Saturday, April 27, 2024
HomeNEWSশ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমত ‘ৰাম নৱমী অখণ্ড পাঠ’

শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমত ‘ৰাম নৱমী অখণ্ড পাঠ’

প্ৰকাশিত তাৰিখঃ ২১ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ বৰদুৱাৰ চাহ বাগিচাৰ সোঁ মাজত অৱস্থিত জঙাগুৰী পাহাৰ। সুদূৰ মধ্যপ্ৰদেশৰ জব্বলপুৰ বাসিন্দা নাগাবাবা শ্ৰীশ্ৰীবীৰেন্দ্ৰপুৰী মহাৰাজৰ তপভূমি আছিল এই জঙাগুৰী পাহাৰ। ১৯৫৮ চনত এইখন পাহাৰৰ নামনিত স্থাপন কৰিছিল শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰম। প্ৰতিটো বৰ্ষৰ চ’ত মাহৰ শুক্লা প্ৰতিপদৰ পৰা নৱমীলৈকে অখণ্ড ৰামায়ণ পাঠ কৰা হয়। এই অনুষ্ঠানত আজিও জব্বলপুৰৰ পৰা অসংখ্য ভক্ত উপস্থিত থাকে।

বনাশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত আৰু ভক্তসকলৰ সহযোগত কাইলৈৰ পৰা ৯দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ‘ৰাম নৱমী অখণ্ড পাঠ’ অনুষ্ঠানৰ। পৰিচালনা সমিতিৰ সভাপতি– ৰঞ্জন কছাৰী, উপ–সভাপতি গজেন ৰাভা, সম্পাদক– আদিত্য নাগ আৰু সহঃ সম্পাদক ৰবিন শালৈয়ে জনোৱা অনুসৰি– কাৰ্যসূচীৰ প্ৰতিটো দিনতে নাম প্ৰসংগ আৰু ৰামায়ণ পাঠ অনুষ্ঠান থাকিব। ২৯ মাৰ্চৰ ৰাতিপুৱা ৰামায়ণ পাঠ অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ কুমাৰী পূজা পালন কৰা হ’ব।

উক্ত অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ নৃপেন ৰাভা, দিলীপ ৰাভা, প্ৰাক্তন পাৰিষদ অৰুণ দীয়া, বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আদিত্য ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward