মতীৰ নিষ্ঠুৰ হত্যাৰ লগত এই সন্ত–মহন্তৰ নিৰ্যাতনৰ সম্পৰ্ক আছিল নেকি? আহোম ৰাজত্বত নাৰী নিৰ্য্যাতনৰ এনে ঘটনা ল’ৰা ৰজা চুলিকফা বা ৰজাশহুৰ বৰফুকনৰ– কাৰোবাৰ প্ৰৰোচনাত হৈছিল নেকি?
অসমীয়াৰ বুদ্ধিজীৱন সৱল কৰিবলৈ বুৰঞ্জীৰ ঘটনাৱলী– কাৰ্য আৰু কাৰণ– বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰিব লাগিব– নতুন প্ৰজন্মই– এক উন্নত বৌদ্ধিক জীৱনৰ বাবে। বুৰঞ্জী খুঁচৰি নিকা বিজ্ঞান সন্মত চিন্তাৰ বুনিয়াদ ৰচনা কৰিব লাগিব। অতীত নহয় ভৱিষ্যতলৈ যাবলৈ।
কাৰ্লমাৰ্ক্সে (১৮১৮–১৮৮৩) কৈছিল– বুৰঞ্জীয়েই হৈছে একমাত্ৰ বিজ্ঞান– History is the only Science । ইয়াৰ আধাৰতে আমি ক’ব পাৰো– বুৰঞ্জীৰ সত্য/ অসত্য সকলোবোৰ খচৰা। বিজয় গৌৰৱৰ লগতে পৰাজয়ক বুজিবলৈ চেষ্টা কৰা। যাতে প্ৰকৃত সত্যত দৃঢ় হৈ থাকিব পাৰা।
আকৌ এখন সমাজৰ এটা নিৰ্দিষ্ট সময়ৰ মানুহৰ মানসিকতা– মানৱ– মন আৰু বিকাৰ– সকলোবোৰ বুজিবলৈ মনোবিজ্ঞানৰ আশ্ৰয় ল’ব লাগিব। সেয়ে স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈছিল– মনোবিজ্ঞান হৈছে বিজ্ঞানৰো বিজ্ঞান– Psychology is the Science of Sciences।
যুদ্ধ নে শান্তিৰ প্ৰতি প্ৰেম– ভালপোৱা নে ঘৃণা– প্ৰশ্ন এইটোৱেই। কিয় ঘৃণা বা ভালপোৱা– যুদ্ধ/ শান্তিৰ প্ৰতি তাক বুজাৰ পিছতহে কাৰ্য– সঠিক উত্তৰৰ বাবে।
বৰ্তমানে আমি যিমান বিশ্বায়নৰ কথা কৈছো সিমানেই যুদ্ধৰ বাবে সংকীৰ্ণ চিন্তাৰ হৈ পৰিছো– চিন্তা হৈ পৰিছে খণ্ডিত আৰু এই যুদ্ধই তৃণমূলৰ পৰিয়াল পৰ্যন্ত চুই গৈছে। প্ৰশ্ন কৰক সকলোৱে– ইয়াৰ সমাধান ক’ত?
অবিশ্বাস, অন্ধবিশ্বাস, বিশ্বাসঘাটকতাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বিসংগতিৰ উৎস এটাই– আধুনিক বিজ্ঞানৰ নামত গোলকীয় অসভ্যালি। ইয়াৰ লক্ষ্য মানুহক অধ্যয়ন– বিমূখ, ইতিহাস বিমূখ কৰা।
পুনৰ গদাধৰলৈ আহোঁ। তেৱেই কৈছিল একেলগে সকলোৱে খাওক। স্বাভাৱিকতে মানুহ আৰু মানুহৰ মাজত প্ৰকাণ্ড প্ৰাচীৰ তৈয়াৰ কৰা সন্ত–মহন্ত সকলে, ডা–ডাঙৰীয়া সকলে ক্ষুণ্ণ হোৱাটো তেনেই স্বাভাৱিক।
বিশ্বাসৰ পৰা বিজ্ঞানলৈ গতি কৰোঁতে অসম/ অসমীয়াৰ বুদ্ধিজীৱন তীব্ৰভাৱে আলোড়িত হ’ব। নতুন নতুন চিন্তা আহিব– প্ৰতিযোগিতা কৰিব আৰু সময়ৰ লগে লগে সৃষ্টি হ’ব নতুন বুদ্ধিজীৱন। ইয়াৰ বাবে আমাৰ জনগণে সামাজিক ক্ষেত্ৰত পৰীক্ষা–নিৰীক্ষা আৰু তাৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ঢাপে ঢাপে সম্প্ৰসাৰণ ঘটাব লাগিব। মনত ৰাখিব ৰাইজেই সৰ্ব্বজ্ঞানী আৰু সৰ্বশক্তিমান। অনুশীলনৰ অভাৱতহে ই স্থবিৰ হৈ আছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ