প্ৰকাশিত তাৰিখঃ ১০ অক্টোবৰ, ২০২২
কল্প ৰঞ্জন গগৈ –
জাতিৰ পিতা মহাত্মাই পঢ়িছিল বিলাতত। তাত শিকিলে– নকল নহয়– আচল হ’ব লাগে। সেয়ে আজীৱন সত্য অন্বেষণ কৰি গ’ল। দেশ স্বাধীন হোৱাৰ কিছুদিন পিছত সত্য অন্বেষণ বলপূৰ্বক বন্ধ কৰা হ’ল।
লেনিনৰ নেতৃত্বত গঢ় ল’লে নতুন ৰাছিয়া– ১০১৭ চনত। ১৯২২ চনত সৃষ্টি হ’ল ছোভিয়েট মহাসংঘ। এই মহাসংঘ ভাগি পৰিল ১৯৯১ চনত। তাৰ পিছত সমাজবাদৰ চিকনিডালো অন্তৰ্ধান হ’ল। জনতাই সাম্যবাদী দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সমগ্ৰ বিশ্ব হতভম্ব। খেনোৱে ক’লে সমাজতন্ত্ৰৰ ইতিহাস খতম।
আমি কিছু স্পষ্টকৈ জানো–মাও–চে–তুঙে কৈছিল ৬০ দশকতে– ৰুছ সাম্ৰাজ্যবাদী বুলি– সমাজবাদৰ নামত আজি মাও–চে–তুঙৰ চীন নিজেই সাম্ৰাজ্যবাদী। লেনিনৰ মতে পূঁজিবাদৰ বিকশিত স্তৰেই হৈছে সাম্ৰাজ্যবাদ আৰু আজি দেখা নব্য উদাৰতাবাদ (New Liberalism) ইয়াৰেই চৰম পতনৰ ৰূপ। সেয়ে চৌদিশে হাহাকাৰ– বিশেষকৈ জনগণৰ আৰু জয় জয়কাৰ এমুঠি পূঁজিপতিৰ। নিজৰ চৰম পতন ৰোধ কৰিবলৈ অপসংস্কৃতি মেলি দিছে ৰাইজৰ মাজত যাতে ৰাইজ বিভ্ৰান্ত হৈ বিভক্ত হৈ থাকে। আজি সমাজক গতি দিব পৰা মধ্যশ্ৰেণী, মধ্যবিত্ত, এলিট (Middle Class, Middle Income group alongwith the Elites, Intelligentsia and Intellectuals excepting a few) সকলোবোৰ বিভ্ৰান্ত মতিভ্ৰষ্ট। একুৱেৰিয়ামত বন্দী মাছ।
ছোভিয়েট মহাসংঘৰ শেষ নেতা মিখাইল গৰ্বাছভ– অতীত হৈছিল নব্বৈ দশকৰ পৰা– গ্লাচনস্ত পেৰেষ্ট্ৰইকাই ‘নামাট কা নাপৰি কা কৰি পেলালে’। সেই দূৰ্ঘটনাই চীনকো শিক্ষা দিলে।
আনৰ্ল্ড টয়েনবিৰ মতে বিশ্বত ১৮৭৫ চনৰ পিছৰ পৰা উত্তৰ– আধুনিক যুগৰ আৰম্ভ। ১৯৬০ চনৰ পিছৰ পৰা উত্তৰ– উত্তৰ–আধুনিক যুগ (Past–post modern era)। সেয়ে আমি আজি চিন্তিত– মানৱোত্তৰ ভৱিষ্যত কি হ’ব? নে মানুহৰ কোনোধৰণৰ ভৱিষ্যত নাথাকিব নেকি?
১৯১৭ চনৰ ৰুছ সমাজতান্ত্ৰিক বিপ্লৱ, ১৯৪৭ চনৰ ভাৰতবৰ্ষৰ জাতীয় মুক্তি যুদ্ধ, ১৯৪৯ চনৰ চীনৰ নতুন গণতন্ত্ৰৰ বাবে মুক্তি সংগ্ৰাম– এই তিনিওটা ঘটনা হৈছে উত্তৰ আধুনিক যুগৰ সাম্ৰাজ্যবাদ– সামন্তবাদ বিৰোধী বিপ্লৱী যুদ্ধ। ৰুছ বা চীনৰ কি দশা হ’ল তাক জানিলেও ১৯৪৭ চনৰ ভাৰতবৰ্ষ এক অসমাপ্ত বিদ্ৰোহী যুগত থাকি গ’ল।
ইংৰাজ গুচি গ’ল যদিও সাম্ৰাজ্যবাদৰ নেগুৰ থাকি গ’ল। মহাৰাণী এলিজাবেথ গ’লগৈ কিন্তু ৰজা চাৰ্লচ প্ৰৱেশ কৰিলে। ১৯৪৭ চনৰ পিছত আমি শাসক ইংৰাজৰ বিকশিত মানসিক– সাংস্কৃতিক স্তৰ লাভ কৰিলো নে? নে তেওঁলোক গুচি যোৱাৰ পিছত আমি আকৌ আদিম বৰ্বৰ স্তৰলৈ গুচি গ’লো? নে তেওঁলোকেই আমাৰ সমাজৰ আদিম চৰিত্ৰবোৰ সংৰক্ষণ কৰি থৈ গ’ল?
কৌটিল্যৰ সাম–দান–দণ্ড আৰু ভেদনীতি থাকি গ’ল কেনেকৈ? সম্ৰাট অশোকৰ দিনৰ বৌদ্ধধৰ্মৰ নীতিবোৰ বিতাৰিত হ’ল কেনেকৈ? অথচ বুদ্ধ হৈ পৰিল হিন্দু ধৰ্মৰ অৱতাৰ। স্বামী বিবেকানন্দৰ মতে (১৮৬৩–১৯০২) বুদ্ধ অবিহনে হিন্দুত্ব মূল্যহীন (Buddhism is the logical conclusion of Hinduism– Hinduism is incomplete without Biddhism)।
আজি ধৰ্মৰ বিষয় লৈ ব্যস্ত ভাৰতবাসীয়ে প্ৰশ্ন কৰক– আমাৰ ধৰ্মই নিজৰ ভিতৰৰ দেৱত্ব বিকাশ আৰু প্ৰকাশ ঘটাব কিয় নোৱাৰিলে? কিয় আমাৰ শিক্ষাই নিজৰ ভিতৰৰ সুপ্ত প্ৰতিভা আৰু পূৰ্ণতা বিকশিত কৰিব নোৱাৰিলে? এক বিশাল অংশ নিৰ্বোধ হৈ থাকি গ’ল নেকি? কেনেকৈ?
মহাৰাণী এলিজাবেথ পৰলোকলৈ গমন কৰাৰ পিছত এই প্ৰশ্ন বাৰে বাৰে আহিছে। ইংৰাজৰ সমান হওঁতে বাধা ক’ত?
শিৰোনামৰ ফটোঃ চানডুবি নিউজ