প্ৰকাশিত তাৰিখঃ ২১ আগষ্ট, ২০২৩
কল্প ৰঞ্জন গগৈ –
দেশৰ স্বাধীনতা যুদ্ধৰ প্ৰধান কাৰিকৰ মহাত্মা মোহনদাস কৰমচাঁদ গান্ধী কেৱল এজন দেশৰ বাবে উপযুক্ত অৰ্থনীতিবিদেই নাছিল– Location specific need based and low–cost economy and technology। তেওঁ আছিল এজন দাৰ্শনিক যি ভগৱান বুদ্ধৰ ৰাজনৈতিক দৰ্শনক ভাৰতবৰ্ষত সম্প্ৰসাৰন ঘটাই এক নতুন ধৰণৰ স্বাধীন মানুহ গঢ়াৰ বাবে আজীৱন সত্যৰ– অন্বেষনহে কৰি গ’ল। ২১ শতিকাত ভাৰতবাসীয়ে এই মহান অন্বেষনক বিশ্বত বিয়পাই দিব লাগিব। আজি ধন–সম্পদৰ নিয়ন্ত্ৰণত থকা বিশ্বত মানুহে মানুহক উলংগ কৰাৰ যি প্ৰৱনতা, শ্ৰমজীৱি জনগণে শ্ৰমজীৱি জনতাৰ বিৰুদ্ধে থিয় দিছে, ভোগসৰ্বস্ব দৰ্শনৰ দ্বাৰা পৰিচালিত মাতৃ শক্তিয়ে দলিত নাৰীৰ বিৰুদ্ধে থিয় দিছে, উলংগ কৰিছে, আদিম বৰ্বৰ যুগৰ দুস্কৃতিৰ দাস হৈ তৰুণ প্ৰজন্মই অপসংস্কৃতিৰ দূৰ্গত গৈ আশ্ৰয় লৈছে তেনে সময়ত গান্ধীৰ পথৰ বাদে কোনো বিকল্প পথ নাই।
বিশ্বৰ মানুহ ঐক্যৱদ্ধ হৈ বিশ্বৰ চৰকাৰ গঠনৰ কথা কৈছিল এটা শতিকাৰ আগেয়ে দাৰ্শনিক বাট্ৰাণ্ড ৰাচেলে। তাৰো এটা শতিকাৰ আগেয়ে আধুনিক সমাজ বিজ্ঞানৰ জন্মদাতা কাৰ্লমাৰ্ক্সে বিশ্বৰ শ্ৰমজীৱি জনগণক ঐক্যৱদ্ধ হৈ উন্নত সমাজ ব্যৱস্থা গঢ়িবলৈ আহ্বান দিছিল। কেৱল সেয়ে নহয় ১৮৪৮ চনত কাৰ্লমাৰ্ক্স আৰু ফ্ৰেডেৰিখ এংগেলছে ৰচনা কৰা সাম্যবাদী ইস্তাহাৰত উল্লেখ কৰা পূঁজিৰ নিয়ন্ত্ৰণৰ বিশ্বৰ অৱস্থাটো আজিৰ বিশ্বত স্পষ্ট। সমাজবাদী–সাম্যবাদী দৰ্শনৰ তত্বত এই কথা স্পষ্ট। মণিপুৰ বা হাৰিয়ানা ইয়াৰ ব্যতিক্ৰম নহয়। সেয়ে আজি জনতাৰ প্ৰধান কাম– শিক্ষাগ্ৰহণ (To Theory) । শিকক এটা লক্ষ্য লৈ।
ভাৰতবৰ্ষৰ অগ্নিকাল আৰম্ভ ১৯২০ চনৰ পৰা। আৰম্ভ কৰিছিল মহাত্মাই। তেনেদৰে আনিছিল স্বৰাজ। কিন্তু বগা বঙালৰ চক্ৰান্তত হত্যা কৰা হ’ল। সংবিধানখন দেখা নেপালে। ফলত আজি পৰ্যন্ত দেশ অৰাজক। দেশৰ জনতা দাসৰ দৰে। নিজৰ তেজ–ঘামৰ কথা– নিজৰ ত্যাগৰ বিষয়ে স্পষ্ট নহয়। সেয়ে দেশৰ বাবে মলমূত্ৰৰ বাদে একো ত্যাগ নকৰাসকলৰ হিংস্ৰ ৰূপ।
মহাত্মাৰ স্বাধীনতাৰ তৃণমূলৰ ক্ষেত্ৰ হৈছে গাঁও। শ্ৰীমন্ত শংকৰে দি থৈ যোৱা সদনৰ আৰ্হি নামঘৰৰ সম্প্ৰসাৰিত ৰূপ হৈছে মহাত্মাৰ পঞ্চায়ত। ভৱিষ্যতৰ ভাৰতবৰ্ষৰ গণৰাজ্যৰ ৰূপ। Republic within a Republic with Parliament of the People – জনতাৰ সংসদ।
আজি অসমৰ পৰাই শ্ৰীমন্ত শংকৰৰ লগে লগে মহাত্মাৰ চিন্তাক সম্প্ৰসাৰিত কৰি লৈ যাব লাগিব এক দীৰ্ঘস্থায়ী কাৰ্যসূচী হিচাপে।
২১ শতিকা যে মনোবিজ্ঞানৰ শতিকা– মানসিক স্বাস্থ্য সংৰক্ষণৰ শতিকা ই অতি স্পষ্ট। এই সময়ত নিজৰ ভিতৰত সুপ্ত হৈ থকা দেৱত্ব (Divinity) বিকাশৰ বাবে ধৰ্মক এক অস্ত্ৰৰূপে গঢ়ি তোলক। অন্যথাই ধৰ্ম হৈ পৰিব আফিংৰ দৰে। জনগণৰ নিচা– গুটখা, চাধা, ম’দৰ দৰে। ৰূপ–সোণৰ হৰিণলুভী ৰামায়ণৰ সীতাৰ দৰে আজি ভাৰতীয় নাৰীৰে পানশালাবোৰ ভৰ্তি (Bars have women as majority)। একে দৰে সুতপুত্ৰ কৰ্ণক বৰণ কৰিবলৈ দ্বিধাবোধ কৰা পাণ্ডৱৰ দ্ৰৌপদী। এনে অৱস্থাৰ পৰা মুক্ত হ’বলৈ এটাই ঔষধ– গান্ধীবাদ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News