Friday, March 29, 2024
Homeবাতৰিঅগ্ৰণী খেল সংবাদ

অগ্ৰণী খেল সংবাদ

প্ৰকাশিত তাৰিখঃ ২৯ অক্টোবৰ, ২০২১

দক্ষিণ কামৰূপৰ তিনিআলিত ফুটব’ল খেলৰ আয়োজন

চি এন ডেস্ক

দক্ষিণ কামৰূপৰ তিনিআলি আঞ্চলিক যুৱ সমাজৰ দ্বাৰা পৰিচালিত ফুটব’ল খেলৰ আজি দ্বিতীয় ৰাউণ্ড। দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত আয়োজন কৰা কৰুণাকান্ত দাস আৰু মৰহুম আবেদ আলী সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত হেপী স্পোৰ্টচ ক্লাব, জীয়াকুৰ আৰু আজাৰা বৰবৰী ৰূপালীম ক্লাৱৰ মাজত অনুষ্ঠিত হয়। খেলখনত হেপী স্পোৰ্টচ ক্লাৱে আজাৰা ৰূপালীম ফুটবল দলক ২–১ গলৰ ব্যৱধানত পৰাস্ত কৰে। উক্ত প্ৰতিযোগিতাখনত কেইবাটাও ফুটবল দলে যোগদান কৰাৰ কথা দোহাৰে যুৱ সমাজৰ সভাপতি নৰেশ্বৰ দাস, সম্পাদক জিতু মহন্তই। অহা ২ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া খেলখনত গোৰেশ্বৰ ফুটবল ক্লাৱ আৰু বকো ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আয়োজক সমিতিয়ে ঘোষণা কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward