প্ৰকাশিত তাৰিখঃ ৮ মে’ ২০২৩
কল্প ৰঞ্জন গগৈ –
পাৰ হৈ যোৱা মে’ দিৱস বিশ্বৰ শোষিত –দলিত শ্ৰমজীৱি জনতাৰ বাবে উৎসৰ্গীকৃত। উৎপাদকসকলৰ সন্মানাৰ্থে অনুষ্ঠিত কৰা বিজয় উৎসৱ, ১৮৮৬ চনৰ পহিলা মে’ৰ দিনা শ্বহীদ হোৱা চিকাগোৰ এঘাৰজন শ্ৰমিকৰ কথা সুঁৱৰি আজি দুটা শতিকাৰ পিছত পতা অনুষ্ঠান আজি পূঁজিবাদ সাম্ৰাজ্যবাদৰ যুগত বেছি প্ৰাসংগিক। ৯০ দশকত ইতিহাস শেষ হ’ল বুলি কোৱা অদাৰ্শনিক সকলে নতুন ইতিহাস লিখিবলৈ যাওঁতে শ্ৰমজীৱি জনগণৰ চকুপানী–তেজ–ঘাম বৈ আছে আৰু বেছিকৈ। আজি দ্ৰাৰিদ্ৰ্য, অপমান, অৱহেলাৰ যন্ত্ৰণাত পিষ্ট জনগণৰ দুখ নিৰাময়ৰ বাবে আৰু ভ্ৰান্তিৰপৰা মুক্ত কৰিবলৈ সচেতন সতীৰ্থসকলে যি প্ৰচেষ্টা হাতত লৈছে সিয়েই স্বাধীনতাৰ অমৃতকালত প্ৰধান ধাৰা ৰূপে দেখা দিব লাগিব। সময় কিন্তু বেগাই গৈ আছে আমাক ইতিকিং কৰি। দহ হেজাৰ বছৰলৈ এখন নতুন পৃথিৱী হ’ব বুলি ৰৈ থাকিব নোৱাৰি। মে’ দিৱসৰ বাণী সেয়াই। জনগণৰ কষ্টকৰ সাধনাৰ প্ৰয়োজন আৰু তাৰবাবে মুক্ত হ’ব লাগিব অসচেতনতাৰ চক্ৰবেহুৰ পৰা। (শ্ৰমজীৱিৰ দিৱস)
কাম কৰোতে ভুল হয়। ভুল আৰু শুদ্ধ দুটা বিপৰীতৰ ঐক্য। ভুলৰ পৰিমাণ কমাব লাগিব– তেহে শুদ্ধৰ পৰিমাণ বাঢ়িব। পৰিমাণৰ পৰিৱৰ্তন হ’লেহে গুণগত পৰিৱৰ্তন হ’ব। এই গুণগত পৰিৱৰ্তনৰ বাবে সাংস্কৃতিক কৰ্ম লাগিব। সচেতন–সুসচেতন জনগণৰ সচেতন মতাদৰ্শৰ সাংস্কৃতিক বাহিনী লাগিব। খণ্ডিত–বিভক্ত জনগণক ঐক্যবদ্ধ কৰিব লাগিব।
নতুন–পুৰণিৰ বিৰোধ সদায়েই। সেয়ে জনগণক ঠগিবলৈ নতুন পেটেকত পুৰণি বস্তু দিয়াৰ স্বভাৱ– অনাদি কালৰ। সেয়ে আবেগক উত্তেজিত কৰি অন্ধ আৰু অসচেতনভাৱে কাম কৰাৰ বাবে আমাক উদগনি দিয়ে।
আজি কিন্তু বাস্তৱৰ লগত ব্যক্তিৰ যি সংঘৰ্ষ হৈছে তাৰ পৰাই ব্যক্তিয়ে নতুন চেতনা আৰু নতুন আবেগৰ অভিজ্ঞতাৰ লাভ কৰে। এই অভিজ্ঞতাৰ পৰাই যাত্ৰা কৰিবলৈ ৰাইজে খণ্ডিত মানসিকতা এৰিব লাগিব– কি, কিয়, কাৰ লাভ হ’ব বা হ’ল প্ৰশ্নৰে জোকাৰি দিব লাগিব। এনেকৈয়ে নৱ্য সংস্কৃতিৰ সাধনা কৰিব লাগিব।
সামাজিক কামৰ হেপাহৰ লগতে লাগিব সুস্থ মতাদৰ্শ পৰিচালিত জ্ঞান। আজি পৃথিৱী আদিম স্তৰত নাই। জ্ঞানৰ লগতে বিকৃত জ্ঞানৰো সম্প্ৰসাৰন ঘটিছে। সেয়ে বিভ্ৰান্ত হোৱাৰ পথ অলেখ। তাতে মানুহ আজি বিভক্ত– ইজনে সিজনৰ পৰা আঁতৰত। শ্ৰেণীবিভক্ত সমাজত এক শ্ৰেণী কায়িক শ্ৰমত ব্যস্ত আৰু আনভাগ সেই শ্ৰমৰ পৰা মুক্ত। তেওঁলোক বাকীবোৰক শাসন কৰে, নিৰ্দেশ দিয়াত ব্যস্ত। এই শ্ৰেণীটোৱেই শাসনকৰ্তা হৈ দেশ পৰিচালনা কৰি আছে। আৰু পৰিচালনা কৰোঁতে ব্যৱহাৰ কৰিছে ধৰ্মক– আফিং ৰূপে। সচেতন সতীৰ্থসকলৰ মতে ধৰ্ম হৈছে মানুহৰ পূৰ্ণাংগ বিকাশৰ বাবে এক অস্ত্ৰ– বিশেষকৈ ভাৰতবৰ্ষত য’ত ধৰ্ম নিজেই হৈছে এক প্ৰধান চিন্তাধাৰা। সেয়ে মানৱ জ্ঞানৰ দ্বিতীয় স্তৰ ধৰ্ম নিজেই বিজ্ঞানৰ মাতৃ। সেয়ে আইনষ্টাইনৰ মতে ধৰ্ম নিজেই বিজ্ঞানৰ লগৰীয়া।
আমি সকলোৱে জানো যে শ্ৰম (Labour) হৈছে সভ্যতাৰ মূল ভেটি। শ্ৰমে মানুহক ইতৰ প্ৰাণীৰ পৰা পৃথক কৰিছে আৰু শ্ৰমৰ সহায়তহে মানুহ বিকশিত হৈছে। শ্ৰমৰ দ্বাৰাই বস্তুৰ পৰিৱৰ্তন কৰিছে। শ্ৰমৰ পৰাই মানুহে নিতৌ নতুন জ্ঞানৰ মুখামুখি হৈছে। এনেকৈয়ে স্তৰে স্তৰে ঢাপে ঢাপে মানুহ আগবাঢ়ি গৈ আছে যদিও সঠিক পথৰ পৰাহে সঠিক ফল লাভ সম্ভৱ। মানুহ যিহেতু জন্মসূত্ৰে সমাজপ্ৰিয় আৰু সমাজখনক সুন্দৰ কৰিবলৈ মানুহৰ ইচ্ছাৰ লগতে ক্ষমতাও আছে। কিন্তু সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন স্বাভাৱিক।
আজি একশৈ শতিকাৰ মে’ দিৱসৰ ইস্তাহাৰ গুণগতভাৱে উন্নত হ’ব লাগিব। যিহেতু শ্ৰমেই মানুহৰ মূল আৰু গৰিষ্ঠসংখ্যক মানুহ কায়িক শ্ৰম কৰা শ্ৰমিক সেয়ে এই দিৱসেই হৈছে ভৱিষ্যতৰ মানুহৰ দিৱস। ভৱিষ্যতৰ পৃথিৱীখনেই শ্ৰমজীৱি জনতাৰ যাৰ সংকল্প হ’ব ‘বিলাসৰ বিনিময়ত নিবিকো দেশৰ সন্মান’, ‘নিজৰ স্বাৰ্থৰ বাবে নকৰো জননীক অপমান’।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News