প্ৰকাশিত তাৰিখঃ ৬ মে’, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ অগ্ৰণী সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ আলোচনা চক্ৰ বিভাগৰ উদ্যোগত ১মে’ত শ্ৰমিক দিৱস উপলক্ষে অন্তৰংগ আলাপ নামৰ অনুষ্ঠানটি নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৰুহেৰামদোস্থিত হৰমোহন দাসৰ বাসগৃহত অনুষ্ঠিত হৈ যায়।
সাহিত্যানুষ্ঠানটোৰ সভাপতি উপেন্দ্ৰ নাথ ঠাকুৰীয়াই সঞ্চালনা কৰা আলোচনা চক্ৰখনিৰ আঁত ধৰে নৱাৰুণ সাহিত্য সভাৰ আলোচনা চক্ৰ বিভাগৰ আহ্বায়ক তৰুণ মোহন দাসে।
উক্ত অনুষ্ঠানত মুখ্য আলোচক হিচাপে উপস্থিত থাকে নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাসে– দিৱসৰ লগত সংগতি ৰাখি নিজ বক্তব্য দাঙি ধৰে।
লগতে অনুষ্ঠানটিৰ প্ৰাক্তন সভাপতি কিৰণ কলিতা, প্ৰাক্তন উপ-সভাপতি প্ৰাণেশ্বৰ কলিতা, সদ্য প্ৰকাশিত নৱাৰুণ মুখপত্ৰৰ সম্পাদক ধনমনি দাস আৰু নতুন সদস্য প্ৰবাল শৰ্মায়ো বক্তব্য আগবঢ়াই।
অনুষ্ঠানত ডাঃ চন্দনা মেধিয়ে কবিতা পাঠ কৰে। লগতে জ্যেষ্ঠ সদস্য আনন্দ দাস আৰু সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক ধ্ৰুৱজ্যোতি দাসে যুটীয়াভাবে গীত পৰিৱেশন কৰে।
উক্ত আলোচন চক্ৰত হৰ মোহন দাস, কমলা কান্ত দাস, গণেশ্বৰ দাস, যতীন্দ্ৰ মোহন দাস, ৰাজেশ্বৰ চৌধুৰী, অনন্ত কলিতা, গণেশ্বৰ দাস, প্ৰণিতা মালাকাৰ দাস, প্ৰণিতা দেৱী, প্ৰাণেশ্বৰ দাস, উমেশ শৰ্মা, ডাঃ নগেন দলৈ, ভৱেশ দাস, গজেন্দ্ৰ জিৎ দাস, বিজু কুমাৰ দাসকে ধৰি অনুষ্ঠানটিৰ বহু্ সংখ্যক বিষয়ববীয়া, সদস্য উপস্থিত থাকে।
উল্লেখ্য যে প্ৰাক্তন সভাপতি হৰ মোহন দাসদেৱে ১ মে’ত ৮৪টা বসন্ত গৰকে। সেয়ে প্ৰাক্তন সভাপতি গৰাকীলৈ ওপজা দিনৰ ওলগ জনোৱা বুলি সাহিত্যানুষ্ঠানটোৰ সম্পাদক মিতুমনি দাসে জানিবলৈ দিয়ে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ