Thursday, April 25, 2024
Homeবাতৰিউদ্যোগৰ দূষিত প্ৰদূষণে অস্বাভাৱিক মৃত্যু ঘটাইছে কলহী নৈৰ মাছ

উদ্যোগৰ দূষিত প্ৰদূষণে অস্বাভাৱিক মৃত্যু ঘটাইছে কলহী নৈৰ মাছ

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ব্ৰহ্মপুত্ৰ বায়োকেম প্ৰাইভেট লিঃ নামৰ সুৰা উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দূষিত প্ৰদূষণেই এতিয়া বিপদ ঘটাইছে ছয়গাঁৱৰ কলহী নদীৰ জীৱকুলক। উল্লেখ্য যে, এই উদ্যোগ নৱগঠিত দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও ঔদ্যোগিক পামত অৱস্থিত। আজি কিছু বছৰৰ পৰা ব্ৰহ্মাপুত্ৰ বায়োকেম নামৰ সুৰা উদ্যোগটোই ৰাসায়নিক দ্ৰব্য মিশ্ৰিত দূষিত পানী কলহী নৈত পেলাই আহিছে। এই দূষিত পানী পোনপোটীয়াকৈ কলহী নৈত পৰাত তাত থকা দূষ্প্ৰাপ্য নদী শিহু, মাছ-কাছকে ধৰি হেজাৰ হেজাৰ জলজপ্ৰাণী অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে। এই উদ্যোগে এতিয়া অঞ্চলটোৰ বায়ু, পানী, মাটি সকলোতে প্ৰদূষণ সৃষ্টি কৰাত সম্প্ৰতি জীৱকুলৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে।

ইফালে, ভৱিষ্যতৰ ভয়াবহতাৰ প্ৰতি উপলব্ধি কৰি উদ্যোগটো বন্ধ কৰিবলৈ ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে। কিন্তু এই দাবী সন্দৰ্ভত উদ্যোগ কৰ্তৃপক্ষ, প্ৰশাসন কোনো এটাই গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। আনকি স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদেও ঘটনাটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উদ্যোগটোৰ পৰা দূষিত পানী ধাৰাবাহিকভাৱে নিৰ্গত হৈ থাকিলে নতুবা পানী নিৰ্গত হোৱাটো বন্ধ কৰিব নোৱাৰিলে অনাগত সময়ত ইয়াৰ কু-প্ৰভাৱ অন্যান্য ঠাইলৈয়ো বিয়পিব। এই আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সেয়ে সময় থাকোতে ইয়াৰ সু-ব্যৱস্থা কৰিব লাগে বুলি স্থানীয় সচেতন মহলে দাবী কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward