প্ৰকাশিত তাৰিখঃ ১মে’ ২০২৩
কল্প ৰঞ্জন গগৈ –
আধুনিক সমাজ বিজ্ঞানৰ পিতৃ মহান মণিষী কাৰ্লমাৰ্ক্সে ১৮৫৩ চনতেই কৈছিল যে ভাৰতবৰ্ষৰ দৰে পিছপৰা আৰু সেই সময়ত ব্ৰিটিছৰ পদদলিত হৈ থকা দেশখনৰ প্ৰগতিৰ পথত প্ৰধান অন্তৰায় হৈছে তাৰ জাতি ব্যৱস্থা। বোধহয় সাম্ৰাজ্যবাদৰ কৱলত ভাৰতীয় সমাজখনৰ ভিতৰত সোমাই থকা বৰ্ণৰ দ্বাৰা বিভক্ত অৱস্থা আৰু অধিক কঠিন আৰু দৃঢ় হৈ পৰিছিল। সেই বাবেই নেকি দেশখনক শাসন কৰাৰ বাবে ব্ৰিটিছৰ সহজ হৈছিল– সুবিধাজনক হৈছিল। এই জাতি ব্যৱস্থাৰ সুবিধালৈয়ে এক খণ্ডিত জাতিসত্তাক নিজৰ দেশৰ সংসদত স্বাধীনতা দিলো বুলি ঘোষণা কৰিব পাৰিলে? আজি একৈশ শতিকাটো এটা দৃঢ় আটিল ভাৰতীয় জাতিসত্তা গঢ় লৈ নুঠিল? ভাৰতীয় বৰভেটি গঢ়িবলৈ চেষ্টা কৰা জাতিৰ পিতাজন অনাদৃত হৈয়ে থাকিল? (অসম–অসমীয়াৰ গাঁথবন্ধন)
স্বাধীন ভাৰতবৰ্ষত খণ্ডিত খণ্ডিত চেতনাৰে আৰু এটা শতিকাৰ পিছতো যে কিবা পৰিৱৰ্তন হ’ব সিও সন্দেহজনক। কম্পিউটাৰ আৰু নৰবলি, উচ্চশিক্ষাৰ স্থানত অন্ধবিশ্বাস–কুসংস্কাৰ, দেশৰ পুৱাৰ সুৰুষ তৰুণ প্ৰজন্মৰ বাবে এক অন্ধকাৰ ভৱিষ্যত আৰু সেয়ে অতীতৰ আৱৰ্জনাৰ দ্বাৰা দলিত, সমগ্ৰ সমাজ আপোন চিন্তাত মগন আৰু সেয়ে নতুন পুৰুষৰ সংস্থাপন বিচাৰি বহিৰ্গমন, চুবুৰীয়ে চুবুৰীয়ে খণ্ডিত মানসিকতা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰগতি বিৰোধী কাৰ্য, দেশনায়কসকলৰ বাতুলামী আদিবোৰ দেশৰ বৰ্তমানৰ গভীৰ অসুখৰ কথাই তুলি ধৰে। তথাপিও ক’ব লাগিব– দেশখনৰ স্বাধীনতাৰ সাতটা দশক হৈছেহে। আৰু তিনিটা দশক পাৰ হওকচোন।
একৈশ শতিকাৰ দুৱাৰ মুখত প্ৰৱল আশাৰে বিকাশৰ বাবে বাট চাইছিলো। বুজা নাছিলো যে এক প্ৰৱল শক্তিৰ সাংস্কৃতিক–বৌদ্ধিক জাগৰণ অবিহনে বিকাশ অসম্ভৱ। আজি বিশ্বায়ন নামৰ অপসংস্কৃতিৰ যুগত শাসক–প্ৰশাসকসকলৰ মেলবন্ধন সংকীৰ্ণ ধৰ্মৰ লগত– ফলত কলুষিত ৰাজনৈতিক কুশাসনে সকলোধৰণৰ সুস্থ গণতন্ত্ৰক ডিঙি চেপা মাৰি ধৰিছে। মধ্যবিত্ত শ্ৰেণী বিভ্ৰান্ত– নিজেই কৃত্ৰিম অক্সিজেন লৈহে বাচি আছে আৰু আমাৰ দৰে শ্ৰমজীৱিসকলক দৰ্শনহীন কৰি বিভ্ৰান্ত কৰিছে। সংস্কৃতিৰ মাধ্যমেৰে নিজৰ হতাশাবাদী অপসংস্কৃতি মেলি দিছে।
প্ৰাক্ ঔপনিৱেশিক যুগত ত্ৰয়োদশ শতিকাত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভক্তি আন্দোলনৰ মাধ্যমেৰে অসমীয়া বৰভেটি ৰচনা কৰাৰ বাট মুকলি কৰিছিল। এই মধ্যযুগৰ ভক্তি আন্দোলন আছিল এক বৈপ্লৱিক–যুগান্তকাৰী অধ্যায়। সাধাৰণ দলিত–নিষ্পেষিত জনগণে মুক্তি আৰু শান্তিৰ পথ বিচাৰি পাইছিল। ভাৰতবৰ্ষৰ পৰম্পৰাগত ধাৰাটোৱে ইয়াৰ বাধা হিচাপে থিয় হৈ স্তিমিত কৰি পেলাইছিল। হিন্দুধৰ্মৰ বিপ্লৱী আৰু সংস্কাৰকামী ধাৰা এই ভক্তি আন্দোলন অসমত চাৰিটা ভাগত বা সংহতিত বিভক্ত হৈ স্তিমিত হৈ পৰিছিল। সমাজখনত এক গভীৰ খলকনি তুলিলেও মহাপুৰুষজনাৰ মৃত্যুৰ লগে লগে ইয়াৰ গতি সমাজ– সংস্কাৰৰ দিশৰ পৰা ক্ৰমে আঁতৰি গ’ল। কিন্তু সঁচাকৈয়ে নদীখনৰ মৃত্যু হ’ল নেকি? স্তিমিত হৈ পৰা এই নদীখন চাৰিটা সুঁতিত বিভক্ত হৈ অৱশেষত কালসংহতি নামে ধাৰাটো আপোচবিহীন হৈ থাকি গ’ল ভাগৱত পুৰাণ ওলোটাকৈ পঢ়িব পৰা আৰু ব্যাখ্যা কৰিব পৰা গোপাল আতাৰ আদৰ্শৰ মায়ামৰা পন্থ ৰূপে। শ্ৰীশ্ৰীঅনিৰুদ্ধ দেৱৰ (১৫৫৩–১৬২৬) এই পন্থ। অসম বুৰঞ্জীৰ পাতত জিলিকি থকা বৰভেটি আৰু মায়ামৰা প্ৰজা জাগৰণ (১৭৬৯–১৭৯২) ইয়াৰ প্ৰমাণ।
শ্ৰীমন্ত শংকৰদেৱৰ বৈপ্লৱীক ধাৰাৰ উত্তৰসূৰী এই ধাৰাটোক যি অস্বীকাৰ কৰে সিহে প্ৰকৃত জনবিৰোধী–সমাজবাদ বিৰোধী। শ্ৰীমন্ত শংকৰদেৱক অসমত এই মায়ামৰা ধাৰাইহে প্ৰকৃত ৰূপত তুলি ধৰে আৰু আমাৰ সমাজৰ ভিতৰত লুকাই থকা পৰম্পৰাগত আৰু প্ৰগতি বিৰোধী ধাৰাৰ বিৰোধিতা কৰে। অসমৰ বৰভেটিয়েহে সৱল কৰিব কাৰণ ই থিয় হৈছিল শ্ৰমজীৱি অসমীয়াৰ গাঁথবন্ধন ৰূপে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News