Saturday, April 20, 2024
Homeপ্ৰবন্ধঅচিন বীজাণু সংক্ৰমণে বিপৰ্যয় কঢ়িয়াই আনিছে বকো এলেকাৰ কমলাৰ খেতিলৈ

অচিন বীজাণু সংক্ৰমণে বিপৰ্যয় কঢ়িয়াই আনিছে বকো এলেকাৰ কমলাৰ খেতিলৈ

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

 

কিশোৰ তালুকদাৰ –

মাথো চাৰি বছৰৰ আগলৈকে কামৰূপ জিলাৰ বকোৰপৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈৰ হান্তিকোণা নামৰ গাঁওখনৰ এথনে চাংমা(৫৯) নামৰ কমলাৰ খেতিয়কজনে চেপ্তেম্বৰ মাহৰপৰা জানুৱাৰী মাহলৈকে প্ৰতিদিনে গুৱাহাটীৰ বজাৰ বিক্ৰী কৰিবলৈ দিনে প্ৰায় এক ট্ৰাক কমলা পঠিয়াইছিল। এই সকলোবোৰ উৎপাদন হৈছিল তেখেতৰ নিজৰ কমলাৰ বাৰীখনত। নিজৰ ৮০ বিঘা মাটিত থকা ৫০০০ জোপা ‘খাছি মাণ্ডাৰিণ’ প্ৰজাতিৰ কমলাবিধ বিক্ৰী কৰিয়েই তেখেতে কমলাৰ বতৰত তিনি চাৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

কিন্তু কমলাৰ গছত আৰম্ভ হোৱা অচিন বীজাণু সংক্ৰমণৰ বাবে তেখেতে এই বছৰ এটাও কমলা বিক্ৰী কৰিব পৰা নাই।

কেৱল চাংমাৰ ক্ষেত্ৰতেই নহয়– বিগত তিনি-চাৰি বছৰৰ ভিতৰত কমলাৰ গছত আৰম্ভ হোৱা অচিন বেমাৰৰ বীজাণুৰ সংক্ৰমণৰ বাবে এতিয়া নামনি অসমৰ কমলাৰ খেতিৰ বাবে বিখ্যাত বকো এলেকাৰ প্ৰায় ৫০০০ কমলাৰ খেতিয়কৰ অৱস্থা কল্পনাতীত হৈ পৰিছে। গোটেই দেশতে প্ৰখ্যাত আৰু বিশেষকৈ মেঘালয়ত সৰ্বাধিকভাৱে উৎপাদিত হোৱা ‘খাছি মাণ্ডাৰিন” নামৰ কমলাবিধ এতিয়া প্ৰায় উচন হোৱাৰ পথত।

‘বিগত তিনি চাৰি বছৰৰ ভিতৰতে মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আজি মই কপৰ্দকশূন্য,” বুলি হতাশ হৈ পৰা এথনে চাংমাই ক’লে।

কমলাৰ গছত লগা বীজাণুৰ অভিজ্ঞতাৰ সন্দৰ্ভত তেখেতে কয় যে, প্ৰথমতে গছৰ পাতৰ আগবোৰ হালধীয়া হৈ পৰে আৰু লাহে লাগে গোটেই গা–গছডাল শুকাই আহিবলৈ ধৰে। ক্ৰমে গছডাল মৰহি যায়।

“বেমাৰটোনো কি, তাকে চাবলৈ প্ৰথম পৰ্যায়ত মই গছজোপাৰ গুৰি চিকুণাই দিছিলো আৰু দেখিছিলোঁ শিপাৰপৰা বেয়া গোন্ধ এটা ওলাইছে। গছবোৰ বচোৱাৰ স্বাৰ্থতে মই প্ৰায় ৮০,০০০ টকা খৰছ কৰি বিভিন্ন দৰৱো প্ৰয়োগ কৰিলোঁ। কিন্তু তাৰ একো ফল নধৰিল। ফলত কমলা খেতি এৰিয়েই দিছোঁ।”- বুলি গভীৰ হতাশেৰে তেখেতে ক’লে।

২০১৪ চনত নতন দিল্লীৰপৰা অহা বিশেষজ্ঞ দল এটিয়ে তেখেতৰ কমলাৰ খেতি পৰিদৰ্শন কৰি তেনে বিপৰ্যয়ত আচৰিত হৈ পৰিছিল। আনহাতে, ওলোকক সহায় কৰাৰ ক্ষেত্ৰত কৃষি পৰামৰ্শদাতাসকলে দেখুওৱা উদাসীনতাই কমলাৰ খেতিয়কসকলৰ হতাশা বঢ়াইহে তুলিছে বুলিও তেঁওলোকে জানিবলৈ দিয়ে।

জীৱনৰ প্ৰায় ২৭ টা বছৰ কমলাৰ খেতি কৰি অহা এথনেই নিজৰ খেতিডৰা বচোৱাৰ স্বাৰ্থতে গোটেই মাটিখিনিত নতুনকৈ পুলি ৰোপণ কৰিও চাইছিল। কিন্তু সেই দ্বিতীয় প্ৰচেষ্টাও বিফল হ’ল। সেয়েহে জীয়াই থকাৰ তাগিদাত এতিয়া তেখেতে মাটিডৰাত পৰ্যায়ক্ৰমে আন উদ্যান শস্য যেনে কল, মাটি-কঁঠাল, তামোল আদি ৰোপণ কৰা আৰম্ভ কৰিছে।

বকো কৃষি মহকুমাৰ অন্তৰ্গত ৩,২২৬ হেক্টৰ মাটিত কমলাৰ খেতি কৰা হয়। ইয়াৰে ছয়গাঁও, বকো, আৰু বনগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১,৩০০ হেক্টৰ মাটিৰ কমলাৰ খেতি নষ্ট হৈ পৰিছে। বনজুইৰ দৰে আগুৰি ধৰা এই বীজাণুৱে অঞ্চলটোৰ কমলাৰ খেতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰা ৫০০০ খেতিয়কৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই আনিছে।

“অঞ্চলটোত সাধাৰণতে স্বাভাৱিক অৱস্থাত ৬,০৩০ মেট্ৰিকটন কমলাৰ উৎপাদন হয় যদিও বৰ্তমানে এই উৎপাদন ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে”,– বুলি কৃষি বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

বামুণীগাঁও এলেকাৰ নালাখাটৰ বাসিন্দা তথা আন এজন কমলাৰ খেতিয়ক গিৰীশ বৰুৱাও এনে বিৰূপ পৰিঘটনাৰ বলি। তেখেতৰ ৫.৫ বিঘা মাটিত থকা ৫৫০ জোপা কমলাৰ গছৰ ১০০ জোপা ইতিমধ্যেই বীজাণুৰ সংক্ৰমণত মৰিছে।

“মোৰ খেতিডৰাৰ এজোপা আঠ বছৰীয়া গছ ফুলাৰ লগে লগে মৰিবলৈ আৰম্ভ কৰে। ফলৰ উৎপাদনো আশানুৰূপ নহয়। প্ৰতি বছৰে এই সমস্যাটো বাঢ়ি আহিছে যদিও, বিভাগে ইয়াৰ মোকাবিলা কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই” – বুলি তেখেতে ক্ষোভ প্ৰকাশ কৰে।

আনহাতে বামুনীগাৱঁত থকা নেমুজাতীয় শস্যৰ উৎকৰ্ষতাৰ কেন্দ্ৰটিৰ প্ৰকল্প সহায়ক বুদ্ধেশ্বৰ বড়োৱে কয় – “এই সমস্যাটোৱে ইতিমধ্যে গভীৰ ৰূপ লৈছে আৰু ক্ৰমাৎ বাঢ়ি আহিছে।। আমি দেশৰ অন্যতম এই প্ৰজাতিটোৰ মাতৃগছ সংৰক্ষণ কৰাৰ বাবে অচিৰেই ব্যৱস্থা লব লাগিব।”

খেতিয়কসকলৰ এই ক্ষোভ আৰু উদ্বিগ্নতাৰ বিপৰীতে কিন্তু কৃষি বিভাগে নিম্নমানৰ বৱ্যস্থাপনা, পুষ্টিৰ যোগান নধৰাৰ লগতে ৩০ বছৰতকৈও এধিক কাল ধৰি পুলিবোৰ নতুনকৈ ৰোপণ নকৰা বুলি কমলাৰ খেতিয়কসকলকহে দোষাৰোপ কৰে। কিন্তু এন্থ’নেই এই অভিযোগ একেবাৰেই নস্যাৎ কৰি কয় যে, তোখেতে নিজৰ কমলাৰ খেতিডৰা ৰক্ষা কৰিবৰ বাবে কৰিবপৰা সকলোখিনিয়েই কৰিছে।

“বাগিচাখন চাবৰ বাবে মোৰ চাৰিজনকৈ নৈশ চকীদাৰৰ উপৰিও পৰিস্কাৰ কৰি নিয়াৰিকৈ ৰাখিবলৈ আছে ১৫-২০ জন শ্ৰমিক”– তেখেতে কয়।

কমলাৰ খেতিত হতাশ হৈ মাটি-কঁঠাল, তামোল, কলৰ দৰে খেতি আৰম্ভ কৰা চাংমাক এতিয়া আৰ্থিক দুৰৱস্থাই নতুন খেতি আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিপদত পেলাইছে।

“চাৰি বছৰ ধৰি লোকচান ভৰাৰ পিছত নতুনকৈ পেশাগতভাৱে খেতি কৰিবলৈ লোৱাৰ সময়ত বিভাগে এতিয়া অন্তত আমাক সহায় কৰিব লাগে”– বুলি তেখেতে জনায়।

বনগাঁও ৰাজহ চক্ৰৰ কৃষি বিষয়া বিপুল কুমাৰ নাথে বিষয়টোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে এই সন্দৰ্ভত বিভাগে এচিৰেই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব। কমলাৰ গুণগত মান কমি আহিছে আৰু এই পৰিস্থিতিৰ তৎকালেই হস্তক্ষেপ কৰাৰ দৰকাৰ বুলিও তেখেতে মত পোষণ কৰে।

আনহাতে অসম কৃষি বিশ্বিবদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী এন কে মজুমদাৰেও নিম্ন মানৰ ব্যৱস্থাপনাকহে এনে পৰিবেশৰ বাবে দায়ী কৰে। গছৰ পাতৰ আগ হালধীয়া পৰাৰ সন্দৰ্ভত তেখেতে কয় যে – যেতিয়া শিপাডালৰ ক্ষয় হয়, তেতিয় তাৰ লক্ষণবোৰ পাতৰ ক্ষেত্ৰত দেখা দিয়ে আৰু পাতবোৰ হালধীয়া হৈ পৰে। আনটো লক্ষণ হৈছে গছডালৰপৰা মুগাবৰণীয়া এঠালেটীয়া পদাৰ্থৰ নিঃসৰণ। এইটো হৈছে ‘গামইচিছ’ বেমাৰ, যিটোৰ বীজাণুৰ জন্ম হয় মাটিত আৰু প্ৰাৰম্ভিক পৰ্যায়তে তাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা নললে অতি শীঘ্ৰেই সি চুলিশিপাৰে ঘাই গছডালত বিয়পি পৰে। এইক্ষেত্ৰত একমাত্ৰ উপায়টো হৈছে মৰা গছডাল উভালি জুই লগাই দিয়া যাতে সি বিয়পি নপৰে। আনহাতে, জলাই দিয়াৰ পিছত মাটিডৰাৰ ব্যৱস্থাপনা অতিকৈ গুৰুত্বপূৰ্ণ?

‘গছডাল পোৰাৰ পিছত জৈৱ পদাৰ্থৰ মিহলিকে ধৰি মাটিডৰা ভালকৈ তৈয়াৰ কৰিহে নতুন পুলি ৰোপণ কৰিব লাগে। অন্যথা গোটেই শিপাবোৰৰ সৈতে গছডাল পুৰি দিলেও ফল পোৱা নাযাব।” বুলি তেখেতে জনায়। সমান্তৰালভাৱে, নিৰোগী আৰু স্বাস্থ্যবান পুলিবোৰৰ উপযুক্ত যতন লোৱাৰ লগতে সেইবোৰ বীজাণুৰ সংক্ৰমণ নোহোৱাকৈ ৰখাৰ ওপৰতো তেখেতে গুৰুত্ব আৰোপ কৰে। উক্ত সংক্ৰমণৰ সমাধান হিচাপে অন্তত নিৰোগী আৰু স্বাস্থ্যবান গছৰ এক মিটাৰলৈকে ওপৰলৈকে দৰৱ দিব লাগে।

খেতিয়কসকলে তেঁওলোকৰ লাভৰ কিছু অংশ উপাৰ্জনৰ বাট দেখুওৱা গছজোপাৰ বাবে ব্যয় কৰাৰ ক্ষেত্ৰত অনীহা প্ৰদৰ্শন কৰে বুলিও তেখেতে দোষাৰোপ কৰে। কিন্তু উচিত ফল পাব লাগিলে কমলাৰ খেতিয়কসকলে খেতিডৰাৰ উপযুক্ত ব্যৱস্থাপনাৰ লগতে যিবোৰ পৰামৰ্শ আগবঢ়োৱা হয়, সেইবোৰ যথাযথভাৱে পালন কৰাৰ ওপৰতো তেখেতে গুৰুত্ব আৰোপ কৰে।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward