প্ৰকাশিত তাৰিখঃ ১৬ জানুৱাৰী, ২০২৩
কল্প ৰঞ্জন গগৈ –
ম্যুংডুন চুন খামৰ সপোন দি থৈ গৈছিল চ্যাওলুং চ্যুকাফাই– ত্ৰয়োদশ শতিকাত। পঞ্চদশ শতিকাত শ্ৰীমন্ত শংকৰে ৰহন লগালে– কুক্কৰ শৃগাল– গদৰ্ভৰো আত্মা ৰাম– হেন জানি সবাকো কৰিবা প্ৰণাম। সপ্তদশ শতিকাত মজবুত কৰিলে আজান পীৰ চাহাবে– মোৰ মানত ভিন–পৰ নাই অ’ আল্লা, কাৰণ হিন্দু–মুছলমান একেই আল্লাৰ ফৰমাৰ। সেয়া নাছিল প্ৰাক্ঔপনিবেশিক অসম– সামন্ত যুগৰ অসম।
ঔপনিবেশিক যুগৰ ভাৰতবৰ্ষত স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) দিলে ঔপনিবেশিক উত্তৰ স্বাধীন ভাৰতবৰ্ষৰ বাবে নিদান– বেদান্তৰ মগজু– ইছলামৰ দেহা।
আজি ঔপনিবেশ উত্তৰ (Past Colonial) ভাৰতবৰ্ষ ৭৫ বছৰীয়া। তেনে এটা সময়ত চৰকাৰীভাৱে মহাবীৰ লাচিতক সৰ্বভাৰতীয় বীৰ ৰূপে বন্দনা। স্বাভাৱিকতে মহামন্ত্ৰী আতন বুঢ়াগোহাঁই, বাম হাজৰিকা ইছমাইল ছিদ্দিকী, ওজা হিলৈদাৰী হাজৰিকা ইছমাইল খান আৰু অহম পাইকৰ সৈন্য বাহিনী।
সেয়ে আজি প্ৰস্তুতি চলিছে তৰোৱালৰ নহয় কলমে লিখা বুৰঞ্জীৰ বাবে আৰু নতুনকৈ নিৰ্দ্ধাৰণ কৰা ভূগোলৰ বাবে। বুৰঞ্জী–ভূগোলৰ অংকৰ বাবে।
ঔপনিবেশিক উত্তৰ যুগত এখন ভাৰতবৰ্ষ তিনিভাগত বিভক্ত। দুখন দেশ– ইণ্ডিয়া, পাকিস্তান। ১৯৭১ চনত পাকিস্তানৰ পূৱ খণ্ড হৈ পৰিল বাংলাদেশ। য’ত আমাৰ ৰমণী আৰু তিপমীয়া আইদেউ আছিল সপ্তদশ শতিকাত। দখলদাৰ ইংৰাজৰ দিনৰ এখনেই দেশ। আজি সেই আপোনাৰ দেশৰ মানুহৰ মনবোৰ ভগনীয়াৰ দৰে খণ্ডিত। হিউৱেন চাংৰ দেশৰ মানুহো আমাৰ যেন শত্ৰু। হুকুমদাৰসকল কোন?
আজি একৈশ শতিকাৰ উত্তৰ– উত্তৰ আধুনিক যুগত মানৱৰ ভৱিষ্যতৰ বাবে আমি চিন্তিত বিশেষকৈ গোলকীয় যুদ্ধৰ অসভ্যালিৰ যুগত। সেয়ে মনত বহুত প্ৰশ্ন যাৰ উত্তৰ বিচাৰিব লাগিব আজি ২০২২ চনত ভোটাধিকাৰ লাভ কৰা ডিজিটেল যুগৰ ‘কৃত্ৰিম বুদ্ধিমত্তাৰ দাস’ প্ৰজন্মই।
দু স্কৃতিৰ মাতৃ আছিল ভাৰতবৰ্ষৰ ঔপনিবেশিক মালিকসকল। এৰি থৈ গৈছিল ভগনীয়া কৰি। সৈনিক শিল্পী জ্যোতিপ্ৰসাদে আহ্বান দিছিল ধনতন্ত্ৰ আৰু সাম্ৰাজ্যবাদক নাশিবলৈ এক দীৰ্ঘম্যাদী যুদ্ধৰ। এই যুদ্ধ আগবঢ়াই নিব লাগিব আজি ভোটাধিকাৰ লাভ কৰা প্ৰজন্মই। ডিজিটেল যুগৰ অন্ত পৰিবলৈও বেছিদন নাই। বৈশ্য–বনিয়া যুগৰ বিজ্ঞান আৰু প্ৰদৰ্শনী অতীত হৈ গেছেই। উত্তৰ– উত্তৰ আধুনিক যুগে চৰম পতন আৰু অৱক্ষয়ৰ পৰাই জন্ম দিব মানৱোত্তৰ ভৱিষ্যত। আৰম্ভ ক’ৰ পৰা কেনেকৈ হ’ব ক’ব নোৱাৰিলেও এটা কথা নিশ্চিত যে স্বামী বিবেকানন্দই কোৱাৰ দৰে এই নতুন যুগ আনিব পৃথিৱীৰ সাধাৰণ মানুহে– মুছি, ধোৱা, মাছমৰীয়াসকলে। শূদ্ৰ যুগ আহিছিল পিচপৰা ৰাছিয়া আৰু চীনত যদিও সাম্য, মৈত্ৰী, স্বাধীনতাৰ বাণী দিছিল ফ্ৰান্সে।
অসমত প্ৰজাৰ অভ্যূত্থান ঘটিছিল ৰাজেশ্বৰ সিংহ– লক্ষী সিংহৰ দিনৰ পৰা গৌৰীনাথ সিংহৰ দিনলৈ ১৭৬৯–১৭৯২ লৈ। যেতিয়া ঔপনিবেশিক সকলৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হৈছিল। অসমৰ জাতীয় জীৱনক থানবান কৰিবলৈ বৰফুকন বদনে মানক ৰঙা দলিচা পাৰি আনিছিল। তাৰপৰা সম্পূৰ্ণ বেলিমাৰ ২৪ ফেব্ৰুৱাৰী ১৮২৬ ইয়াণ্ডাবুত। সেই কঙালী দিনকেইটা ৰঙালী কৰিবলৈ গমধৰ কোঁৱৰ সকলে ১৮২৮ চনৰ পৰা ১৮৩৯ চনলৈ দেশৰ মুক্তিৰ বাবে অস্ত্ৰ হাতত লৈছিল। ১৮৫৭ চনত কন্দৰ্পেশ্বৰ সিংহ, দেৱান মণিৰাম সকলে পুনৰ মুক্তি যুদ্ধত লিপ্ত হৈছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত এই যুদ্ধৰ অন্ত পৰিছিল।
ইয়াৰ পিছত গণতন্ত্ৰৰ নামত এটা দলেই আজি পৰ্যন্ত একেই পদ্ধতিৰে শাসন কৰি আছে। ৰূপ (Form) বেলেগ হ’লেও অন্তৰ্বস্তু (Content) একেই। সেয়ে ইয়াৰ জনগণৰ গুণগত পৰিৱৰ্তনৰ বাবে জ্যোতিপ্ৰসাদে কৈ যোৱা যুদ্ধখন বাকী।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ