29 C
Guwahati
Monday, August 2, 2021
Home ARTICLE অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ ইপাৰ–সিপাৰৰ কেইখনমান গাঁৱৰ উন্নয়ন সম্পৰ্কীয় কিছু আলোকপাত

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ ইপাৰ–সিপাৰৰ কেইখনমান গাঁৱৰ উন্নয়ন সম্পৰ্কীয় কিছু আলোকপাত

প্ৰকাশিত তাৰিখঃ ২৯ মাৰ্চ, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

আন্তঃৰাজ্যিক সীমান্তত অসমৰ গাঁৱৰ আৰ্থ–সামাজিক উন্নয়নৰ ক্ষেত্ৰত মেঘালয় চৰকাৰ ইমান আগ্ৰহী হৈ পৰিছে কিয়? ইয়াৰ বিপৰীতে সীমান্তৰ অসমীয়া গাঁও সমূহেও মেঘালয়ৰ লগত চামিল হোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰি থাকে। এই গাঁওসমূহে বিগত সময়ত মেঘালয় প্ৰশাসনক বিভিন্ন প্ৰকাৰে সহায়–সহযোগ কৰি অহা দেখা গৈছে। কিহৰ আশাত মতলীয়া হৈ অসমীয়া গাঁওসমূহে মেঘালয়ক সমৰ্থন কৰি আহিছে। সীমান্তৰ ইপাৰ–সিপাৰৰ কেইখনমান গাঁৱৰ উন্নয়নৰ ছবি আগবঢ়ালো।

আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কাষৰীয়া বহুকেইখন মেঘালয়ৰ গাঁও আছে যিয়ে সকলো সময়তে অসমৰ ওপৰতে নিৰ্ভৰশীল–

কলং (নংকাৰলং) আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ আন্তঃৰাজ্যিক সীমান্তৰ লগত লাগি আছে মেঘালয়ৰ ১০নং জিৰাং সমষ্টি। আমি কলং বুলি জনা গাঁওখন মেঘালয় গেজেটত নংকাৰলং নামেৰে অন্তৰ্ভুক্ত কৰিছে। ৰাণী মূল কেন্দ্ৰৰ পৰা এঘণ্টাৰ বাট অতিক্ৰম কৰিলে কলং নামৰ গাৰো জনগোষ্ঠীৰ গাঁও এখন পোৱা যায়। কলং সম্পূৰ্ণৰূপে মেঘালয়ৰ অধীন। আমাৰ অসমৰ নাৰলিং, আমৰিঙতকৈও ওচৰত আছে কলংখন। ওখ পাহাৰৰ টিঙত অৱস্থিত কলং। কিন্তু মেঘালয়ে সেই কলং গাঁওখনৰ উন্নয়নৰ নামত কৰিছে কি? ১৯৯৬ চনত মেঘালয় সৰ্বশিক্ষা অভিযান মিচনে গাঁওখনত গাৰো মাধ্যমৰ এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছে।   নংকাৰলং প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰা আজি ২৬ বছৰ হ’ল যদিও ইয়াক প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰা নাই। গাঁওখনৰ মানুহবোৰে খোৱাপানী নিজৰাৰ পৰা সংগ্ৰহ কৰে। ৰোগীক সাঙিত তুলি আনি ৰাণীত চিকিৎসা চলাব লাগে। ৰাষ্টাঘাট, খোৱাপানী, বিজুলী কোনো এটাৰে সূচল ব্যৱস্থা নাই। যুগ যুগ ধৰি এনে ব্যৱস্থা চলি আছে। মেঘালয়ৰ স্থায়ী বাসিন্দা হৈও অশেষ দুখ–কষ্টৰ মাজেৰে জীৱন–যাপন কৰিবলগীয়া হৈছে। গাঁওখনৰ কিছুলোকে আমাৰ আগত মাজে–মাজে ব্যক্ত কৰে– “আমি অসমৰ লগত থাকিলেই বেছি সুবিধা পালোহেতেন। আমাৰ চকুৰ পলকতে অসমৰ গাঁও সমূহে ইমান সুবিধা লাভ কৰি আছে। অথচ বহু কষ্ট কৰিও নিজৰ চৰকাৰৰ পৰা সেইখিনি সুবিধা পাবলৈ আমি সক্ষম হোৱা নাই। ইমান দুখ–কষ্টৰ মাজত জীয়াই আছো সেইবোৰ আমাৰ চৰকাৰে দেখা নাপায়”। কিন্তু বাস্তৱত অসমৰ ভোটাৰ হ’বলৈ কোনো প্ৰকাৰে চেষ্টা কৰা দেখা নাই আৰু নকৰেও, সেয়া তেওঁলোক মানসিকভাৱে প্ৰস্তুত। মনত স্তুপীকৃত ক্ষোভবোৰ আঁতৰোৱাৰ বাবেহে তেওঁলোকে মাজেমাজে এইবোৰ কথা ব্যক্ত কৰে।

কণ্ঠম পাহাম (উমচালিয়াং) ৰাণীৰ পৰা ডেৰ ঘণ্টাৰ বাট অতিক্ৰম কৰিলেই পোৱা যায় কণ্ঠম পাহাম নামৰ কাৰ্বি জনগোষ্ঠীৰ বসতিপ্ৰধান গাঁও এখন। অবিভক্ত অসমখন ১৯৭২ চনত বিভক্ত হোৱাৰ পাছত কণ্ঠম পাহাম গাঁওখন সম্পূৰ্ণৰূপে মেঘালয়ৰ অন্তৰ্ভূক্তি হ’ল। ইয়াৰ লগেলগে কণ্ঠম পাহামৰ পৰিৱৰ্তে উমচালিয়াং নাম ল’লে।  উমচালিয়াং মেঘালয়ৰ সম্পূৰ্ণ অধীন যদিও গাঁওখন আজি পৰ্যন্ত কোনো উন্নতি নঘটিল। খোৱাপানী, বিজুলী, পথ যোগাযোগ কোনো এটা ব্যৱস্থাৰে উন্নতি নঘটালে মেঘালয় চৰকাৰে। শিক্ষাৰ ক্ষেত্ৰত গাঁওখনত দুখন শিক্ষানুষ্ঠান গঢ়ি উঠিছে– ১৯৮৫ চনত খাছি মাধ্যমৰ উমচালিয়াং প্ৰেচবেটেৰিয়ান প্ৰাথমিক বিদ্যালয় আৰু ২০০৮ চনত ইংৰাজী মাধ্যমৰ উমচালিয়াং প্ৰেচবেটেৰিয়ান উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰে। উচ্চ প্ৰাথমিক বিদ্যালয়খন এতিয়াও চৰকাৰীকৰণ হোৱা নাই। গাঁওবাসী সামগ্ৰীক উন্নয়নৰ পৰা বঞ্চিত যদিও নিজ চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি অসমত চামিল হ’বলৈ সিদ্ধান্ত লোৱা নাই আৰু সেইকথা নাভাৱেও।  

নংগ্ৰিমজিৰাং (সৰু জিৰাং) ইপিনে, কলঙৰ সম দূৰত্বত অৱস্থিত নংগ্ৰিম–জিৰাং (সৰু জিৰাং)। নংগ্ৰিম জিৰাংখন ভাগ হৈ উমক্ৰেম দিখং, জাৰেই বাচাই, নিউ উমক্ৰেম নামৰ তিনিখন নতুন গাঁৱৰ সৃষ্টি হৈছে। নংগ্ৰিম–জিৰাং গাঁৱলৈ যোৱা পথ এটি পকীকৰণ কৰা হৈছে। দহ বছৰ আগতে নিৰ্মাণ কৰা এই পথটো ৰাণী–মাইৰাং পথত সংযোগ ঘটিছে। আন্তঃৰাজ্যিক সীমান্তৰ শুকুৰবৰীয়া নামৰ ঠাইখন অতিক্ৰম কৰি কিছু দূৰ আগবাঢ়ি গ’লে নংগ্ৰিম–জিৰাং সংযোগী পথটো পোৱা যায়। গাঁওকেইখনৰ ঠায়ে ঠায়ে খোৱাপানীৰ ব্যৱস্থা কৰিছে কিন্তু বিজুলী যোগান ব্যৱস্থা অনিয়মীয়া। চাৰিওখন গাঁৱৰ মাজত এখন চৰকাৰী বুনিয়াদী বিদ্যালয় আছে। আজি ১৮ বছৰ আগতে গাঁওকেইখনৰ ৰাইজে নিৰ্মাণ কৰা এম ই বিদ্যালয়খন চৰকাৰীকৰণৰ ব্যৱস্থা আজিলৈ নহ’ল। আনহাতে, নংগ্ৰিম জিৰাঙৰ পৰা চাৰি কিলোমিটাৰ নিলগত স্থাপন কৰা নিউ উমক্ৰেম গাঁওখনলৈ যোৱা পথটো এতিয়াও দূৰ্গম হৈয়েই আছে। চাৰিখন গাঁৱৰ মাজত এখনো উপস্বাস্থ্য কেন্দ্ৰ নাই। সাধাৰণ চৰ্দি–জ্বৰ হ’লেও ৰাণী সমূহীয়া চিকিৎসা কেন্দ্ৰত আহিব লাগে। খাদ্য, নিৰ্মাণকে আদিকৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে অসমৰ ৰাণীৰ ওপৰত নিৰ্ভৰশীল। হাজাৰ বিপদত পৰিলেও তেওঁলোকে অসমত চামিল হোৱাৰ কথা নাভাবে। 

বেলাহাৰী আনপিনে, পশ্চিম গুৱাহাটীৰ পূব–দক্ষিণ কোণৰ অন্তিম প্ৰান্তত অৱস্থিত মুদুকীৰ পৰা দুই কিলোমিটাৰ নিলগত অৱস্থিত বেলাহাৰী, তাৰপৰা বাওঁফালে চাৰি কিলোমিটাৰ নিলগত মাউদেম আৰু সোঁফালে তিনি কিলোমিটাৰ নিলগত ৰাজাখুমাই। প্ৰায় এশটা বৰ্ষ গৰকা গাঁওকেইখন খাছি জনবসতিপ্ৰধান। আজি দহ বছৰ আগতে গাঁওকেইখনত ট্ৰাক যাবপৰা ৰাষ্টা এটা নিৰ্মাণ কৰিছে মাথো। খৰালিকালত বাইক, কাৰ, ট্ৰাক আদি চলাচল কৰে যদিও বাৰিষাকালত ট্ৰাক গাড়ীও চলাচল কৰিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। দেখাত চৰকাৰীভাৱে বিদ্যুৎ সংযোগ দিছে কিন্তু কিমান দিন বিজুলী নাথাকে সেয়া ঠিৰাংকৈ ক’ব নোৱাৰি। ২৫ কিলোমিটাৰ নিলগৰ পাথাৰখামাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও পথ যোগাযোগ ব্যৱস্থা সূচল নোহোৱাত তালৈ যাব নোৱাৰে। তাৰ পৰিৱৰ্তে অসমৰ লোহাৰঘাট, মিৰ্জা, বিজয় নগৰ, ছয়গাঁও আদিতহে মানুহখিনিয়ে চিকিৎসাপাতি কৰিবলগা হয়। বেলাহাৰী, ৰাজাখুমাইৰ পৰা পাথাৰখামালৈ পথ যোগাযোগৰ ব্যৱস্থা এতিয়াও দূৰ্গম। গাঁও দুখনৰ মানুহখিনিয়ে পাথাৰখামালৈ পোনপোটীয়াকৈ যোৱাৰ পৰিৱৰ্তে অসমলৈ নামি আহি মুদুকীৰ পৰা শুকুৰবৰীয়া আন্তঃৰাজ্যিক সীমান্তৰে পুনৰ মেঘালয়ত প্ৰৱেশ কৰিহে অহা–যোৱা কৰিব লাগে। পথ যোগাযোগ ব্যৱস্থা দূৰ্গম হোৱা বাবে প্ৰতিজন ব্যক্তিৰ বিপৰীতে অনুমোদন হোৱা সূলভ মূল্যৰ চাউল ২কিলো দোকানীয়ে কাটি ৰাখে। ট্ৰাকেৰে এক গাড়ী ইটা নিব লাগিলে গাড়ী ভাড়াৰ নামত খৰচ হয় ৮ হেজাৰ টকা। অথচ অসমৰ পৰা উক্ত গাঁওখনলৈ দূৰত্ব মাত্ৰ তিনি কিলোমিটাৰ। তাৰ পাছতো ৰাজ্য চৰকাৰে গাঁওকেইখনৰ পথ যোগাযোগ, পানী যোগান, বিজুলী যোগানৰ ব্যৱস্থা সূচল কৰি তোলা নাই। ৰাতিপুৱাৰ পৰা গধুলিলৈকে অসমৰ মানুহৰ লগতে হ’লি–গ’লি, সকলোক্ষেত্ৰতে অসমৰ ওপৰত নিৰ্ভৰশীল তাৰপাছতো তেওঁলোকে অসমত চামিল হোৱাৰ কথা কাহানিও নাভাবে। সদায় নিৰ্দিষ্ট দূৰত্ব বোজাই ৰাখি তেওঁলোকে অসমৰ সৈতে চলাচল কৰি আছে।

মেঘালয়ত থকা দুখন পুৰণি অসমীয়া গাঁও উমচাও আৰু বাৰেগাঁও– ৰাণীৰ পৰা পচিশ কিলোমিটাৰ নিলগত অৱস্থিত মেঘালয়ৰ দুখন অসমীয়া গাঁও উমচাও আৰু বাৰেগাঁও। ৰাণীৰ দক্ষিণ দিশৰ ৰাণী–মাইৰাং পথেৰে পচিশ কিলোমিটাৰ অতিক্ৰম কৰিলে বাণিজ্যিক চহৰ পাথাৰখামা পোৱা যায়। পাথাৰখামাৰ পৰা দক্ষিণ–পশ্চিম দিশে এশ মিটাৰ নিলগত আছে উমচাও আৰু তাৰপৰা এক কিলোমিটাৰ নিলগত বাৰেগাঁও। প্ৰায় ডেৰশ বছৰৰ আগতে স্থাপন হোৱা গাঁওকেইখন হিন্দু ধৰ্মাৱলম্বী ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান। ১৯৭২ চনত অসম–মেঘালয় বিভক্ত হোৱাৰ সময়ত গাঁও দুখনৰ পৰা কিছু পৰিয়াল ভৈয়ামলৈ নামি আহিছিল আৰু বাকীবোৰ পৰিয়াল তাতেই নিগাজীকৈ থাকি গৈছিল। কিন্তু আজিৰ তাৰিখত তেওঁলোক মেঘালয়ৰ মৰ্যাদা বিহীন একো একোজন লোক। তেওঁলোকক দিয়া হোৱা নাই পাৰ্বত্য জনজাতিৰ মৰ্যাদা। তেওঁলোক আজিও মেঘালয়ৰ জনজাতিলোক নহয় সাধাৰণ শ্ৰেণীৰলোক বুলিহে গণ্য কৰা হয়। মেঘালয়ত তেওঁলোক অজনজাতি শ্ৰেণীৰ লোক হোৱা বাবে বৰ্তমান ৰাজ্যখনত মাটি–বাৰীৰ অধিকাৰ লাভ নকৰে, আইনগতভাৱে মাটি কিনাৰ অধিকাৰো তেওঁলোকৰ নাই। অবিভক্ত অসম থকাৰ সময়ত যিসকলে ভূমিৰ পট্টা লাভ কৰিছিল সেয়াই, ১৯৭২ চনত অসম–মেঘালয় বিভক্ত হোৱাৰ পাছৰ পৰা মেঘালয়ত থকা কোনো অসমীয়াই নতুনকৈ ভূমিৰ পট্টা লাভ কৰা নাছিল। প্ৰায় ২০০২ চনৰ পৰা মেঘালয়ত থকা বড়ো, ৰাভা, হাজং আদি জনজাতিসকলক মাটি–বাৰীৰ সামান্য অধিকাৰ প্ৰদান কৰিছিল। কিন্তু সেই অধিকাৰৰ পৰা উমচাও, বাৰেগাঁৱৰ ৰাইজে উপকৃত হ’ব পৰা নাই। কিয়নো গাঁও দুখনৰ সকলো ভূমি ইতিমধ্যে খাছিলোকৰ নামত পট্টা হৈ উঠিছিল। সেয়ে আজি বসবাস কৰি থকা বস্তিটো, খেতিপথাৰখনৰ প্ৰকৃত গৰাকী তেওঁলোক নহয় সেই ভূমিৰ প্ৰকৃত গৰাকী কোনো খাছিলোকহে। ভূমিৰ প্ৰকৃত অধিকাৰ লাভ নকৰা বাবে তেওঁলোকে মাটিৰ ৰাজহ চৰকাৰ অথবা এলেকাধিপতি (ৰজা)ক দিব নোৱাৰে, দিবলাগে কোনোবা খাছি ভূ–স্বামীকহে। গাঁও দুখনৰ দুই–এজনে চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি পাইছে যদিও গাঁওবাসীয়ে চলিব লাগে তৃতীয় শ্ৰেণীৰ নাগৰিকৰ দৰেহে। গাঁও দুখনৰ ভূমি খাছিৰ নামত থকা বাবে ৰাভাৰ সমান্তৰালভাৱে খাছি মানুহৰ বসতিও গঢ়ি উঠিছে। ইপিনে, আজিৰপৰা ত্ৰিশ বছৰ পূৰ্বে বাৰেগাঁৱৰ ১৫ টা পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিছিল। সেই পৰিয়াল সমূহৰ সংখ্যাও আজি বাঢ়িছে।

আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ কেইখনমান গাঁৱৰ বিষয়ে আলোকপাতঃ

ৰাণীৰ এক কিলোমিটাৰ নিলগত অৱস্থিত গণপতি গাঁও। গাৰো জনজাতিৰ সৰ্বাধিক বসতি থকা গাঁওখনত অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়, অংগনৱাদী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে খোৱাপানী, বিজুলী, পথ যোগাযোগকে আদিকৰি সকলো ব্যৱস্থা কৰি দিছে। বিপৰীতে, মেঘালয় চৰকাৰেও গাঁওখনৰ বৃহৎ এটা অংশত বিভিন্ন সা–সুবিধা আগবঢ়াইছে। খোৱাপানী, সৌৰ শক্তি চালিত লাইট যোগান ধৰাৰ লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন গঢ়ি তুলিছে। গাঁওখনৰ মাজৰেৰে বৈ যোৱা উমচালানী নদীখনক ভেটা দি আৰু সৰু নলা নিৰ্মাণ কৰি কপিলী নদীৰ পৰা পানী বোৱাই আনি গাঁওখনৰ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে। কপিলী বনভোজ কেন্দ্ৰ লগতে অন্যান্য ঠাইত এমজিএনৰেগা আঁচনিৰ জৰিয়তে বাট–পথ নিৰ্মাণ কৰিছে। ইপিনে, গণপতি গাঁৱৰ পৰা তিনিকিলোমিটাৰ নিলগত অসমৰ অন্য এখন গাঁও চাংমা নগৰ। চাংমা নগৰ গাঁওখনো গাৰো জনজাতি বসতিপ্ৰধান। ৰাণীৰ পৰা এক ঘণ্টাৰ বাট অতিক্ৰম কৰি চাংমা নগৰত উপস্থিত হ’ব পাৰি। অৱশ্যে গাঁওখনৰ পূৰ্বৰ নাম চাংমা নগৰ নাছিল। গাৰোসকলৰ চাংমা বংশধৰে গাঁওখন গঠনত নেতৃত্ব লোৱা বাবে চাংমা নগৰ নামেৰে নামাকৰণ কৰিছে। খাছিসকলে সেই ঠাইখনক পূৰ্বতে উমচালানী নাম ৰাখিছিল। গাঁওখনৰ কাষেৰে বৈ অহা পাহাৰীয়া নদীখনে সেইখিনিতে জলপ্ৰপাতৰ ৰূপ লোৱাত খাছিসকলে উমচালানী নাম দিছিল। অসম চৰকাৰৰ অৱহেলাৰ বাবে গাঁওখনক মেঘালয় প্ৰশাসনে খোৱাপানী, বিজুলী লগতে অন্যান্য সা–সুবিধা ব্যৱস্থা কৰি দিছে। তদুপৰি  উমচালানী নামেৰে গাঁওখনক সম্পূৰ্ণ মেঘালয়ৰ অধীনলৈ নি মানুহবোৰক ভোটাধিকাৰ দিছে।

ইপিনে, ৰাণীৰ পৰা দক্ষিণে ৰাণী–মাইৰাং পথৰ দুই কিলোমিটাৰ দূৰত্বত অৱস্থিত মৈৰাপুৰ গাঁওখন। গাৰো জনগোষ্ঠীৰ সৰ্বাধিক বসতি থকা গাঁওখনত অসম চৰকাৰে এখন এম ই বিদ্যালয়, গাৰো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় এখন, অংগনৱাদী কেন্দ্ৰ এটা, উপ–স্বাস্থ্য কেন্দ্ৰ এটা নিৰ্মাণ কৰিছে। সেই গাঁওখনৰ বৃহৎ অংশ এটাত মেঘালয় চৰকাৰেও উন্নয়নৰ কাম–কাজ আৰম্ভ কৰি দিছে। মানুহবোৰক মেঘালয়ৰ ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিছে। ২০০৫ চনত মেঘালয়ে বিদ্যুৎ সংযোগ দিয়াৰ বাবে সকলোবোৰ ব্যৱস্থা গঢ়ি তুলিছিল। অসমৰ গাঁৱত মেঘালয়ে তলেতলে উন্নয়নৰ কাম–কাজ চলোৱা সন্দৰ্ভত দুয়ো ৰাজ্যৰ প্ৰশাসনৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। বিভিন্ন সংগঠনৰ দাবী অনুসৰি– মেঘালয়ে বিদ্যুৎ সংযোগ দিবলৈ সাজু কৰা খুটাবোৰতে অসমে বিদ্যুৎ সংযোগ কৰি দিছে।

পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মিৰ্জা–চানডুবি পথৰ পৰা এশ মিটাৰ দূৰত্বৰ পূব দিশত অৱস্থিত ৰাণীবাৰী গাঁও। অসম চৰকাৰে গাৰো জনগোষ্ঠী প্ৰধান গাঁওখনৰ প্ৰধান পথটো পকীকৰণ কৰাৰ লগতে গাঁওখনৰ কাষত থকা নদীটোৰ দলংখন কংক্ৰীটেৰে নিৰ্মাণ কৰিছে। এশ মিটাৰ দূৰত্বত অৱস্থিত মুদুকী জনজাতীয় হাইস্কুল, পাঁচশ মিটাৰ দূৰত্বত মুদুকী প্ৰাথমিক বিদ্যালয়, একে দূৰত্বত মাটাইখাৰ এম ভি স্কুল। সম্পূৰ্ণ অসমৰ অধীন গাঁওখনত ১৯৭২ চনত মেঘালয় চৰকাৰে এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছে। শিক্ষকৰ পদ দুটাক বাদ দি বিদ্যালয়খন প্ৰাদেশীকৰণ কৰা নাই। প্ৰাদেশীকৃত শিক্ষক দুজনে ইতিমধ্যে অৱসৰ লাভ কৰিছে। ইয়াৰ পাছত দুজন শিক্ষকে কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু শিক্ষক দুজনৰ পদ এতিয়াও প্ৰাদেশীকৰণ কৰা নাই। ২০০২ চনত ৰাণীবাৰী উচ্চ প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰে। বৰ্তমানলৈকে সেই বিদ্যালয়খনকো চৰকাৰে প্ৰাদেশীকৰণ কৰা নাই।

অসম চৰকাৰৰ অৱহেলাৰ বাবে এসময়ত পাহাৰীয়া গাঁও কেইখনে প্ৰশাসনৰ বিৰুদ্ধে সিদ্ধান্ত চৰম গ্ৰহন কৰিছিল। সেয়া প্ৰায় ২০১২ চনৰ কথা। পশ্চিম গুৱাহাটীৰ গঁড়ভাংগা, নতুন গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং এই গাঁও কেইখনৰ লোকসকলে এক ৰাইজহুৱা সভা আয়োজন কৰিছিল। বছৰৰ পাছত বছৰ ধৰি পাহাৰীয়া গাঁওকেইখনক কেৱল প্ৰতাৰণা কৰি অহা বাবে অসমৰ পৰা বিদায় লৈ মেঘালয়ত চামিল হোৱাৰ এক আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহন কৰিছিল। বিষয়টো সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ পাইছিল। তাৰপাছতহে অসম চৰকাৰৰ চকু মেল খালে। প্ৰশাসনীয় বিষয়াসকলৰ দৌৰাদৌৰি আৰম্ভ হৈছিল। পলাশবাৰী ৰাজহ চক্ৰ, পলাশবাৰী আৰক্ষী থানা, ৰাণী আৰক্ষী চকীৰ বিষয়া–কৰ্মচাৰীসকলৰ প্ৰায় এমাহ কাল তৎ নোহোৱা হৈছিল। প্ৰশাসনীয় বিষয়া–ৰাইজৰ মাজত হোৱা কেইবালানী আলোচনাৰ অন্তত অঞ্চলটোৰ গাঁওসমূহৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। ৰাইজেও ভাবিছিল অন্ততঃ তেওঁলোকৰ গাঁওসমূহৰ সমস্যা কিছু হ’লেও পূৰণ হ’ব কিন্তু সময়ত সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিল।

বৰ্তমান গঁড়ভাংগা, নতুন গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং গাঁওকেইখনৰ ৰাইজে লগলাগি উন্নয়ন কমিটি গঠন কৰিছে। চৰকাৰলৈ আশা নকৰি বৰ্তমান এই কমিটিৰ সিদ্ধান্তমৰ্মে অঞ্চলটোৰ উন্নয়নৰ কাম–কাজ সমূহ ৰাজহুৱাভাৱে আৰম্ভ কৰিবলৈ লৈছে। ৰাইজৰ নিজাববীয়া শ্ৰমৰ ফলত লুংলঙীয়া বাট–পথবোৰ আজি দহ বছৰৰ পৰা অলপ–অচৰপ উন্নত হ’ব ধৰিছে। পাহাৰীয়া খৰস্ৰোতা নদী–নিজৰা সমূহত সৰু সৰুকৈ কাঠৰ, কংক্ৰীটৰ দলং, কালভাৰ্ট নিৰ্মাণ হৈছে। অন্ততঃ ভাল বতৰত টানে–বিপদে ট্ৰাক চলাচল কৰিবপৰা অৱস্থা এটা হৈছে। কিন্তু এইবোৰৰ বেছি সংখ্যক মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে। ইপিনে, বাট–পথ নিৰ্মাণতো হেনো মেঘালয় চৰকাৰে ৰাইজক উপযাচিয়ে আৰ্থিকভাৱে অনুদান আগবঢ়ায় আহিছে। কপিলী–নুমলি পথাৰ যোৱা পথৰ  নাৰলিং গাঁওখন পোৱাৰ আগতে কংক্ৰীটৰ প্ৰথম সৰু দলংখন মেঘালয়েহে নিৰ্মাণ কৰিছে।

বিপৰীতে, পাহাৰীয়া গাঁওকেইখনৰ দৰে চৰম সিদ্ধান্ত গ্ৰহন কৰিছিল কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ কেইখনমান গাঁৱে। সমষ্টিটোৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ গৰুবন্ধা, বেছিমাৰি, দেৱান বিল, বৰ গৰং, বাঙিলীবিলা, কটাবাৰী, শান্তিবিল এই সাতখন জনজাতীয় গাঁও। উল্লেখ্য যে, গাঁওকেইখনৰ পথ যোগাযোগ, শিক্ষা, খোৱাপানী, বিদ্যুৎ, স্বাস্থ্যসেৱা আদি সকলোক্ষেত্ৰতে পিচপৰা। বছৰৰ পাছত বছৰ ধৰি গাঁওকেইখনৰ উন্নয়নৰ কোনো ব্যৱস্থা কৰা নাছিল। ভোটৰ সময়ত নেতা–পালিনেতাৰে ভৰি পৰা অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভোগকৰি আহিছিল আজি দেশ স্বাধীনতা লাভৰ দিনধৰি। সেইদিনৰ পৰাই নেতাসকলৰ কেৱল প্ৰতিশ্ৰুতি শুনি শুনি ৰাইজ অতিষ্ঠ হৈ পৰিছে। গতিকে তেওঁলোকে আৰু নেতাসকলৰ প্ৰতিশ্ৰুতি শুনিব নিবিছাৰে, মাত্ৰ উন্নয়ন বিচাৰে। দীৰ্ঘদিন ধৰি কৰি অহা ৰাইজৰ আবেদন–নিবেদনেও কোনো কাম নিদিয়াত অঞ্চলবাসী ৰাইজে অৱশেষত চৰম সিদ্ধান্তই গ্ৰহন কৰিছিল। ২০২০ চনৰ ১৯ ছেপ্টেম্বৰত ৰাইজ একলগ হৈ প্ৰশাসনৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা আয়োজন কৰিছিল। উক্ত সভাতে অসমৰ পৰা বিদায় লৈ মেঘালয়ত চামিল হোৱাৰ ইচ্ছা প্ৰকাশ এক ৰাজহুৱা প্ৰস্তাৱ গ্ৰহন কৰিছিল। য’ত বৰ্তমানৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ধ্বনি দিয়ে। উল্লেখ্য যে, গাঁওকেইখনৰ কাষতে লাগি আছে মেঘালয় ৰাজ্যৰ পশ্চিম খাছি পাহাৰ জিলাখন। বৰ্তমান বিভিন্ন উৎসত লাভকৰা তথ্যমতে– গাঁও কেইখনক চুই যোৱা ৰাষ্টাতো পকীকৰণৰ বাবে অসম চৰকাৰে অনুমোদন জনাইছে।

মানুহৰ দুখ–যাতনাবোৰ কিমান ভয়ংকৰ হ’বপাৰে– গঁড়ভাংগা, নতুন গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং এইসমূহ গাঁৱত এবাৰো গৈ নোপোৱাসকলে নিশ্চয় অনুভৱ কৰিব নোৱাৰে। বিপদত পৰাজনে খেৰকুটা এডালকো সাৰথি কৰি লোৱাৰ দৰে এই মানুহখিনিও হয়তো বিভিন্ন কাৰণত মেঘালয়ৰ ওচৰতে শৰণাপন্ন হ’বলৈ বাধ্য হৈ পৰিছে। অকাট্য যুক্তিৰ খাটিৰত ধৰি ল’লো– এই গাঁও সমূহে তেনেবোৰত বিপদত পৰিয়েই মেঘালয়ৰ ওচৰত শৰণাপন্ন হ’বলৈ বাধ্য হৈছে। কিন্তু সকলো প্ৰকাৰৰ সুবিধা লাভকৰা ৰাণীৰ নিচেই কাষৰ গণপতি, নতুন বাটাবাৰী, জয়ন্তীপুৰ, মৈৰাপুৰ, মিৰ্জা–চানডুবি পথৰ নিচেই কাষৰ– ৰাণীবাৰী, ভালাখোৱা, বিলপাৰা, পাটগাঁও তদুপৰি পথযোগাযোগৰ ক্ষেত্ৰত উন্নত হৈ পৰা উমচুৰ, বাখালাপাৰা, জিমিৰি গাঁও আদি গাঁওসমূহে মেঘালয়ৰ প্ৰতি আকৰ্ষিত হৈ পৰাৰ যুক্তি ক’ত?

বিশেষভাৱে মনকৰিবলগীয়া যে, উন্নয়ন বঞ্চিত তথা অৱহেলিত গাঁও অসম–মেঘালয় দুয়ো ৰাজ্যতে আছে। অথচ নিজৰ সম্পূৰ্ণ অধীন গাঁওসমূহৰে উন্নয়নৰ ক্ষেত্ৰত বিশষ ব্যৱস্থা গ্ৰহন কৰা নাই মেঘালয় চৰকাৰে। তাৰ পৰিৱৰ্তে সীমান্তৱৰ্তী অসমীয়া গাঁও সমূহতহে উন্নয়ন ক্ষীপ্ৰ কৰি তোলাৰ কাৰণ কি! এইক্ষেত্ৰত অসম চৰকাৰেও সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰি তুলিব লাগে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward