Friday, March 29, 2024
HomeARTICLEঅসম–মেঘালয় সীমান্তৰ গুলি চালনাত ৬জন নিহত

অসম–মেঘালয় সীমান্তৰ গুলি চালনাত ৬জন নিহত

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ডেস্ক –

অসম–মেঘালয় সীমান্তৰ মুক্ৰহ গাঁৱত বনৰক্ষী আৰু অসম পুলিচৰ গুলিত নিহত হয় ৬জনকৈ লোক। উল্লেখ্য যে, অসমৰ কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী মেঘলায়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত মুক্ৰহ নামৰ খাছি গাঁওখনত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ বিবৰণী মতে– মঙ্গলবাৰৰ পুৱতি নিশা প্ৰায় ৩ বজাত খাছিলোকে কঢ়িয়াই নিয়া চোৰাং কাঠ ভৰ্তি ট্ৰাক এখন অসম বনৰক্ষী আৰু অসম আৰক্ষীয়ে পিছে পিছে খেদি গৈ মুক্ৰহ নামৰ খাছি গাঁওখনত প্ৰৱেশ কৰে। গাঁওখনৰ ৰাষ্টাত ট্ৰাকখন জব্দ কৰাৰ লগতে চোৰাং কাঠৰ বেপাৰী খাছি লোকজনকো আটক কৰে। তেনে সময়তে ঘটনাস্থলীত বহু সংখ্যক খাছিলোক ওলাই আহি অসমৰ দলটোক আবদ্ধ কৰি ৰাখে। উপায়ন্তৰ অসমৰ বনৰক্ষী আৰু আৰক্ষীৰ দলটোৱে আত্মৰক্ষাৰ বাবে খাছিলোক সকললৈ লক্ষ্য কেইবা জাঁই গুলি ফুটায়। উক্ত গুলি চালনাত মেঘালয়ৰ ৫জনকৈ গঁঞাৰ মৃত্যু ঘটাৰ বিপৰীতে দূৰ্ভাগ্যবশত অসমৰ বনকৰ্মী এগৰাকীৰ মৃত্যু ঘটে।

সীমান্তৱৰ্তী গাঁওখনত সংঘটিত দূৰ্ভাগ্যজনক ঘটনাৰ বাবে মেঘালয়ে অসমক জগৰীয়া কৰিছে। অসমৰ দলটো অকৰ্তৃশীলভাৱে মেঘালয়ত প্ৰৱেশ কৰা বুলিও ৰাজ্যখনে দাবী কৰিছে। ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে অসমৰ দলটোৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰি এক গোচৰ পঞ্জীয়ন কৰিছে।

ঘটনাৰ বন জুইয়ে অন্য ফালে বিয়পাৰ আগতে মেঘালয় চৰকাৰে ৰাজ্যখনৰ পশ্চিম জয়ন্তীয়া পাহাৰ, পূব জয়ন্তীয়া পাহাৰ, পূব খাছি পাহাৰ, পশ্চিম খাছি পাহাৰ, দক্ষিণ–পশ্চিম খাছি পাহাৰ, ৰি–ভয় এই সাতখন জিলাত ইণ্টাৰনেট সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিছে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই সীমান্তত সংঘটিত অবাঞ্চিত ঘটনাৰ পৰিপ্ৰেক্ষিতত ২৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শ্বিলং চেৰী ব্লু’জম ফেষ্টিভেলকে ধৰি অন্যান্য উৎসৱ–পাৰ্বন সমূহ বাতিল কৰা বুলি ঘোষণা কৰিছে।

সীমান্তত সংঘটিত ঘটনাই সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰিব পাৰে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিবলগীয়া যান–বাহন সমূহ যোৰাবাটৰ পৰা ঘূৰাই পঠিয়াইছে। যদিও– ঘটনাৰ আগতে মেঘালয়ত আৱদ্ধ হৈ পৰা অসমৰ যান–বাহনৰ ওপৰত একাংশ উগ্ৰ খাছিলোকে অত্যাচাৰ চলোৱাৰ বিক্ষিপ্ত সংবাদ আহিব ধৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward