Friday, March 29, 2024
Homeবাতৰিঅতিষ্ঠ ৰাইজৰ প্ৰতিবাদত ইক’টেক পেপাৰ মিলৰ কাম-কাজ বন্ধ

অতিষ্ঠ ৰাইজৰ প্ৰতিবাদত ইক’টেক পেপাৰ মিলৰ কাম-কাজ বন্ধ

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত কমলপুৰৰ নিকটৱৰ্তী দলমা তথা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত ইক’টেক পেপাৰ মিল। এই পেপাৰ মিলৰ প্ৰদূষণ বন্ধৰ দাবীত ২১ আগষ্টত অঞ্চলটোৰ স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তীব্ৰভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উদ্যোগটোৰ ভিতৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, ইক’টেক পেপাৰ মিলৰ মালিক গোষ্ঠীয়ে উদ্যোগটোৰ আৰম্ভণিৰে পৰাই ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰি আহিছিল। ফলত অঞ্চলটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছিল। সময়ে সময়ে নিকটৱৰ্তী গাঁওসসমূহৰ ৰাইজে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছিল যদিও মালিকপক্ষই ৰাইজৰ দাবী সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। প্ৰতিবাদকাৰীসকলক ক্ষন্তেক সন্তুষ্টিৰ উদ্দেশ্যে সাময়িকভাৱে কাম–কাজ বন্ধ ৰাখিলেও কিছুদিনৰ পিছত পুনৰ আৰম্ভ কৰে নিজৰ মইমতালি।

ভূক্তভোগী ৰাইজৰ বক্তব্যত প্ৰকাশ পোৱা মতে, উদ্যোগটোৰ পৰা দৈনিক নিৰ্গত হোৱা ক’লা ধোৱা-ছাই আদিয়ে ঘৰ–দূৱাৰ, কাপোৰ–কানি, গছ–গছনি সকলোতে তৰপে তৰপে ক’লা চামনিৰ সৃষ্টি কৰিছিল। ফলত সেই অঞ্চলটোৰ সকলো বয়–বস্তুৰে বৰণ ক’লা কৰি পেলাইছিল। তদুপৰি মাজনিশা বজোৱা ছাইৰেনৰ বিকট শব্দই জনসাধাৰণৰ টোপনিত ব্যাঘাত জন্মাইছিল। উদ্যোগটোত প্ৰয়োজনীয় ভূ–গৰ্ভৰ পৰা হাজাৰ হাজাৰ লিটাৰ পানী নিষ্কাষণ কৰাত ওচৰ–পাজৰৰ খাল, বিল, পুখুৰী, কুৱা, দমকলসমূহৰ পানীও শুকাই গৈছিল। উদ্যোগত ব্যৱহৃত অতিৰিক্ত পানীভাগ অবৈজ্ঞানিকভাৱে এৰি দিয়াত খেতিপথাৰ সমূহৰ ধানখেতিত বিৰূপ প্ৰভাৱ পৰে আৰু মাছ–কাছৰ বেমাৰো আৰম্ভ হয়। বিষাক্ত হৈ পৰা পানী ব্যৱহাৰৰ পৰিণতিত অঞ্চলটোৰ মানুহবোৰ চৰ্মৰোগত আক্ৰান্ত হৈছে। একপ্ৰকাৰ উদ্যোগটোৰ পৰা নিৰ্গত প্ৰদূষণে অঞ্চলটোৰ জনসাধাৰণক এক বিপৰ্যস্ত জীৱন অতিবাহিত কৰাইছে।

স্থানীয় ৰাইজে প্ৰদূষণ বন্ধৰ অভিযোগবোৰ উদ্যোগ কৰ্তৃপক্ষক বাৰম্বাৰ জনাই আহিছিল। কিন্তু এই অভিযোগৰ প্ৰতি কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাছিল। সেয়ে ধৈৰ্যৰ বান্ধ চিঙি যোৱা স্থানীয় ৰাইজৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক পুৰুষ–মহিলাই যোগদান কৰে। প্ৰথমে উদ্যোগটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মালিকপক্ষক বিচাৰি উদ্যোগৰ কাম–কাজ বন্ধ ৰাখিবলৈ দাবী জনায়। কিন্তু উদ্যোগ কৰ্তৃপক্ষই তালৈ কোনোধৰণৰ সঁহাৰি নজনালে। ক্ৰমাৎ ক্ষুব্ধ হৈ পৰা প্ৰতিবাদকাৰীসকলে অৱশেষত উদ্যোগৰ প্ৰৱেশদ্বাৰ খুলি ভিতৰ চৌহদত প্ৰৱেশ কৰাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাত তাত কৰ্মৰত শ্ৰমিকসকলে কাম–কাজ বন্ধ কৰিবলৈ বাধ্য হয়। প্ৰতিবাদীৰ উগ্ৰ ৰূপ দেখি উদ্যোগ কৰ্তৃপক্ষই তৎকালে যন্ত্ৰপাতিসমূহ বন্ধ কৰি দিয়াৰ লগে লগে কৰ্মস্থলীৰ পৰা একাংশ কৰ্মচাৰীয়ে সুযোগ বুজি পলায়ন কৰে।

ঘটনাৰ বিষয়ে জানিব পাৰি কমলপুৰ থানাৰ আৰক্ষীয়ে দণ্ডাধীশসহ উদ্যোগ চৌহদত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদীসকলে পৰিস্থিতি অধিক উত্তাল কৰি তোলে। আৰক্ষী, দণ্ডাধীশ উভয়কে তীব্ৰ সমালোচনাৰে থকাসৰকা কৰি দিয়ে প্ৰতিবাদীসকলে। দণ্ডাধীশ আৰু আৰক্ষীৰ হস্থক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণৰ অধিনলৈ অহাত মালিকদ্বয় প্ৰদীপ জৈন আৰু বজৰং লোহিয়াই প্ৰতিবাদী ৰাইজৰ লগত মিলিত হৈ উদ্যোগটোৰ পৰা নিৰ্গত প্ৰদূষণ অতি সোনকালে বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰদূষণ বন্ধৰ ব্যৱস্থা নকৰা পৰ্যন্ত উদ্যোগৰ সকলোধৰণৰ উৎপাদনমূলক কাম–কাজ বন্ধ ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ শান্ত হৈ পৰে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পেলায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward