Saturday, April 20, 2024
HomeARTICLEকৃষিভিত্তিক ৰাজনীতি

কৃষিভিত্তিক ৰাজনীতি

প্ৰকাশিত তাৰিখঃ ২৫ এপ্ৰিল, ২০২২

কল্প ৰঞ্জন গগৈ–

আমাৰ খেতিয়কৰ কেৱল অসমৰে নহয় সৰ্বভাৰতৰ– প্ৰকৃত অৱস্থা কি? কাগজে কলমে ইয়াক তুলি ধৰা হয়– খেতিয়কে যে আত্মহত্যা কৰি আছে তাকো সময়ত তুলি ধৰা হয়– ৮০% খেতিয়ক যে ক্ষুদ্ৰ আৰু উপান্ত তাকো তুলি ধৰা হয়– কৃষিখণ্ডক যে প্ৰকৃততে আধুনিক কৰিব লাগিব তাকো কোৱা হয়– মোৰ দেশ যে খেতিয়কৰ দেশ তাকো সকলোৱে জানো– উৎপাদনৰ বাবে যি খৰছ হয় তাকো খেতিয়কে নেপায়– সকলোৱে জানো কিন্তু এটা মস্ত সাধুকথা বুলিহে গণ্য কৰো। জৱাহৰলাল নেহেৰুৱে কৈছিল– Everything can wait, agriculture cannot। তাৰ পিছত গংগা– ব্ৰহ্মপুত্ৰইদি বহুত পানী বৈ গ’ল– কিন্তু খেতিয়কৰ চকুপানী চকুতে শুকাই থাকিল। কোনে আমাক সংবেদনহীন, সদিচ্ছাহীনকৰি তুলিলে? নে ই আমাৰ জন্মগত চেতনা?

আমি উপভোক্তাসকলে খুচুৰা বেপাৰীৰ পৰা খাদ্য–সামগ্ৰী–শাক–পাচলি কিনোতে যি পইচা দিওঁ তাৰ কিমান অংশ খেতিয়কৰ হাতত পৰে? ধৰি লোৱা হ’ল ভাত কেৰেলাৰ কিলো ২০০ টকা কিন্তু মধ্যভোগীৰ পৰা খেতিয়কে কেইটকা পায়? এক কিলো ভাত কেৰেলা উৎপাদন কৰোঁতে কেই টকা খৰছ হয়? Cost of Production কিমান আৰু এই খৰছৰ কিমান অংশ খেতিয়কে পায়?

ধৰি লোৱা হ’ল খেতিয়কজনৰ পৰিয়ালৰ বাবে বিনামূল্যে কিছু চাউল–দাইল–তেল দিয়া হ’ল। তাৰ পিছত ভাবিলো বেচ দিছো কিন্তু প্ৰকৃততে খেতিয়কজনক কিবা দিয়া হ’লনে? কেৱল পিছৰবাৰ উৎপাদন কৰিবলৈ সাৰ, বীজ, খেতিৰ বাবে পানী আদি উৎপাদনৰ সামগ্ৰীৰ লগতে পৰিয়ালবোৰ চলিবলৈ কিমান লাগিব অংক কৰক।

তাৰ পৰাই বিদ্বৎ সমাজে ঠিৰাং কৰক এজন খেতিয়কক কি দিলে তেওঁৰ পৰিয়াল চলাৰ উপৰিও ভাল ধৰণে মানুহ হিচাপে হিচাপে জীয়াই থাকিব পাৰিব। মনত ৰাখিব লাগিব যে উৎপাদক হোৱাৰ লগতে তেওঁৰ পৰিয়াল দেশৰ উপভোক্তাও– একেইখন বজাৰৰ পৰাই খাব। দুই এজন অৱস্থাপন্ন খেতিয়কৰ অৱস্থা জয়জয় ময়ময় হ’লেও ৮০% খেতিয়কৰ অৱস্থা কেনে?

প্ৰশ্ন হ’ল দেশৰ ৮০% মানুহ খেতিত নিয়োজিত– দেশৰ গণতন্ত্ৰৰ চালিকা শক্তি– তেওঁলোকৰ বাবে কেনেধৰণৰ কাৰ্যসূচী ল’লে খেতিয়কৰ অৱস্থা ভাল হ’ব? প্ৰশ্ন কৰক এটা কৃষক পৰিয়ালৰ প্ৰকৃত মাহেকীয়া আয় কিমান? কেৱল খেতিৰ পৰা আৰু আনুষঙ্গিক কাৰ্যৰ পৰা?

এটা সমীক্ষা মতে খেতিয়ক এজনে শস্য উৎপাদনৰ পৰা পোৱা ধনৰ পৰিমাণ আমি উভোক্তা এজনে সেই শস্যবিধৰ বাবে দিয়া ধনৰ ২০%–২৫% বা তাতোকৈ কম। মই বজাৰত কিনা ২০০ টকাৰ ভাত কেৰেলাৰ বিপৰীতে খেতিয়কজনে পাব ৪০ টকা বা তাতোকৈ কম। মাজৰ ১৬০ টকা Market forces– বজাৰৰ হাতত পৰিব। যদি পূঁজিবাদী ব্যৱস্থা তেনেহ’লে পূঁজিপতিৰ হাতত পৰিব। যদি সামন্তবাদী ব্যৱস্থা তেনেহ’লে ৰজা–জমিদাৰ–নৱাবৰ হাতলৈ যাব। মুঠতে মাজৰ টকা যাব মধ্যভোগী ব্যৱসায়ী গোষ্ঠীলৈ। এই গোষ্ঠীৰ দখলতে দেশখনৰ ৰাজনীতি আৰু সমাজনীতি।

সংশোধনৰ উপায় হিচাপে কৰিবলগীয়া কাম হ’ল খেতিয়কক এক নুন্যতম সমৰ্থম মূল্য– Minimum Support Price দিয়া আৰু উপভোক্তাই কিনোতে যি মূল্য ভৰে তাৰে ৬০%–৭০% মুল্য খেতিয়কৰ হাতত পৰাৰ ব্যৱস্থা কৰা। অৰ্থাৎ ২০০ টকা মূল্যৰ বিপৰীতে ১২০–১৪০ টকা খেতিয়কজনৰ হাতত পেলোৱা। বজাৰৰ মূল্য আৰু সমৰ্থন মূল্য– এই দুয়োটা কিদৰে খেতিয়কৰ হাতত দিয়া হ’ব– সেই অংকটো সঠিকভাৱে নিৰ্ণয় কৰিব লাগিব। চাবলৈ গ’লে কৃষি উৎপাদনৰ বিষয়টো Broad based Agriculture–বহল ভিত্তিক কৃষি–মাছ–কাছ–হাঁহ–পাৰ–ধান–মাহক সামৰি ল’ব লাগিব– কৃষি উৎপাদন আয়োগ গঢ়ি কৃষিনীতি ঠিক কৰিব লাগিব। সেইমতে বাজেটৰ বিষয়টোও চাব লাগিব– সুকীয়াকৈ।

বজাৰ শক্তিক– Market forces নিয়ন্ত্ৰণ নহয়– বেলেগ ধৰণে পৰিচালনা কৰিব লাগিব যাতে ইয়াৰ শক্তি সৰ্বগ্ৰাসী নহয়। এই দিশত কাম কৰিবলৈ আমাৰ মাজত সংবেদনশীল আৰু সদিচ্ছা থকা বিশেষজ্ঞ আছে– downto earth, specialist– আৰু আছে সমাজমুখী ডা–ডাঙৰীয়া আছে এখন দায়িত্বশীল কৃষক সমাজ। কৃষি নীতি প্ৰস্তুত কৰোঁতে তৃণমূলৰ পঞ্চায়তৰ পৰাই আঁচনি–যোজনা ল’ব লাগিব।

তাহানিৰ পৰা আজিলৈকে মানৱ–সমাজৰ যি বিকাশ সি সম্ভৱ হৈছে কৃষকসকলৰ উদ্ভাৱন শক্তি আৰু তেওঁলোকৰ সমূহীয়া সৃষ্টিশীল কৰ্মৰ সহায়ত। বেপাৰী নিয়ন্ত্ৰিত ৰাজনৈতিক ব্যৱস্থাই কৃষকৰ পথাৰ আৰু পঞ্চায়তত বিকশিত হ’বলৈ ধৰা গণতন্ত্ৰৰ পথত বাধাৰ সৃষ্টি কৰি গণতান্ত্ৰিক চেতনাৰ পথটোকেই ৰূদ্ধ কৰি দিলে। ফল হ’ল যুদ্ধৰ ৰাজনীতিৰ বিকাশ–বেপাৰৰ বাবে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward