Saturday, April 27, 2024
Homeবাতৰিঅসম চৰকাৰে ভূমিহীন খিলঞ্জীয়াক ভুমি প্ৰদান কৰিব

অসম চৰকাৰে ভূমিহীন খিলঞ্জীয়াক ভুমি প্ৰদান কৰিব

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰে ভূমিহীন খিলঞ্জীয়াক ভূমি প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰিছে। বি জে পি দলে নিৰ্বাচনৰ পূৰ্বে অসমত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল তাক কাৰ্যতঃ ৰূপায়ণৰ দিশে আগবাঢ়িছে। span

অসমৰ জনসাধাৰণে কেইবা দশক ধৰি একেডৰা মাটিতে ভোগদখল কৰি থকাৰ পিচতো মাটিৰ ম্যাদী পট্টা লাভ কৰা নাই। অসমৰ ৰাইজৰ এইটো এটা পুৰণি সমস্যা। সম্প্ৰতি এই পুৰণি সমস্যাটো সমাধান কৰাৰ তৎপৰতা আৰম্ভ কৰিছে। ইতিমধ্যে হৰি শংকৰ ব্রহ্মক অধ্যক্ষ হিচাপে লৈ এখন ভূমি অধিকাৰ সুৰক্ষা সমিতি গঠন কৰি দিছে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত সমিতিৰ প্ৰথম বৈঠক ১৯ মাৰ্চত অনুষ্ঠিত হৈ যায়। সমিতিৰ এই বৈঠকতে অহা জুন মাহৰ প্ৰথমটো সপ্তাহত চৰকাৰক নিজৰ প্ৰতিবেদন দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে পৰবৰ্তীকালত সকলো খিলঞ্জীয়া ভূমিহীনকে ভূমিৰ পট্টাকৰণৰ ব্যৱস্থা কৰিব, নহ’লে জাতি–মাটি, ভাষা–সাহিত্য, কলা–সংস্কৃতি, ৰীতি–নীতি কোনোটোৱে সুৰক্ষিত নহয় বুলিও প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰকাশ কৰে যে– আমাৰ ৰাজ্য চৰকাৰখনে আৰম্ভণিৰ পৰাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰতি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে। ভূমি অধিকাৰ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শ সমূহক ভিত্তি কৰি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ হকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিম। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ ভূমি আইন আৰু আনুষংগিক আইন সমূহ সংশোধনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম। ভূমি অধিকাৰ সমিতিখনে মাটি কিনা–বেচাৰ ক্ষেত্ৰত ১৮৮৬ চনৰ ভূমি আইন সংশোধনেৰে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ সমূহো বিচাৰ–বিবেচনা কৰি ৰাজ্য চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব। ৰাজ্যখনৰ ভূমিৰ শ্রেণীবিভক্তিৰ আসোঁৱাহ সমূহ নোহোৱা কৰাৰ বাবে প্রয়োজনীয় পৰিকল্পনা যুগুতাবলৈ ৰাজহ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ভূমি সৰক্ষা সমিতিখনে বিভিন্ন জিলাৰ উপায়ুক্ত, বিধায়ক, মৌজাদাৰ, গাঁওবুঢ়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

ভূমি অধিকাৰ সমিতিৰ অধ্যক্ষ হৰি শংকৰ ব্ৰহ্মই দোহাৰে যে– ৩২খন জিলা ভ্ৰমণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ পিচত অহা জুন মাহৰ প্ৰথম ভাগত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰিব। ১৯৬৪ চনৰ পাচত ৰাজ্যখনত কোনোধৰণৰ ভূমি জৰীপ হোৱা নাই সেয়ে ৰাজ্যত ভূমি জৰীপৰ প্ৰয়োজন আছে বুলি সমিতিৰ অধ্যক্ষ হৰি শংকৰ ব্ৰহ্মই দোহাৰে। মাটি কিনা–বেচাৰ ক্ষেত্ৰত থলুৱাৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় তাৰবাবে জিলা উপায়ুক্তসকলৰ দৃষ্টিগোচৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। খিলঞ্জীয়া ভূমিহীনক চিলিং উদ্বৃত্ত মাটি পট্টা দিয়া, কৃষিভূমিক কৃষিবহিৰ্ভূত কাৰ্যলৈ হস্তান্তৰকৰণ, খিলঞ্জীয়ালোকৰ ভূমিৰ স্বাৰ্থ সুৰক্ষাৰ বাবে টাস্ক ফৰ্চ গঠন আদি বিষয়সমূহত বিস্তৃতভাৱে আলোচনা কৰে।

সমিতিৰ বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, সমিতিৰ সদস্য সচিব ৰাজেশ প্রসাদ, সদস্য ড০ ৰমেশ বৰপাত্র গোহাঁই, ৰোহিণী কুমাৰ বৰুৱা, অজয় কুমাৰ দত্ত, শ্রীকুমাৰ দহোটিয়া লগতে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগ আৰু অন্যান্য বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward