প্ৰকাশিত তাৰিখঃ ৭ আগষ্ট, ২০২৩
কল্প ৰঞ্জন গগৈ –
লিখনি সম্পূৰ্ণ হৈ প্ৰকাশ হয় মানে আমি দেশৰ স্বাধীনতাৰ ৭৭তম বৰ্ষপূৰ্তি পালন কৰা হৈ যাব। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বেপাৰী বগা বঙালৰ দখলৰ পৰা মুক্ত হৈ এই সময়ছোৱা এক এঁকাবেঁকা পথেৰে ভাৰতৰাষ্ট্ৰ আগবাঢ়ি গৈছে। অৱশ্যে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পিছৰ ভাৰতবৰ্ষ হৈছে দখলদাৰী স্বত্বৰে ভাগ বটোৱাৰা কৰি থৈ যোৱা ব্ৰিটিছৰ ভাৰত। এই বিষৰ ফলস্বৰূপে সৃষ্টি হোৱা ঘৃণাৰ পৰা দেশৰ কৰদাতা জনগণ মুক্ত হ’ব পৰা নাই। ফলস্বৰূপে জননায়ক সকল আজি নিৰ্বাক হ’বলৈ বাধ্য। স্বাধীনতাৰ প্ৰধান কাৰিকৰ মতাত্মাৰ মৌনব্ৰত পালন কৰিবলৈ বাধ্য। কিন্তু মৌনব্ৰতে দেশখন ক’লৈ নিব?
এটা কথা ঠিক যে মহাত্মাৰ যুক্তফ্ৰণ্ট/ যুক্তমৰ্চ্চা আজিলৈকে গঠন নহ’ল। দেশক আগবঢ়াই লৈ যাবলৈ জনতাৰ মুক্তি বাহিনী গঠন নহ’ল। তৃণমূলৰ পঞ্চায়তলৈ গণতন্ত্ৰ নগ’ল। মহাত্মাই কোৱা প্ৰতিখন গাঁও গণৰাজ্য হ’ব নোৱাৰিলে। গণৰাজ্য বোলোতে সংবাদ আৰু বিধানসভা হৈ পৰিল শক্তিশালী উপৰিসৌধ। তৃণমূলৰ ব্যক্তিলৈ গণতন্ত্ৰ সম্প্ৰসাৰিত নহ’ল। উপৰিসৌধতে গণতন্ত্ৰ আবদ্ধ হৈ থাকিল। জনগণ হৈ পৰিল ব্যৱস্থাৰ দাস। তাৰেই বাহিৰৰ অপশক্তি/ অপসংস্কৃতিয়ে ভিতৰৰ ভেটি ভাঙি পেলালে।
নাৰীশক্তি হৈ পৰিল পশ্চিমৰ দাস। অপসংস্কৃতিৰ ফেৰীৱালা। যিখন দেশত ভগৱানক মাঁ বুলি গণ্য কৰা হয় তাত নাৰীক কৰা হ’ল উলংগ। কি নিৰ্লজ্ব আৰু দুখলগা!
ঠিক তেনে এটা অৱস্থাত দেশৰ সামগ্ৰিক পৰিস্থিতিক লৈ চিন্তিতসকলে সঠিক অধ্যয়ন আৰু দৰ্শনেৰে এক কৰ্মী বাহিনী গঢ়িব লাগিব। পুৰণি যুগৰ সকলো জাৱৰ–জোঁথৰ আঁতৰাই বৰ্তমানে আক্ৰান্ত সমাজখনক মুক্ত কৰিবলৈ।
আমাৰ যুৱচামে শিকিব লাগিব প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় পৰম্পৰা কোনবোৰ। কি থাকিব লাগিব ভৱিষ্যতৰ বাবে? বৰ্তমানে সমাজৰ চৰম অৱক্ষয়ৰ সময়ত কেনেধৰণৰ কাৰ্যসূচীৰে অৱক্ষয় ৰোধ কৰা যাব? মহাত্মাৰ আদৰ্শক আগবঢ়াই নিবলৈ হ’লে দেশনায়ক প্ৰতিজনে শিৱ মহাকালৰ দৰে হ’লাহ’ল বিষ পান কৰিব লাগিব। শৱ হৈ যোৱা মহাকালক মহাকালীয়ে নতুন জীৱন দিব লাগিব। মহাত্মাই কৈ যোৱাৰ দৰে হৰিজনক আগস্থান দিবলৈ বেদান্ত–কোৰাণৰ যুক্তফ্ৰণ্ট গঢ়িব লাগিব। নতুন সুৰত ৰামধূন গাব লাগিব।
১৯৪৭ চনৰ অবিভক্ত ভাৰতবৰ্ষলৈ উভতি যাব নোৱাৰিলেও ভৱিষ্যতৰ ভাৰতবৰ্ষৰ বাবে মুক্তিযোদ্ধা সকলৰ আদৰ্শক আগস্থান দিয়েই আগবাঢ়িব লাগিব সমাজবাদী দেশ গঢ়িবলৈ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News