Friday, April 19, 2024
Homeবাতৰিঅভিনৱ পদ্ধতিৰে আয়োজন মহিলাৰ দক্ষতা বিকাশ শিৱিৰ

অভিনৱ পদ্ধতিৰে আয়োজন মহিলাৰ দক্ষতা বিকাশ শিৱিৰ

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অভিনৱ পদ্ধতিৰে আয়োজন কৰিছে মহিলাৰ দক্ষতা বিকাশ শিৱিৰ। অসম চৰকাৰ আৰু বেচৰকাৰী সংস্থা এজেঞ্চ ফ্ৰান্সিছ দ্য ডেভেলপমেণ্টৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনাৰশ্বীপ (আই আই ই) আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি (আৰ জি ভি এন)ৰ উদ্যোগত আয়োজন কৰিছে তিনিমহীয়া মহিলা দক্ষতা বিকাশ শিৱিৰ।

এই শিৱিৰ আৰম্ভ হৈছে প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ দীপৰ বিলৰ পাৰত। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ স্বাৰ্থত বেজী–সূতা হাতত লৈ শিৱিৰৰ মহিলাসকলে নামি পৰিছে ৰণক্ষেত্ৰত। প্ৰকৃতি ৰক্ষাৰ বাবে চৰকাৰী কিম্বা বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা যায় যদিও মহিলাসকলে বেজী–সূতা হাতত লৈ অংশগ্ৰহণ কৰা কাৰ্যসূচী দেখা নগৈছিল।

গ’ গ্ৰীণ অংকন কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ নিয়াৰ চেষ্টা কৰিছে এই শিৱিৰৰ পৰা। দীপৰ বিলৰ কাষৰীয়া অঞ্চলৰ গাঁৱসমূহৰ পৰা ষাঠিগৰাকীতকৈও অধিক যুৱতী–মহিলাই এই শিৱিৰত অংশগ্ৰহণ কৰে। তাঁতশালত কাপোৰ বোৱা, বিভিন্ন ধৰণৰ চিলাই প্ৰশিক্ষণতেই সীমাৱদ্ধ নাথাকি বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যতা ৰক্ষাৰ প্ৰতিও সজাগতা আৰম্ভ কৰিছে। উৎপাদন কৰিছে এম্ব্ৰোইদাৰী কৰা বিভিন্ন ধৰণৰ সাজ–পোছাক, বেগ আদি। পৰিৱেশ অনুকুল মৰাপাটৰ বেগ বোৰত ‘গ’ গ্ৰীণ’ অংকন কৰি আকৰ্ষণীয় কৰি তুলিছে। লাখ লাখ টকাৰ শৰাধ পাতি অৰণ্য সংৰক্ষণৰ চেষ্টা কৰা কাৰ্যসূচীবোৰতকৈ বেজী–সূতাৰ মাধ্যমেৰে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ লগতে অৰণ্য সংৰক্ষণৰ যুদ্ধত নমোৱা কাৰ্য কোনো গুণে কম নহয়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward