Thursday, April 25, 2024
HomeARTICLEউন্নয়নৰ নামত বন ধ্বংসঃ ই পৰিৱেশতন্ত্ৰৰ চৰম ভাবুকি হ’ব পাৰে  

উন্নয়নৰ নামত বন ধ্বংসঃ ই পৰিৱেশতন্ত্ৰৰ চৰম ভাবুকি হ’ব পাৰে  

প্ৰকাশিত তাৰিখঃ ৮ আগষ্ট, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

বৰ্তমান জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনে সমগ্ৰ বিশ্ববাসীক শংকিত কৰি তুলিছে। জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্য নিয়ন্ত্ৰণৰ বাবে আজি সমগ্ৰ বিশ্ব জুৰি চলি আছে পৰিৱেশ সুৰক্ষাৰ আন্দোলন। বিশ্ব ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস, বন্যপ্ৰাণী দিৱস, বন মহোৎসৱ আদি কাৰ্যসূচীৰে সমগ্ৰ বিশ্ববাসীক সতেচন কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। গ্ৰেটা থুনবাৰ্গৰ দৰে কিশোৰী পৰিৱেশ সুৰক্ষা আন্দোলনত জড়িত হৈ পৰিছে। বিশাল পৰিমাণৰ ভূমিত অৰণ্য গঢ়ি তোলা আমাৰ অসমৰ যাদৱ পায়েঙৰ হতুৱাই বিশ্বৰ বিভিন্ন দেশে বৃক্ষ ৰোপণ কৰিছে। আৰু অৰণ্য গঢ়ি তোলাৰ কাৰ্য্যসূচীও হাতত লৈছে। এইসকল সমস্য ব্যক্তিৰ হতুৱাই বৃক্ষ ৰোপণ কৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগ কৰি তুলিবলৈ লৈছে।

সমগ্ৰ বিশ্বই গঢ়ি তোলা পৰিৱেশ সুৰক্ষা আন্দোলনখনক যেন আমাৰ অসমে ভ্ৰূকুটি দেখুৱাইছে তেনে এটা অনুভৱ হৈছে। কিয়নো মিৰ্জা–চানডুবি পথৰ এছোৱা বহলিকৰণৰ নামত হাজাৰ–হাজাৰ গছ কাটি পেলাবলৈ বন বিভাগ অটল থকা কাৰ্যই অন্ততঃ তেনেকৈ ভাবিবলৈ বাধ্য কৰাইছে। উল্লেখ্য যে, মিৰ্জাৰপৰা ৩০ কিলোমিটৰ দূৰত্বত চানডুবি বিল। মেঘালয়ৰ পাদদেশত অৱস্থিত ঐতিহাসিক চানডুবি বিলৰ চৌপাশে সেউজ পৰিবেশেৰে পৰিপূৰ্ণ। এটা সময় আছিল মিৰ্জাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰম কৰিলে কেৱল মনোৰম পৰিৱেশেই পৰিৱেশ। মুদুকীৰ পৰা চানডুবিলৈ আজিও তেনে পৰিৱেশ বৰ্তি আছে। কেইটামান বছৰৰ পিছত হয়তো আজিৰ যি পৰিৱেশ সেয়া নোহোৱা হ’ব। কিয়নো অসম মালাৰ অধীনত পলাশবাৰীৰ পৰা চানডুবিলৈকে পথটো বহলিকৰণ কৰি আছে। ইতিমধ্যে পলাশবাৰীৰ পৰা মুদুকী জনজাতীয় হাইস্কুললৈকে পথছোৱা সম্পূৰ্ণ হৈ উঠিছে।উক্ত পথছোৱা নিৰ্মাণৰ নামত আমি প্ৰকৃতিৰ যি সম্পদ হেৰুৱালো সেয়া সকলোৱে জ্ঞাত। বিশেষকৈ বাগান বজাৰৰ পৰা মুদুকী হাইস্কুললৈকে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। উক্ত পথছোৱাৰ  গছবোৰ কটাৰ পিছত চৰাই–চিৰিকটিয়ে বাসস্থান হেৰুৱাই আলৈ–আথানি নোহোৱা হৈছিল। মৃত্যু হৈছিল বাহঁত থকা পোৱালিসমূহ। অনাদৃত হৈ পৰি ৰৈছিল আপুৰুগীয়া প্ৰজাতিৰ বনৰীয়া অৰ্কিড সমূহো। বৰ্তমান মুদুকী জনজাতীয় হাইস্কুলৰ পৰা চানডুবি বিললৈকে প্ৰায় ৭কিলোমিটাৰ পথত নিৰ্মাণ কাৰ্য এতিয়াও চলা নাই। যদিও বনবিভাগ, লোকনিৰ্মাণ বিভাগৰ যুটীয়া জৰীপ প্ৰক্ৰিয়া সমাপ্ত হৈছে। কিন্তু বিভাগ দুটাৰ এই জৰীপ প্ৰক্ৰিয়াত ৰাইজে আপত্তি দৰ্শাইছে। অকল আপত্তি দৰ্শোৱাই নহয় অৱশেষত স্থানীয় ৰাইজ একলগ হৈ প্ৰতিবাদ আৰম্ভ কৰিছে। তাৰেই অংশ স্বৰূপে ২৩ জুলাইত ৰাজাপাৰা বিষ্ঞু ৰাভা যুৱ মঞ্চ, ৰাজাপাৰা আঞ্চলিক জনজাতীয় সংঘ আৰু জৰামুখৰীয়া যুৱ সংঘৰ যুটীয়া উদ্যোগত মুদুকী খেলপথাৰত বিশাল ৰাজহুৱা সভাৰ আয়োজন। য’ত সহযোগ কৰিছে দীপৰ বিল সুৰক্ষা সমিতি, কলহী ৰিভাৰ ডলফিন সংৰক্ষণ আদি সংগঠনসমূহেও। হঠাৎ প্ৰতিবাদী হৈ উঠা মানুহবোৰ কিন্তু উন্নয়ন বিৰোধী নহয়। প্ৰকৃতি ধ্বংসৰে উন্নয়ন সাধিব বিচৰা ব্যৱস্থাটোকহে ৰাইজে বিৰোধিতা কৰিছে।  

ঐতিহাসিক চানডুবি বিল পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত। এক জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অঞ্চল। অঞ্চলটোত হাতী, বাঘ, ভালুক, কেটেলা পহু, হৰিণ, হলৌ বান্দৰ, ধনেশ, মইনা, ভাটৌ আদি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ আৱাসস্থান। এজাৰ, শাল, চেগুণ, চাম, ডুবুং আদি বিভিন্ন মূল্যৱান গছ–গছনিৰে পৰিপূৰ্ণ অঞ্চলটোত এৰাইডচ মাল্টিফ্ল’ৰ’, পেলাটন থেৰিয়া ইনচেক্লাইফেৰা, এৰিয়া লাচিওপেটেলা, ডেন্দ্ৰ’বিয়াম মস্কাটাম, বুলব’ফিলাম ক্ৰেচিপচ, পিনালিয়া ব্ৰেকটেচেঞ্চ প্লাণ্ট, একাম্পে প্ৰিয়াম’ দূষ্প্ৰাপ্ৰ প্ৰজাতিৰ বনৰীয়া অৰ্কিডৰ বাবেও বিখ্যাত। অঞ্চলটো চৰকাৰীভাৱে ইক’ চেনচেটিভ জ’ন ঘোষিত নহয় যদিও স্থানীয় ৰাইজে তেনেধৰণে নীতি–নিয়ম সমূহ মানি চলি আহিছে। ৰাইজে খণ্ড খণ্ডকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা বনাঞ্চলখন বনৰীয়া হাতীৰ প্ৰধান বিচৰণস্থলী। এই বনাঞ্চলখনতে দূস্প্ৰাপ্য প্ৰজাতিৰ হলৌ বান্দৰৰ ১২টা পৰিয়ালে বসবাস কৰে। বিভিন্ন প্ৰজাতিৰ জীৱ–জন্তু, চৰাই–চিৰিকটি, গছ–লতিকাৰে পৰিপূৰ্ণ সংৰক্ষিত বনাঞ্চলখনত বন্যপ্ৰাণী–মানুহ সকলোৱে একেলগে সহবাস কৰি আহিছে। মানুহেও বন্যপ্ৰাণীৰ প্ৰতি অহিত চিন্তা নকৰে আৰু বন্যপ্ৰাণীয়েও মানুহৰ অন্যায় নকৰে। সকলোৱে নিজৰ নিজৰ বাটত চলাচল কৰে। সেয়ে অন্য ঠাইত সংঘটিত হৈ থকা হাতী–মানুহৰ দৰে সংঘাতবোৰ এই অঞ্চলটোত ঘটা নাই। জানিব পৰা মতে, মুদুকী হাইস্কুলৰ পৰা চানডুবিলৈকে পথছোৱা বহলিকৰনৰ নামত শতায়ু গৰকা মাতৃ গছ সমূহৰ ৭শ জোপা আৰু সৰু–সৰু গছ প্ৰায় পাঁচ হাজাৰ জোপা কটা যাব। পথটোৰ কাষত শাল, চেগুণ, এজাৰ, চাম গছ আছে যদিও শাল গছৰ সংখ্যাই সৰ্বাধিক। ঐতিহ্য বহনকাৰী এই গছবোৰ কাটি পেলালে পৰিৱেশতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। মুদুকীৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা অলপ দূৰ আগুৱাই গ’লেই দেখা পোৱা যায় গছ–গছনিয়ে সৃষ্টি কৰা এক তোৰণ সদৃশ প্ৰাকৃতিক আভৰণ। য’ত– তলেতলে মানুহৰ যাতায়ত আৰু ওপৰেওপৰে বন্যপ্ৰাণীয়ে অনায়াসে বগাই ফুৰে। সেইখিনি ঠাইত বৰ্ষটোৰ সকলো কেইটা ঋতুতে সুকীয়া সুকীয়া নান্দনিক দৃশ্য বিৰাজমান। যি দৃশ্যই মানুহক অনাবিল আনন্দ দিয়ে। মানুহে চানডুবিত প্ৰকৃতিৰ নিবিৰ পৰিৱেশ উপভোগ কৰিবলৈহে আহে। সেয়ে প্ৰকৃতিৰ পৰিৱেশ সেউজীয়া হৈ থাকিলেহে চানডুবিৰ অস্তিত্ব বৰ্তি থাকিব। প্ৰকৃতি ধ্বংস কৰি ৮০–৯০ গতি বেগত বাইক–মটৰ চলাবলৈ আহল–বহলকৈ পথ নিৰ্মাণৰ কোনো প্ৰয়োজন নাই। তেনে কৰিলে হাতী, হলৌ, ভালুক, হৰিণ, গাহৰি, বান্দৰ, বিভিন্ন প্ৰকাৰৰ সৰীসৃপে বহল পথটো অতিক্ৰমৰ ক্ষেত্ৰত বাধাৰ সন্মুখীণ হ’ব। হয়তো গাড়ীৰ আগত বহু প্ৰাণীৰ মৃত্যুও ঘটিব। গতিকে তেনেবোৰ উন্নয়নে হাতী–মানুহৰ সংঘাত, যান–বাহন দূৰ্ঘটনা, যান্ত্ৰিক প্ৰদূষণ আদি ব্যাধিবোৰকহে আমন্ত্ৰণ কৰি আনিব। প্ৰকৃতিৰ ভাৰসাম্য বিনস্তকাৰী তেনে উন্নয়ন ৰাইজক নালাগে কিন্তু চৰকাৰকবা কিয় লাগে! ঘটনাটো বুজাত অসুবিধা হৈছে। সেয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতাৰে স্থানীয় ৰাইজ একগোট হৈছে। ৰাইজৰ যুক্তি– চানডুবি জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অঞ্চল। গতিকে মানুহৰ সুখ–বিলাসৰ বাবে প্ৰকৃতিৰ অনিষ্টকাৰী কংক্ৰীটৰ কৃত্ৰিম উন্নয়নক কাহানিও সমৰ্থন কৰিব নোৱাৰি।  

আজি দুবছৰ আগৰ কথা– কুলশীৰ ভিতৰুৱা অঞ্চলৰ এক পথ নিৰ্মাণত বন বিভাগে বাধাৰ উপৰি বাধা প্ৰদান  কৰিছিল। কলহী নদীৰ পাৰত গঢ়ি উঠা গলিয়া, বেছিমাৰী, দেৱান বিল, গৰুবান্ধা, বাঙিলী বিলা, বৰ গৰং, কটৰাবাৰী আদি কেইবাখনো জনজাতীয় বসতি প্ৰধান গাঁও। আধুনিক সা–সুবিধা বঞ্চিত শ শ বছৰীয়া গাঁওকেইখনৰ লোকসকলে কলহীৰ পাৰেপাৰে এটি লুংলঙীয়া বাটেৰে বৰ্হিবিশ্বৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। যমৰ যাতনা ভোগ কৰি বছৰৰ পিছত বছৰ অতিক্ৰম কৰা মানুহখিনিৰ এসময়ত ভাগ্যৰ উদয় হ’ল। অসম চৰকাৰে কুলশীৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা চানডুবিৰ লকেয়া মুখৰ কটৰাবাৰী–চাপাৰা কাটালৈ এটি পথ নিৰ্মাণত অনুমোদন জনালে। কিন্তু পথটো নিৰ্মাণত বন বিভাগে আৰম্ভ কৰি দিলে বিধি–পথালি। গাঁওবাসীয়ে পূৰ্বৰে পৰা চলি অহা বাটটো প্ৰতি বছৰে নদীয়ে খহাই নিয়াত তাৰ কাষেৰে পুনৰ এটি নতুন বাটৰ সৃষ্টি হয়। নদীৰ পাৰত স্থায়ী নিৰ্মাণত অসুবিধা কাৰণে পথটোৰ কোনোবাখিনি পাহাৰৰ নামনিৰে আৰু কোনোবাখিনি গাঁৱৰ মাজেৰে নিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু ৰাইজৰ সিদ্ধান্তত বন বিভাগে আপত্তি বিহীন প্ৰমাণ পত্ৰ দিবলৈ অমান্তি হোৱা বাবে পথটো নিৰ্মাণত যথেষ্ট অসুবিধাই দেখা দিছিল। বন বিভাগৰ যুক্তি আছিল– পথটো নিৰ্মাণত যথেষ্ট পৰিমাণে গছ কটা যাব। তদুপৰি পথটো সম্পূৰ্ণ হৈ উঠিলে চোৰাং কাঠ বেপাৰীৰ উপদ্ৰৱ বাঢ়িব। তেনেস্থলত বনাঞ্চলৰ মাজেৰে পথ নিৰ্মাণত অনুমতি প্ৰদান কৰিব নোৱাৰি। বন বিভাগৰ এনে যুক্তিৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু জাতীয় সংগঠন সমূহে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছিল। অৱশেষত ৰাইজৰ দাবীত বন বিভাগে পথ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিছিল। বৰ্তমান কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা চানডুবি বিলৰ লকেয়া মুখৰ কাষলৈকে প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিৰ নিৰ্মাণ কাৰ্য চলি আছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে কুলশী–লকেয়া মুখ হৈ চানডুবিৰ মাজত পোনপোটীয়া পথ যোগাযোগ ব্যৱস্থা স্থাপন হ’ব। আনহাতে, বিগত বৰ্ষত নগাঁও জিলাৰ ডবকা সংৰক্ষিত বনাঞ্চলতো একে ঘটনাৰ সূত্ৰপাত হৈছিল। বিভাগীয় জৰীপ অনুসৰি– নতুনকৈ নিৰ্মাণ হ’বলগীয়া চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো এই সংৰক্ষিত বনাঞ্চলখনৰ পৰাই আৰম্ভ হৈছিল। পথটো নিৰ্মাণ হ’লে সংৰক্ষিত বনাঞ্চলখনৰ বৃহৎ সংখ্যক শাল গছ কটা যাব। এনে কাৰ্যৰ বিৰোধিতা কৰি স্থানীয় ৰাইজ, ছাত্ৰ সংগঠনে ৭০ দশকৰ চিপকো আন্দোলনৰ লেখীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ৰাইজৰ প্ৰতিবাদত কৰ্তৃপক্ষই পথটো নিৰ্মাণৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছিল।

উল্লেখনীয়ে যে, জল আৰু জংঘলৰ সৈতে মানুহৰ সম্পৰ্ক অতঃপ্ৰোতঃ। গতিকে যিকোনো উন্নয়ন ঘটাবলৈ যাওতে এই কথাষাৰ আমি গুৰুত্ব দিবই লাগিব। স্পষ্ট কথা– পলাশবাৰী–মিৰ্জা–চানডুবি পথ বহলিকৰন অঞ্চলটোৰ বাবে উন্নয়নৰ এক মাইলৰ খুটি স্বৰূপ। যদিও, প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সংকল্পৱদ্ধ স্থানীয় ৰাইজে পৰিৱেশতন্ত্ৰ ধ্বংসৰে গঢ়া উন্নয়নৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মনৰ কথা ইতিমধ্যে স্থানীয় বিধায়ক, পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া, কামৰূপ জিলাৰ উপায়ুক্তক জনাইছে। প্ৰাকৃতিক পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত বৃহৎ সংখ্যক গছ–গছনি কাটি পথ বহলিকৰনৰ সলনি চানডুবিলৈ যোৱা পুৰণি পথটোকে দুয়োফালে বহলাই নিৰ্মাণ কৰক। এয়া স্থানীয় ৰাইজৰ দাবী। তেনে কৰিলে পথটোৰ দুয়োফালে কেইডালমান গছ কটা যাব। বিপৰীতে গছ ৰোপন কৰি ক্ষতি হোৱা পৰিৱেশতন্ত্ৰ সোনকালে ঘূৰাই আনিবলৈও পৰা যাব।

সভ্যতা সমূহে কৈ গৈছে– ধ্বংসৰ আঁৰত সৃষ্টিৰ সপোন লুকাই থাকে। কিন্তু সৃষ্টিৰ বাবে অনাকাংক্ষিত ধ্বংস কাহানিও মানি ল’ব নোৱাৰা কথা। কিয়নো ইতিমধ্যে হৈ যোৱা ধ্বংস সমূহৰ পৰা কি সৃষ্টি হ’ল! শতায়ু গৰকা গছ–গছনি কাটি পথ বহলোৱা হৈছে আৰু পথৰ কাষত নতুনকৈ বৃক্ষ ৰোপণ কৰাও হৈছে। ইয়াক অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু নতুনকৈ ৰোপণ কৰা বৃক্ষৰ পৰা আগৰ ৰূপ পাবলৈ ৩০–৪০ বছৰ অপেক্ষা কৰিব লাগিব। ইমান বৃহৎ ব্যৱধান হ’লে পৰিৱেশতন্ত্ৰ সুস্থিৰ হৈ থাকিবনে? গতিকে ৰাইজক লাগে আৰু নালাগেৰ সংজ্ঞা বুজিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে।

সম্প্ৰতি ৰাইজৰ প্ৰতিবাদত মুদুকী হাইস্কুলৰ পৰা চানডুবিলৈ যোৱা পথছোৱা বহলিকৰণৰ বাবে নতুনকৈ যি জৰীপ কাৰ্য চলাইছিল সেয়া চৰকাৰে বন্ধ কৰা বুলি জানিব পৰা গৈছে। তাৰ পৰিৱৰ্তে পুৰণি পথটোকে বহলিকৰন কৰা হ’ব বুলিও কৈছে। সেয়া যদি সঁচা হয় তেনেহ’লে ই হ’ব সকলোৰে গ্ৰহণযোগ্য এটি উত্তম পন্থা। ইয়াক স্বীকাৰ কৰিবই লাগিব। কিয়নো– সেইটো কৰাৰ ফলত পথটোও বহলিকৰন হ’ব আৰু প্ৰকৃতিও সুৰক্ষিত হৈ থাকিব।  

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward