20 C
Guwahati
Wednesday, April 21, 2021
Home ARTICLE অসমৰ বিদ্যালয়ৰ কাষতে মেঘালয়ৰ খ্ৰীষ্টান মিছনেৰীয়ে স্থাপন কৰিলে অন্য এখন বিদ্যালয়

অসমৰ বিদ্যালয়ৰ কাষতে মেঘালয়ৰ খ্ৰীষ্টান মিছনেৰীয়ে স্থাপন কৰিলে অন্য এখন বিদ্যালয়

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

আমৰিং কাৰ্বি জনগোষ্ঠী বসতিপ্ৰধান এখন গাঁও। প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত গাঁৱখন অৱস্থিত। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। সেউজীয়া অৰণ্যৰ মাজত শান্তিপূৰ্ণভাৱে বসবাস কৰি গাঁৱখনৰ মানুহবোৰ সম্প্ৰতি ধৰ্মৰ ভিত্তিত দুটা ভাগত বিভক্ত হৈ পৰিছে। কেৱল দুটা ভাগত বিভক্ত হোৱাই নহয় এচামে জন্মগত সেই গাঁৱখন একেবাৰে ত্যাগ কৰি অইন এঠাইত গাঁও পাতি বসবাস কৰিবলৈ লৈছে। পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয়ৰ সীমান্তত অৱস্থিত এই গাঁওঁখনত মুঠ পৰিয়াল আছিল ৪০টা। আমৰিং ৰাণীৰ পৰা বহু দূৰৈত নহয়। কিন্তু পথ যোগাযোগ ব্যৱস্থা অতি দূৰ্গম হোৱা বাবেহে গাঁৱখন আমাৰ পৰা বহু দূৰৈত যেন অনুভৱ হয়। ৰাণী–কপিলী বনভোজ কেন্দ্ৰৰ পৰা খোজকাঢ়ি গ’লে আমৰিং গাঁৱখনত উপস্থিত হ’বলৈ এক বা ডেৰ ঘণ্টা সময়ৰ প্ৰয়োজন।    

আমৰিং, অতিকৈ পুৰণি এই গাঁৱখনৰ সকলোবোৰ পৰিয়াল প্ৰথমাৱস্থাত হিন্দু ধৰ্মাৱলম্বী আছিল। সৰু–বৰ ৪০টা পৰিয়াল মিলা–প্ৰীতিৰে বসবাস কৰিছিল। কিন্তু সময়ৰ গতিত সকলোবোৰ সলনি হ’ল। সেয়া আছিল ২০০৬ চনৰ কথা। গাঁৱখনৰ ৪০টা পৰিয়ালৰ ভিতৰত ২০টা একেলগে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’ল। লগেলগে গাঁৱখনৰ মানুহখিনিৰ মাজত বিভেদৰ ৰেখা এডাল সৃষ্টি হ’ল। ধৰ্মৰ ভিত্তিত কথা–বাৰ্তা, খাদ্য, মৰম–চেনেহ, বিশ্বাস, পৰম্পৰা, ৰীতি–নীতি সকলোবোৰ সলনি হ’ল। বছৰ বছৰ ধৰি গাঁৱখনৰ সকলো লোক ককাই–ভাই–ভনীৰ দৰে মিলা–প্ৰীতিৰে বসবাস কৰি আহিছিল। আজি অ’ত বছৰে একেলগে বসবাস কৰি থকা লোকসকল ধৰ্মৰ ভিত্তিত দুটা ফৈদ সৃষ্টি হোৱাৰ লগেলগে যেন মৰম–চেনেহবোৰ অন্তৰৰ মাজৰ পৰা হেৰাই যাব ধৰিলে। এসময়ত কান্ধত ধৰাধৰিকৈ ডাঙৰ হোৱা, বিপদৰ সময়ত ইজনে–সিজনক সহায় আগবঢ়োৱা লোকসকলৰ মাজতেই যেন বিশ্বাসযোগ্যতাৰ প্ৰশ্ন আহি পৰিল। আগতে মানুহখিনিয়ে বজাৰৰ কাৰণে সোমবাৰ দিনটো বাদ দি সপ্তাহটোৰ বাকীকেইটা দিনত হাড়ভঙা পৰিশ্ৰম কৰিছিল। কিন্তু ধৰ্মৰ ভিত্তিত সেইবোৰ সলনি হ’ল। এটা চামে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি থকা সময়ত অন্য এটা চামে চাফ–চিকুন হৈ গাত সুগন্ধি সানি দেওবাৰ দিনটো উপাসনাত ব্যস্ত থকা হ’ল। একেখন গাঁৱত সকলোবোৰ বসবাস কৰিলেও দুয়োটা পক্ষৰ মাজত কিবা খাপ নোখোৱা জীৱন! এনেকৈ কেইটামান বছৰ অতিক্ৰম কৰিলে। কিন্তু দিন বাগৰাৰ লগেলগে মনৰ ফাকবোৰো ক্ৰমান্বয়ে বহল হৈ পৰাত এটা ফৈদে জন্মগত পুৰণি সেই গাঁৱখনকে ত্যাগ কৰাৰ কথা চিন্তা কৰিলে। অকল চিন্তা কৰাই নহয় একেবাৰে বাস্তৱত কাৰ্যকৰণ কৰিলে। খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হোৱা ২০টা পৰিয়ালক পুৰণি আমৰিং গাঁৱখনত এৰি থৈ এক কিলোমিটাৰ নিলগৰ নাৰলিং (নৰ্লং) নামৰ ঠাইখনত হিন্দু পৰিয়ালকেইটাই নতুনকৈ বসতি স্থাপন কৰিলে। সেয়া ২০০৮ চনৰ কথা। নাৰলিং ৰাণীৰ পৰা গ’লে প্ৰথমে পোৱা যায়, সেই ঠাইখনৰপৰা এক কিলোমিটাৰ অতিক্ৰম কৰিলেহে আমৰিং গাঁৱখন পোৱা যায়। নাৰলিং আগতে বড়ো, ৰাভা জনগোষ্ঠীৰ লোকেৰে পৰিপূৰ্ণ এখন গাঁও আছিল। অটব্য অৰণ্যৰ মাজৰ সেই গাঁওখন হাতীৰ বৰ উপদ্ৰৱ আছিল। দিনকদিনে বাঢ়ি যোৱা হাতীৰ উপদ্ৰৱত তিস্থিৱ নোৱাৰি মানুহবোৰ সেই ঠাইখন ত্যাগ কৰিলে আৰু তাৰ বাসিন্দাসকল ৰাণীত নিগাজীকৈ থাকিবলৈ ল’লে। মানুহবোৰ সেই ঠাইখনৰপৰা আঁতৰি যোৱাৰ লগেলগে তাত ৰোপন কৰা কল, তামোল, নাৰিকল সকলোবোৰ বনৰীয়া হাতীয়ে খাস্তাং কৰিলে। বহু বছৰ তেনেকৈয়ে পৰি থকা ঠাইখনত অৱশেষত আমৰিঙৰ পৰা ফালৰি কাটি অহা লোকসকলৰ বসতি স্থাপনত পুনৰ প্ৰাণপাই উঠিল। বসতি স্থাপনৰ আজি বাৰ বছৰ অতিক্ৰম কৰা মানুহবোৰে গাঁৱখনক সুন্দৰকৈ গঢ়ি তুলিছে। শৈক্ষিক দিশত অগ্ৰাধিকাৰ দিয়া গাঁৱখনত ২০০৯ চনত ৰাইজৰ পৃষ্ঠপোষকতা অৰুণোদয় বিদ্যালয় নামেৰে এখন জাতীয় বিদ্যালয় গঢ়ি উঠিছে। কিনাৰাম ৰাভাই শিক্ষকতা কৰি থকা বিদ্যালয়খনত বৰ্তমান ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ২৫গৰাকী। কিনাৰাম এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলা সমিতিৰ সভাপতি আছিল। শিক্ষাৰ মান উন্নত হোৱা বাবে বিদ্যালয়খনত পঢ়াশুনা কৰিবলৈ অঞ্চলটোৰ দূৰ–দূৰণিৰ গড় ভাংগা, নুমলিপথাৰ, ডুম’পাহাম আদি গাঁৱৰ পৰা ছাত্ৰ–ছাত্ৰী আহিছে। গাঁৱখনৰ বিভিন্ন পৰিয়ালত থাকি বিদ্যালয়খনত পঢ়াশুনা কৰি আছে বুলি– গাঁৱখনৰে এজন লোক বীৰেন টুমুঙে ব্যক্ত কৰে।

কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহাৰ্যত নাৰলিং গাঁৱত ৪৪০ ভল্টৰ সৌৰ শক্তি চালিত বিদ্যুৎ প্ৰকল্প এটি স্থাপন কৰিছে। কৃষ্ঞ টুমুঙৰ বাৰীত স্থাপন কৰা উক্ত সৌৰ প্ৰকল্পৰ পৰাই গাঁৱখনৰ সকলো পৰিয়ালকে বিদ্যুৎ সংযোগ দিছে। সৌৰ বিদ্যুৎ ব্যৱহাৰৰ ফলত গাঁওবাসীয়ে কোনো মাচুল ভৰিব নালাগে। সেয়ে গাঁওখনত এতিয়া ২৪ ঘণ্টাই বিজুলী যোগানৰ সু–ব্যৱস্থা গঢ়ি উঠাত সকলো পৰিয়ালে লাইট জ্বলাবপৰা অৱস্থা এটা হৈছে। প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত গাঁৱখনত সৌৰ বিজুলীৰ পোহৰত নিশা ৰঙীণ হৈ উঠে। প্ৰকৃতিয়ে দান কৰা মুক্ত বায়ু সেৱন কৰিয়েই মানুহবোৰে ক্ষান্ত থকা নাই প্ৰায় সংখ্যক পৰিয়ালতে বিজুলী ফেন সংযোগেৰে কৃত্ৰিম বতাহো সেৱন কৰিছে। গাঁৱখনত টিভিৰ প্ৰচলন হোৱাত বহিঃবিশ্বৰ ঘটনা–পৰিঘটনা সমূহ চাবপৰা সৌভাগ্যও ঘটিছে। নিৰ্দিষ্ট কিছু ঠাইৰ মাজেমাজে চেল ওৱান আৰু এয়াৰটেলৰ নেটৱৰ্ক সুন্দৰভাৱে পোৱা যায়। সেই ঠাই সমূহৰ পৰাই তেওঁলোকে বহিঃবিশ্বৰ সৈতে ম’বাইল ফোনেৰে যোগাযোগ স্থাপন কৰে।

হৰ্গ টুমুং, প্ৰায় পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰা আমৰিং গাঁৱৰ এজন বাসিন্দা। হৰ্গৰ আতা–পিতা সকলোৱে হিন্দু পৰিয়ালত জন্মলাভ কৰিছে কিন্তু হৰ্গইহে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিছে। গাঁৱখনৰ পৰিয়ালকেইটাক খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিবলৈ কোনে উৎসাহিত কৰিলে সেয়া অন্য কথা। কিন্তু হৰ্গই হেনো হিন্দুৰ জনজাতীয় ৰীতি–নীতিমতে পূজা–পাতল কৰি খৰছান্ত হৈ পৰিছে। সেয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিলে। হৰ্গৰ মতে– আমি অৰণ্যৰ মাজত বসবাস কৰা জনজাতীয় মানুহ। অৰণ্যৰ মাজতেই আমাৰ জীৱন–জীৱিকাৰ সৃষ্টি। জীৱিকাৰ তাড়নাত হাবি–বনত ঘূৰি ফুৰোতে জংগলৰ দেৱতাসকলে আমাৰ গাত বৰ বেয়াকৈ লম্ভে। আমাৰ জংঘলৰ দেৱ–দেৱীসকল বৰ কঢ়া। গতিকে পূজা–পাতলৰ ৰীতি–নীতিও কঠোৰ। ৰীতি–নীতিৰ ভিতৰত পূজা–পাতল আগবঢ়াব নোৱাৰিলেই নিজৰ বিপদ। বিভিন্ন ধৰণৰ বেমাৰ–আজাৰে আগুৰি ধৰে আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে। গতিকে, সন্তুষ্টিৰ বাবে দেৱ–দেৱীসকলৰ কোনোজনক গাহৰি, কোনোজনক মুৰ্গী, কোনোজনক কেঁচা মদ আগবঢ়াই পূজা–পাতল আগবঢ়াব লাগে। ইপিনে, ৰাজহুৱাভাৱেও গাঁৱখনৰ পৰা মৰি–মাৰক, অশূয়া–অমংগল দূৰ কৰিবলৈ প্ৰতি বছৰে বনৰ দেৱ–দেৱীসকললৈ পূজা–পাতল এভাগ আগবঢ়োৱা হয়। হৰ্গই যেতিয়াৰ পৰা খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’ল তেতিয়াৰ পৰা হিন্দু দেৱ–দেৱীৰ ওচৰত এনেদৰে পূজা–পাতল আগবঢ়াবলগীয়া হোৱা নাই। গাহৰি, মুৰ্গী, মদ আগবঢ়োৱা পূজা–পাতলৰ পৰা তেখেতে ৰেহাই পাইছে। মানে– পূজাৰ বাবে সেইবোৰ কিনোতে যি খৰছ হয় সেয়া ৰেহাই পাইছে। ইপিনে, হিন্দু থাকোতে দেৱ–দেৱীৰ প্ৰতি যি ভয়–শংকা আছিল খ্ৰীষ্টান হোৱাৰ পাছত এতিয়া হেনো সেইবোৰ নোহোৱা হৈছে। এতিয়া খ্ৰীষ্টান নীতিমতে উপাসনা কৰিলেই হেনো হৰ্গৰ সকলোবোৰ অশূয়া–অপ্ৰীতি দূৰ হয়।

পিছে, ধৰ্ম হিন্দু–খ্ৰীষ্টান যিয়েই নহওক মানুহখিনিৰ মূল সমস্যা কিন্তু একেই। পথ যোগাযোগৰ ব্যৱস্থা এতিয়াও দূৰ্গম সেয়ে খাদ্য সামগ্ৰীকে আদিকৰি সকলোবোৰ অত্যাৱশ্যকীয় সা–সামগ্ৰী এতিয়াও মানুহে পিঠিত কঢ়িয়াই নিব লাগে। অৱশ্যে, পথটোৰে মাজে মাজে ট্ৰাক চলাচল কৰে। গাঁও দুখনৰ কেইজনমানে চাইকেল আৰু মটৰ চাইকেল কিনিছে। দুয়োখন গাঁৱৰ পৰিয়ালসকলে এতিয়াও নিজৰাৰ পৰা খোৱাপানী সংগ্ৰহ কৰিবলগা অৱস্থাতেই আছে। জ্বৰ–বেমাৰ হ’লে মানুহক সাঙিত তুলি ৰাণীৰ সামূহিক চিকিৎসালয়লৈ কঢ়িয়াই আনিব লাগে। নাৰলিং গাঁৱত এগৰাকী আশাকৰ্মী আছে। জ্বৰ–বেমাৰৰ প্ৰাথমিক ঔষধ–পাতি এই আশাকৰ্মী গৰাকীয়ে যোগান ধৰে। এইক্ষেত্ৰত আশাকৰ্মী গৰাকীয়েই দুয়োখন গাৱৰ বাবে একমাত্ৰ ভাৰসা। আমৰিং–নাৰলিং এই দুয়োখন গাঁৱৰ মানুহখিনিৰ প্ৰধান জীৱিকা ঝুম খেতি। সমভূমিৰ খেতিপথাৰো আছে। বস্তিবোৰত কল, তামোল, পান, জালুক, শাক–পাচলিৰ খেতি কৰে। যথেষ্ট পৰিমাণে উৎপাদিত সামগ্ৰী ৰাণী বজাৰত বিক্ৰীৰ বাবে লৈ আহে। সেইবোৰ বিক্ৰীকৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰী কিনি লৈ যায়। খেতি–বাতিৰ বাবে গাঁও দুখনত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ এখন আছে যদিও যাতায়ত ব্যৱস্থা দুৰ্গম হোৱা বাবে সেইবোৰ বাস্তৱত ৰূপায়ন কৰিব নোৱাৰে।   

আমৰিং আৰু নাৰলিং গাঁও দুখনৰ মাজৰ দূৰত্ব এক কিলোমিটাৰ। প্ৰাদেশীকৃত একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান ‘নাৰলিং প্ৰাথমিক বিদ্যালয়’খন আমৰিং গাঁৱখনতহে অৱস্থিত। ১৯৭৭ চনত স্থাপিত চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত বৰ্তমান ছাত্ৰ–ছাত্ৰীৰ সংখ্যা প্ৰায় ২০গৰাকী। ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা হ’ল দুগৰাকী। গাঁৱখনৰ ৰাইজে বিদ্যালয় গৃহ, চৌহদ বৰ সুন্দৰকৈ চাফ–চিকুন কৰি ৰাখিছে। কিন্তু বিদ্যালয়খনত শিক্ষকৰহে পদধূলা নপৰে। দুজনীয়া শিক্ষকেৰে পৰিচালিত বিদ্যালয়খনত বৰ্তমান শিক্ষকদ্বয় ক্ৰমে– দীপক ৰাভা আৰু মৃণাল কান্তি বড়া। দীপক ৰাভাক অসম চৰকাৰে বি এল অ’ হিচাপে নিযুক্ত কৰিছে। সম্প্ৰতি দীপক ৰাভাৰ বাদেও যে মৃণাল কান্তি বড়া নামৰ অন্য এজন শিক্ষক তেওঁলোকৰ বিদ্যালয়ত নিযুক্ত হৈ আছে সেইকথা গাঁৱখনৰ ৰাইজে নাজানে আৰু কোনোদিনে সেই শিক্ষকগৰাকীক দেখাও নাই। ইপিনে, বি এল অ’ নিযুক্তিৰ সুবাদত দীপক ৰাভাইয়ো সমগ্ৰ বছৰটোত দহ–বাৰটা দিন বিদ্যালয়ত ভূমুকি মাৰে বুলি গাঁৱখনৰ নেতৃস্থানীয় ব্যক্তিসকলে প্ৰকাশ কৰে। আনগৰাকী শিক্ষক মৃণাল কান্তি বড়াই বিদ্যালয়খনত পাঠদান অবিহনেই চৰকাৰী দৰমহা ভোগকৰি আছে। ২০ গৰাকী ছাত্ৰ–ছাত্ৰীৰ বাবে এগৰাকী শিক্ষকেই যথেষ্ট। তেনেক্ষেত্ৰত দীপক ৰাভাই চৰকাৰৰ বি এল অ’ দায়িত্ব পালন কৰিলেও অন্ততঃ অন্য গৰাকী শিক্ষকে ছাত্ৰ–ছাত্ৰীসকলক সুচাৰুৰূপে পাঠদান কৰিব পাৰিলেহেতেন। কিন্তু সেইটো কৰা দেখা নগ’ল। বিপৰীতে, অসমৰ অৱহেলাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয়ে। অসমৰ প্ৰাথমিক বিদ্যালয়খনৰ পৰা প্ৰায় দুশ ফুট আঁতৰত মেঘালয়ৰ পৰা খ্ৰীষ্টান মিছনেৰীয়ে বিদ্যালয় এখন স্থাপন কৰিছে। সেই বিদ্যালয়খনত বৰ্তমানেও কোনো চাইনব’ৰ্ড লগোৱা হোৱা নাই। গাঁৱখনৰে এজন যুৱক নৰেশ্বৰ টুমুঙক মিছনেৰী বিদ্যালয়খনত শিক্ষকৰ দায়িত্বত নিযুক্তি দিছে। আমাৰ অসমৰ শিক্ষক দুগৰাকীৰ অনুপস্থিতিৰ কাৰণে নাৰলিং প্ৰাথমিক বিদ্যালয়ৰ পৰা সকলোবোৰ ছাত্ৰ–ছাত্ৰী মিছনেৰীয়ে স্থাপন কৰা বিদ্যালয়খনতে পঢ়া–শুনা কৰিবলৈ বাধ্য হৈ পৰিছে। এইক্ষেত্ৰত অসম চৰকাৰৰ বহু কৰণীয় আছে যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই। বিদ্যালয়খনত শিক্ষক দুগৰাকীৰ উপস্থিতি নিয়মীয়াকৰণ, শিক্ষক মৃণাল কান্তি বড়াই বিদ্যালয়ত উপস্থিতি অবিহনে কেনেকৈ চৰকাৰী দৰমহা ভোগকৰি আছে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহনৰ সময় ওলাবনে ৰাজ্যৰ শিক্ষা বিভাগৰ? এয়া আমৰিং গাঁৱৰ ৰাইজৰ দাবী।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ যাতায়তৰ অনুপযোগী হৈ পৰিছে অসম–মেঘালয় সংযোগী (এনইচি) পথ, ছবিত ৰাণীৰ এছোৱা পথ দেখা গৈছে।   ফটোঃ চানডুবি নিউজ Pix: Chandubi News

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ বসন্ত আহিছে এই দলিচাৰ ওপৰেৰে    ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পাহাৰীয়া জনজাতীয় গাঁওকেইখন আজিও অৱহেলিত

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কেইখনমান জনজাতীয় গাঁও। গাঁওকেইখন প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত, যাৰ চাৰিওফালে কেৱল...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ মুক্ত পৰিবেশত এজাক গৰু, চানডুবি বিলৰ কাষৰ এখন গাঁৱত ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha  

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward