Thursday, April 25, 2024
HomeUncategorizedএহাল দম্পতিৰ আত্মহত্যাঃ ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীয়ে মহিলাসহ দুগৰাকী পুৰুষক গ্ৰেপ্তাৰ

এহাল দম্পতিৰ আত্মহত্যাঃ ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীয়ে মহিলাসহ দুগৰাকী পুৰুষক গ্ৰেপ্তাৰ

প্ৰকাশিত তাৰিখঃ ১৯ মাৰ্চ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

যোৱা ১৪ মাৰ্চত পলাশবাৰী থানাৰ অন্তৰ্গত উপৰহালী ৰিক্সাপাৰাত এহাল দম্পতিয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰে। পতি–পত্নী দিপীকা দাস (২০) আৰু টিংকু দাস (২২)ৰ আত্মহত্যাৰ খবৰ লাভ কৰা মাত্ৰে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হয়। লগতে চক্ৰ বিষয়াৰ নিৰ্দেশমৰ্মে দম্পতিহালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দম্পতিহালৰ আত্মহত্যা সন্দৰ্ভত ইতিমধ্যে ন ন তথ্য পোহৰলৈ আহি আছে। এই আত্মহত্যা এচামৰ প্ৰৰোচনাত সংঘটিত হোৱা বুলি টিংকু দাসৰ মাতৃয়ে পলাশবাৰী থানাত এহাজাৰ দাখিল কৰিছিল।

টিংকু দাসৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে। ঘটনাৰ তদন্ত ক্ৰমে– ১৯ মাৰ্চত আৰক্ষীয়ে টিংকু দাসৰ বৌৱেক হিৰণ কলিতা দাস, ৰঙামাটি গাঁৱৰ অক্ষয় দাস আৰু গোৱালপাৰাৰ চাহাৰ আলীক জেৰাৰ বাবে আটক কৰিছিল। আৰক্ষীয়ে জেৰাৰ অন্তত আটকাধীন ব্যক্তি কেইগৰাকীক গ্ৰেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্ৰেৰণ কৰে।

ইতিমধ্যে মিৰ্জাস্থিত অয়’ নামৰ এখন অভিজাত হোটেল কৰ্তৃপক্ষ আত্মহত্যা ঘটনাৰ লগত সাঙোৰ খাই পৰিছে। সেয়ে নহয় অঞ্চলটোৰ বহুকেইখন ধাবা, লাইন হোটেল অনৈতিক কাৰ্যকলাপৰ বাবে সুবিধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে। সময়ে সময়ে তেনেবোৰ ঘটনা পোহৰলৈও আহিছে। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ খাতিৰত আৰক্ষীয়ে সকলো কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছে। যিয়েই নহওক অপৰাধীয়ে উচিত শাস্তি পাব লাগে। দোষীসকলে কোনো প্ৰকাৰে সাৰি যাব নোৱাৰে বুলি পলাশবাৰী থানাৰ আৰক্ষী বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মই প্ৰকাশ কৰে।

শিৰোনামৰ ফটোঃ নৱজিতৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward