26.6 C
Guwahati
Thursday, August 13, 2020
Home প্ৰবন্ধ অসমৰ জনজাতিঃ কাৰ্বি, বড়ো, ৰাভা জনগোষ্ঠী আৰু তেওঁলোকৰ সংস্কৃতি

অসমৰ জনজাতিঃ কাৰ্বি, বড়ো, ৰাভা জনগোষ্ঠী আৰু তেওঁলোকৰ সংস্কৃতি

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬

 

জিতুমণি উৰাং –

অসমৰ জনজাতিগোটৰ লোক বুলিলে সংবিধান স্বীকৃত ভৈয়াম জনজাতিৰ ন’টা আৰু পাৰ্বত্য জনজাতিৰ চৈধ্যটা মিলি এই মুঠ তেইশটা জনগোষ্ঠীক বুজোৱা হয় যদিও আৰু বহু সৰু সৰু উপগোষ্ঠী ভিতৰত সোমাই আছে। জাতিগোটৰ মানুহবোৰ প্ৰধানকৈ আমাৰ দুয়োখন উপত্যকা– ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ভৈয়াম অঞ্চলত আৰু জনজাতি গোটৰ মানুহবোৰে পৰ্বত-ভৈয়াম উভয়তে বসবাস কৰি আহিছে। জনজাতীয় জনগোষ্ঠীৰ সবিশেষ আলোচনা –

কাৰ্বিজনগোষ্ঠীঃ অসমৰ পাহাৰে-ভৈয়ামে বিভিন্ন জনগোষ্ঠী সিঁচৰিত হৈ আছে। তাৰ ভিতৰত পাহাৰৰ বুকুত সজীৱ হৈ উঠা মংগোলীয় নৃগোষ্ঠীৰ তিব্বতবৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কুকী-চীন শাখাৰ ভাষা-ভাষী হিচাপে কাৰ্বি জনগোষ্ঠী উল্লেখযোগ্য। প্ৰাচীন কালৰ মিকিৰ নামেৰে জনাজাত বৰ্তমানৰ কাৰ্বিসকল কিন্তু নিজৰ মাজত পুৰুষ হ’লে ‘আৰ্লেং’ আৰু নাৰী হ’লে ‘আৰ্লংপ’ বুলিহে চিনাকি দি ভাল পায়। কাৰ্বি ভাষাত আৰ্লেং শব্দৰ অৰ্থ হ’ল হেলনীয়া ওখ ঠাই। অৰ্থাৎ ওখ ঠাইৰ বাসিন্দা এই অৰ্থতে তেওঁলোকে নিজকে এই নামেৰে বিভূষিত কৰে। কাৰ্বিসকলৰ সমাজ ব্যৱস্থা মূলতঃ পিতৃতান্ত্ৰিক। পিতৃপক্ষীয় প্ৰধান পাচোঁটা কুক বা গোত্ৰ আছে।

প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত বাস কৰা কাৰ্বিসকলৰ সৌন্দৰ্য চৰ্চ্চাৰ দিশতো এক স্বকীয় পৰম্পৰা আৰু ঐতিহ্য আছে। অতীজত কাৰ্বিসকলে কাঁজিলাৰে দাঁত বোলাই, কাণত বাঁহৰ কুণ্ডল (ব’লাংপাং) পিন্ধে, কপালত দীঘলীয়াকৈ উল্কি (দুক) আঁকি বেশভূষা কৰিছিল। উৎসৱ-সমাৰোহত ডেকাসকলে মূৰত পাগুৰী (পেহ’) মাৰি তাতে ‘ৱ’জৰু’ আনি গুজি লৈ গাত বিভিন্ন ৰঙৰ ফটুৱৈ চোলা (চ’ই) পিন্ধি কঁকালত কৌপীন সদৃশ ৰিকঙৰ ওপৰত ৱামকক মেৰিয়াই দি ডিঙিত ৰূপৰ ‘লেক জিনজিৰি’ আৰু হাতৰ আঙুলিত ‘আৰনান’ পিন্ধি সুসজ্জিত হৈ লয়। নাৰীসকলেও বয়স আৰু মৰ্যদা অনুসৰি বিভিন্ন সাজপাৰ আৰু আ-অলংকাৰেৰে নিজকে সুশোভিত কৰিছিল।

কাৰ্বিসকলৰ জীৱনযাত্ৰা কৃষিক কেন্দ্ৰ কৰি গঢ়ি লোৱা। বিশেষকৈ ঝুমখেতিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে। তেওঁলোকে উদ্‌যাপন কৰা পূজা-পাৰ্বনৰ ভিতৰত বছৰৰ প্ৰথম দিনতে পতা ৰাছিনজা, কৃষি কাৰ্যৰ আৰম্ভণিতে পতা ৰংকেৰ (প্ৰাচীনকালত এই পূজাত নৰবলি দিছিল) আৰু বৰষুণৰ বাবে পতা চ’জুন পূজা অন্যতম। ‘মুককৰাং’, পালনকৰ্তী হেমপু’ ৰণ দেৱতা ‘পেং’ আৰু ব্যঘ্ৰদেৱতা ‘উমখ্ৰা’ আদি দেৱতালৈও পূজা এভাগ দিয়া হয়। অতি আড়ম্বৰপূৰ্ণভাৱে নৃত্য-গীতসহ উদ্‌যাপিত অন্যতম উৎসৱ চমাংকান বা মৃতকৰ শ্ৰাদ্ধ।

কাৰ্বিসমাজৰ বিবাহৰ বাবে কন্যা খোজা বঢ়া কৰা ৰীতি গীতৰ মাজেদি সম্পাদি্ত হয়। এই গীতক ‘আদাম-আছাৰ কাংথুৰ’ বোলা হয়। বংদাম-দাম নামৰ তিতালাউৰ খোলত মদ এলাউ আগবঢ়াই প্ৰথমে ইংগিত প্ৰদান (নো-পি বেংছ কাচিংকি), দ্বিতীয়তে, উদ্দেশ্য ব্যাখ্যা (পিছকহাং) তাৰ পিছত বন্দবস্ত (লাম কেপাথিক) আৰু সৰ্বশেষত বিয়াৰ দিন, বাৰ নিৰ্ধাৰণ (আজ আৰণি কেফা) এই চাৰিটা স্তৰত বিবাহকাৰ্য সমাপন হয়। কাৰ্বি সমাজত বিয়াৰ পিছত পাবলগীয়া ৰীতিটো হৈছে– এগৰাকী বিবাহিতা স্ত্ৰীয়ে সদায় গিৰিয়েকৰ আগে আগে যাবলগীয়া হোৱাটো, যাক বোলা হয় ‘কাচাৰ্বি’ প্ৰথা।

কাৰ্বিসকলে নিজৰ সুকীয়া পদ্ধতিৰে বাৰমাহ আৰু সময়ৰ জোখ-মাখ লয়। কাৰ্বিৰ সাতবাৰৰ নামসমূহ এনেধৰণৰ উৰ্মি (সোম), দুৰ্মি (মংগল), থেলাং (বুধ), থেমান (বৃহস্পতি), ভমতি (শনি) আৰু ভমকুৰ (দেও)। ঝুমখেতিৰ মাজেৰে গঢ়ি উঠা সমাজ গাঁঠনিত অষ্ট্ৰিক জনগোষ্ঠীৰ প্ৰভাৱ অতি গভীৰ।

বড়ো জনগোষ্ঠীঃবড়োসকল মংগোলীয় নৃগোষ্ঠীৰ তিব্বতবৰ্মীয় ভাষা-ভাষী লোক। বড়োসকল ঘাইকৈ শৈৱ পন্থাৰ লগত জড়িত বাথৌ পন্থীয় লোক। তেওঁলোকৰ মাজত কিছুসংখ্যক সনাতন, বৈষ্ঞৱ আদি হিন্দুধৰ্মৰ ধাৰাৰ আৰু খৃষ্টধৰ্মীয় লোকো নথকা নহয়। নিজ ভাষা-সংস্কৃতি সংৰক্ষণ কৰা দলৰ ভিতৰত হাজোৱাৰী (পাহাৰৰ), হায়েনাৰী (ভৈয়ামৰ), ছৗনাবমাৰী (পশ্চিমৰ), ছামমাৰী (পূবৰ), দৈখলাং খোলৰি (ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ) আদি প্ৰধান। এইবিলাক বড়ো, কছাৰী নিজৰ ভিতৰতে দি লোৱা নাম। তেওঁলোকৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক যদিও মাতৃতান্ত্ৰিক (মাহাৰী) সমাজ ব্যৱস্থাও কিছুমান সমাজিক অনুষ্ঠানত পৰিলক্ষিত হয়। বিয়াৰ পিছত কইনা দৰাৰ ঘৰত গৃহবাস কৰে আৰু অৱশ্যে অন্য সতি-সন্ততিয়ে দেউতাকৰ উপাধি গ্ৰহণ কৰে। অৱশ্যে অন্য জনজাতীয় সমাজত প্ৰচলিত নথকা সগোত্ৰীয় বিবাহ বড়োৰ মাজত প্ৰচলন আছে।

বড়োসকলে পৰম্পৰাগতভাৱে পাচোঁটি সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে। গাঁওখনৰ মন্ত্ৰপাঠ (স্বৰ্গীয়াৰী), প্ৰায়চিত্ত বিধান (নাৰ্জীয়াৰী), খেতি-বাতি (বসুমতাৰী) মাছমৰা (দৈমাৰী), চিকাৰ কৰা (মুছাহাৰী) আদি ভিন ভিন কাৰ্যৰ বাবে ভিন ভিন ফৈদৰ লোকৰ হাতত দায়িত্ব ন্যস্ত থাকে যদিও গোত্ৰভিত্তিক এই শ্ৰম বিভাজনৰ সিমান ধৰা-বন্ধা নিয়ম নাই। বাঁহৰ ব্যৱহাৰ বড়োসকলৰ এক অন্যতম বৈশিষ্ট্য। প্ৰয়োজনীয় বহু সামগ্ৰী তেওঁলোকৰ বাঁহেৰে নিৰ্মিত। বড়ো তিৰোতাসকলে প্ৰত্যেকে একোগৰাকী পাকৈত দাৱনী, ৰোৱনী, মাছুৱৈ আৰু ৰান্ধনী। এড়ি পালন আৰু এড়ি সূতা কটাত বড়ো তিৰোতা অতিশয় সুদক্ষ। কাপোৰ বব নজনা ‘আলুৰি’ ছোৱালীৰ বিয়াৰ বজাৰত মূল্যহীন। বড়োসকল ভাল শিপিনী আৰু নাচনীও। উৎসৱ-পাৰ্বনত পুৰুষৰ লগতে বড়ো ছিখলা (গাভৰু), আয়থা (আয়তী), বৈৰাথী (নামতি) আৰু বয়োবৃদ্ধ লোকৰ বিশেষ ভূমিকা আছে। বড়ো তিৰোতাই বুকুত দখনা (মেথনি) মাৰি, গাত ফাছৰা লৈ ঘিলা খোপা বান্ধি, খোপাত একোতা কাকৈ গুজি লৈ ধুনপেচ মাৰি ভাল পায়। কাণত খেৰা (কেৰু), তালিংলৰা (দুল), নাকত বালি (নাকফুল), ডিঙিত চন্দ্ৰহাৰ, হাতত আছান মুটা (বালা), আঙুলিত আখতাম (আঙুঠি) আৰু গাত দখনা থাউছি (তেল গামোছা)ৰে অলংকৃত হৈ কইনাজনী হৈ বহিলে বড়ো নাৰীৰ অপূৰ্ব ৰূপ ফুটি উঠে। আনহাতে বড়ো পুৰুষৰ সাজপাৰ অতি সাধাৰণ বিধৰ। কঁকালত আঠুমুৰীয়া ফখৰা-চিতাৰা গামছা (চুৰিয়া), গাত গছল (চোলা) আৰু ডিঙিত ফুলাম (আৰনাই)– এই তিনিবিধ বড়ো পুৰুষৰ উমৈহতীয়া সাজপাৰ। বড়ো সমাজত বিয়া ছয় প্ৰকাৰৰ– (ক) হাবা গৌলাও (চাই-মেলি কৰা), (খ) খাৰছননায় (ঘৰ সোমোৱা), (গ) গৌৰজিয়া লাখিয়ান (ঘৰজোঁৱাই), (ঘ) দংখা হাবনায় (ঢোকা ৰখা), (ঙ) বৗনৌনৈ হাবা খালামনায় (জোৰপূৰ্বক হৰা) আৰু (চ) দৌনখাৰ লাংনায় (পলুয়াই নিয়া)। বড়োসকলৰ মাজত নৃত্যৰ লগত জড়িত বিভিন্ন লোকাচাৰ আৰু লোক-বিশ্বাস আছে। মৃতকক গা ধুৱাই, মিঠাতেল সানি মুৰ ফণিয়াই, ভোজনাহাৰ কৰাই পাৰি নথকা বগা কাপোৰেৰে ঢাকি বাঁহৰ চাঙত কঢ়িয়াই আগে আগে গোবৰ-পানী ছটিয়াই আৰু এঙাসূতা টানি নি গৌথীবাৰীত (মৰিশালিত) সৎকাৰ কৰে। মূল গৃহস্থৰ মৃত্যুৰ ক্ষেত্ৰত শ্ৰাদ্ধত ষাঁড় গৰু এৰি দিয়া হয়। অবিবাহিত পুৰুষৰ মৃত্যু হ’লে শ্মশানত মূৰৰ ফালে কলগছ এজুপি আৰু অন্যান্যৰ ক্ষেত্ৰত ঠানি এডাল ৰুই দিয়া হয়। পৰজন্মত কঁকাল ছিয়া হ’বৰ বাবে মৃতকক চাঙিত বান্ধোতে কঁকাল অংশত বেতেৰে খুউব টানকৈ আটি আটি বান্ধি দিয়া হয়।

বড়োসকল প্ৰধানত কৃষিজীৱি। ন গছা দিয়া, মায়লাও লায়নায় (লখিমীৰ আগ অনা), ন ভাত খোৱা কাতি গাছা ছাও নায় (কঙালী বিহুত ঔ খোলেৰে পথাৰত বন্তি জলোৱা), শইচ চপোৱা আৰু মাঘ বিহুত বেলাগুৰ (মেজিৰ ভোজ) খোৱা, ব’হাগ বিহুত গৰুক গা ধুওৱা আদিৰ উদ্ভাৱক এওঁলোকেই বুলি পণ্ডিত সকলৰ ধাৰণা। অতি কম খৰচত বাৰীত হোৱা শাক-পাচলিৰ উপৰিও ঠাইতে পোৱা বনৰীয়া শাক-পাতেৰে অতি উপাদেও ব্যঞ্জন প্ৰস্তুত কৰি জুতি-বুধিৰে তেওঁলোকে খায়। পচলা, ঢেঁকীয়া, কচুথোৰা, পালেং, লফা, বাঁহগাজ খৰিচা আদি ব্যঞ্জন মংগোলীয় সংস্কৃতিৰ দান। শুকান মাছ (নাফাম), শুকান মাংস, শোকোতা আদি তেওঁলোকৰ উদ্ভাৱন। জুমায়, জৌ, ফিথিখা আদি বিভিন্ন প্ৰকাৰৰ লাউপানী, কোমল চাউল, ভাপপিঠা, চুঙাপিঠা, টোপোলা পিঠা, খাৰলি-কাঁহুদি আদি লোক ৰুচিকৰ খাদ্য প্ৰস্তুত কৰাত তেওঁলোক সিদ্ধহস্ত।

বড়োসকলে বছৰেকত সমজুৱাকৈ অতি কমেও এবাৰ গাৰজা, এবাৰ খেৰাই (বাথৌ), বুল্লিব্ৰী (কামাখ্যা), মাৰাই (মনসা), লাওঁখাৰ গছাই (শ্ৰীকৃষ্ঞ), খেৰাই উৎসৱ অতি জাকজমকতাৰে উদ্‌যাপন কৰে। আমথিছুৱা (অম্বুবাচী), কাতিগাছা (কাতিবিহু), দোমাছি (ভোগালী বিহু), ফুছলি হাবা (পুতলী বিয়া), বৈছাগু (বহাগ বিহু) আদি বড়ো সমাজত প্ৰচলন আছে। অসমীয়াৰ দৰে বড়ো ভাষাও সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হৈছে।

ৰাভা জনগোষ্ঠীঃঅসমৰ বৈচিত্ৰ্যপূৰ্ণ বৰ্ণিল সংস্কৃতিত ৰাভা জনগোষ্ঠীৰ এক সুকীয়া আসন আছে। ভাৰতীয় সংবিধানত অনুসূচীত জনজাতি (ভৈয়াম)ৰ হিচাপে তালিকাভূক্ত তিব্বতবৰ্মীয় মূলৰ ভাষা-ভাষী ৰাভাসকলৰ নামনি জিলাকেইখনত আৰু মেঘালয়ৰ পূব দিশত গাৰো পাহাৰ জিলাত কেন্দ্ৰীভূত হৈ আছে। শিৱসাগৰ, লক্ষীমপুৰ, দৰং আৰু পশ্চিমবংগৰ কোচবিহাৰ, জলপাইগুৰি অঞ্চলতো ৰাভাসকল ছেগাছোৰোগাকৈ বসবাস কৰি আছে।

ৰাভাসকলৰ পুৰুষ-মহিলা উভয়ে কৃষিকাৰ্য, মাছমৰা আদি কামত হাত উজান দিয়ে। ৰাভা জনগোষ্ঠী প্ৰধানকৈ আঠটা খেলত বিভক্ত। যেনে– ৰংদানি, মায়াতৰি, পাতি, দাহৰি, বিটলীয়া, টোটলা, কোচা (ছোংগা) আৰু হানা। ৰাভাসকলৰ সমাজ ব্যৱস্থা গণতান্ত্ৰিক। তেওঁলোকৰ পৰিয়াল গাঁথনি আগতে মাতৃতান্ত্ৰিক আছিল যদিও বৰ্তমান পিতৃতান্ত্ৰিক হোৱা দেখা যায়। মংগোলীয় সংস্কৃতিৰ উমৈহতীয়া লক্ষণ মাত্ৰ তিনিটাহে হ’ল– (ক) সৰ্বত্ৰতে তামোল-পাণৰ ব্যৱহাৰ (খ) পূজা আৰু খাদ্যৰ তালিকাত গাখীৰ বৰ্জন আৰু (গ) সাধাৰণ ধৰণৰ তাঁতশাল। বাকীবোৰ লক্ষণ যেনে– পৰ্বতীয়া অংশত বাসস্থান, গাঁও উল্কি অকা, বৈবাহিক যৌন সম্পৰ্ক, চাংঘৰত বসবাস আদিৰ প্ৰচলন হয়তো তাহানিতে আছিল।

সাজপাৰৰ ক্ষেত্ৰত ৰাভাসকলৰ বৈশিষ্ট্য মন কৰিবলগীয়া। নাৰীসকলে তিনিখলপীয়াকৈ পৰিধান কৰা সাজৰ ভিতৰত ৰুফান বা লেমাফোটা আৰু লগতে গাত একন আংচা বা কাম্বুং মেৰিয়াই লয়। পুৰুষসকলে উৎসৱ আদিত ডিঙিত মেৰিয়াই লোৱা পজাৰ (ফালি) একোখন, জামা (কামিজ জাতীয়) আৰু পোন্ধ মাৰি পিন্ধা পখৰা-চিখৰা আঁঠুমুৰীয়া (গামোচা), চুৰিয়াৰ সমাদৰ আছে। অলংকাৰপ্ৰিয়তা ৰাভা মহিলাসকলৰ আন এক দিশ। অলংকাৰবিহীন মহিলাক সমাজত ঘৃণাৰ চকুৰে চায়। অলংকাৰসমূহ– নামবি বলানামব্ৰি (কাণত পিন্ধা), দালা (কাণত পিন্ধা), নাকপাতি, নাকবালি, ছান, মুছুমাক্ৰং, বালি, চন্দ্ৰহাৰ, হাঞ্চা, কাটবাজু, জিঞ্জিৰি, মৰিচাংচাপ, ছাছি তাম, বেংচেলা (ভৰিখাৰু), গুটিমালা, ছুকিমালা ইত্যাদি। ৰাভাসকল বোৱা-কাটতো চহকী। বিয়াৰ ক্ষেত্ৰত পলুৱাই আনি কৰা বিবাহ, উপযাচি যোৱা বিবাহ (নোক ধাংকায়), দৰা সাজি যোৱা বিবাহ (বুৰি-ছিংকায়), ঘৰজোঁৱাই বিবাহ (জঙয় ধাংকায়) আদি অন্যতম। বিয়াত মোমায়েকৰ জীয়েকক প্ৰাধান্য দিয়া আচাৰো আছিল।

ৰাভাসকল জড়োপাসক যদিও শিৱ (লাঙা) আৰু পাৰ্বতী (কালী)কো মানে। তেওঁলোক উৎসৱ প্ৰিয়। ৰাভা সমাজত বাৰ মাহত তেৰ পূজা অনুষ্ঠিত হয় আৰু প্ৰতিটো অনুষ্ঠানৰ নৃত্য-গীতেৰে মুখৰিত। অঞ্চল আৰু খেলভেদে উৎসৱ-অনুষ্ঠানৰ পাৰ্থক্য বিদ্যমান।

শিৰোনামৰ ছবিঃ ইষ্টাৰ্ণ ফ’টো চাৰ্ভিচ

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

লকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউন প্ৰকৃতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। লকডাউনে মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলেও ইয়াৰ বহুখিনি ইতিবাচক প্ৰভাৱ...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ কপিকূলক ফল যোগান ধৰিছে এগৰাকী মহিলাই, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদত ফটোঃ বিশাল বড়ো  Pix: Bishal Boro

ডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ চি এন ডেক্স – পানীমুৰ এটা বিখ্যাত জলপ্ৰপাত। স্থানীয় পৰ্যটককে নহয় দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰা এটি জলপ্ৰপাত। জলপ্ৰপাতটোত গোটেই বছৰজুৰি দেশী–বিদেশী...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নিখিল ৰাভা মহিলা পৰিষদৰ ২৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ছাটাৰ গাঁৱত। ফটোঃ প্ৰভাত ৰাভা  Pix: Prabhat Rabha

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward