Friday, July 19, 2024
HomeARTICLEজয় কিষাণ, জয় কৃষি বিজ্ঞান আৰু জয় কৃষি অনুসন্ধান

জয় কিষাণ, জয় কৃষি বিজ্ঞান আৰু জয় কৃষি অনুসন্ধান

প্ৰকাশিত তাৰিখঃ ১৮ মাৰ্চ, ২০২৪

কল্প ৰঞ্জন গগৈ –

প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ দিনত চিঞৰিছিলো– জয় জোৱান, জয় কিষাণ। কৃষকৰ উন্নতি হ’ল ঠিকেই কিন্তু চিৰসেউজ বিপ্লৱৰ বাবে আজি ক’ব লাগিব– জয় কিষাণ, জয় কৃষি বিজ্ঞান আৰু জয় কৃষি অনুসন্ধান। বাজেটখন কৃষি, কৃষক, কৃষি উৎপাদনৰ অনুসন্ধানৰ লক্ষ্যৰে প্ৰস্তুত কৰিব লাগিব। যিহেতু উত্তৰ ঔপনিবেশ বিভক্ত ভাৰতবৰ্ষ (Post Colonial Divided India) মূলতে এখন কৃষি প্ৰধান দেশ। বিভক্ত দেশখনৰ সীমা ৰক্ষাৰ বাবে যুদ্ধাস্ত্ৰ নে অন্য কিবা গোলকীয় অসভ্যালিৰ যুগত সেই প্ৰশ্নলৈ নগৈও এটা কথা স্পষ্টকৈ ক’ব পাৰি প্ৰাক্‌ ঔপনিৱেশ–উপনিৱেশ হৈ থাকোতে পাকিস্তান, মাজৰ ভাৰতীয় সংঘ, পূৱৰ বাংলাদেশ, মানদেশৰ সীমালৈ একেখনেই হিন্দুস্তান/ হিন্দ। চাওল্যুং চ্যুকাফাই ভেটি স্থাপন কৰি থৈ যোৱা অহম দেশ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত দখল কৰিছিল ইৰাৱতী নৈৰ পাৰত। ১৯৪৭ চনৰ আগলৈ যুদ্ধৰ অস্ত্ৰ, আৰক্ষী বাহিনী, আমোলা বাহিনীৰ কাম আছিল দেশকনৰ পথাৰবোৰ সেউজীয়া কৰি ৰখা কৃষকসকলক দমন কৰিবলৈ দেশদ্ৰোহী বুলি আখ্যা দিয়া। সেয়ে দেশখনৰ স্থাধীনতাৰ লগতে সমাজতন্ত্ৰলৈ উত্তৰণৰ বাবে প্ৰধান যোদ্ধা হ’ল কৃষকসকল।

ব্ৰিটিছ বণিয়াৰ শাসনকালত খাদ্যৰ অভাৱ হৈছিল, দুৰ্ভিক্ষত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। কৃষকৰ ‘সম্ভ্ৰম’ ধ্বংস হৈছিল। স্বাধীনতাৰ পিছতো ১৯৬৬–৬৭, ১৯৭২–৭৩ আৰু ১৯৮৬–৮৭ এই তিনি বছৰ দেশখনৰ খাদ্য অভাৱৰ সমুখামুখি হৈছিল খৰাং বতৰৰ বাবে। কিন্তু দেশৰ কৃষক, কৃষি বিজ্ঞানী–কৰ্মীসকলৰ প্ৰচেষ্টাত অভাৱ নামৰ অসুৰটো পৰভূত হৈছিল। দেশত আৰম্ভ কৰা সেউজ বিপ্লৱৰ বাবে বৰ্তমানে খাদ্য উৎপাদন যথেষ্ট। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত খাদ্য সুৰক্ষাই (Food Security) কেন্দ্ৰীয় সমস্যা (Central Issue) হিচাপে গুৰুত্ব লাভ কৰিছিল। ১৯৭৮/ ৭৯ চনত ভাৰতবৰ্ষৰ খাদ্য শস্য উৎপাদন হৈছিল ১২৭ মিলিয়ন টন। সেয়ে সেউজ আৰু শস্য ৰপ্তানি কৰাৰ সামৰ্থও লাভ কৰিছিল। সেউজ বিপ্লৱৰ সময়ছোৱাত উৎপাদনশীলতা বঢ়াবৰ বাবে কৃষি প্ৰযুক্তিৰ বিকাশে গুৰুত্ব লাভ কৰিছিল। সেউজ বিপ্লৱৰ প্ৰথম স্তৰত ৰাজনৈতিক নেতা চি সুব্ৰমণিয়াম আৰু চিভিল চাৰ্ভেণ্ট (Civil Servant) বি শিৱৰমনৰ নেতৃত্বত উচ্চ উৎপাদনক্ষম প্ৰযুক্তিয়ে (High Yielding Technology) প্ৰধান ভূমিকা লয়। পৰৱৰ্তী পৰ্যায়ত বিজ্ঞানী ড এম এছ স্বামীনথনৰ সহযোগত উৎপাদনে এক বেলেগ মাত্ৰা লাভ কৰিছিল। স্বামীনাথনে মৃত্যুৰ আগেয়ে চিৰসেউজ বিপ্লৱ আৰু খেতিয়কৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে নিম্নতম সমৰ্থন মূল্যৰ (Minimum Support Price) পৰামৰ্শ দি থৈ গ’ল। বৰ্তমানৰ বৈশ্য যুগৰ (স্বামীবিবেকানন্দৰ মতে– ১৮৬৩–১৯০২) সংকটৰ মুখামুখি হ’ব পৰাকৈ কৃষকৰ বাবে আৰ্থ–সামাজিক নিৰাপত্তাৰ (Socio–Economic Security) প্ৰয়োজন।

অন্নদাতাসকলে জনগণক খাদ্য আৰু পৰিপুষ্টিৰ নিৰাপত্তা (Food and Nutrition Security) দিয়াৰ বিনিময়ত, নিজৰেই নিৰাপত্তা পোৱা নাই। পণ্ডিত জৱহৰলাল নেহেৰুৱে মৃত্যুৰ আগেয়ে কৈছিল– স্বাধীনতাৰ ডেৰ দশকৰ পিছতো ‘ধনীৰ ধন বাঢ়িল কিন্তু দুখীয়া একে ঠাইতে থাকি গ’ল (The rich had grown ricer but the poor has remained in their original place)।

আজি ক’ব পাৰি a few rich has became super rich but the broad mass has sunk down, সৰহভাগ জনগণ তলি পালেগৈ। তেনে পৰিস্থিতিত দেশৰ জনগণৰ কৰ্তব্য কি হ’ব লাগিব? ১৯৪৭ চনৰ স্বাধীনতাৰ পিছত আমাৰ দেশৰ অভিভাৱকসকলৰ প্ৰতিজ্ঞা আছিল ঢাপে ঢাপে সঠিক শিক্ষামূলক কাৰ্যসূচীৰ জৰীয়তে ঔপনিৱেশিক আৰু ৰাজতন্ত্ৰৰ বৈশিষ্টবোৰ আঁতৰাই সমাজবাদী সমাজ গঢ়িবলৈ যত্ন কৰা। কাৰণ ইতিমধ্যে ৰুছ বিপ্লৱৰ (১৯১৭) ফলত ছোভিয়েট মহাসংঘ গঠন হৈ ‘আধাসমাজবাদী’ অৱস্থালৈ ৰুছ দেশে গতি কৰিছে। কাৰ্লমাৰ্ক্সে কোৱা ‘সম্ভ্ৰম’ ৰুটিৰ লগতে– তাৰ জনগণে লাভ কৰিছে। দেশৰ অভিভাৱকত্ব কৃষক শ্ৰমিকৰ হাতত অৰ্পন কৰা হৈছে।

ভাৰতবৰ্ষৰ সংগ্ৰামৰ ফলস্বৰূপে যি স্বাধীনতা লাভ কৰা হ’ল তাৰ প্ৰধান শক্তি (Determining Factor) কৃষকসকল আছিল। যদিও– কৃষকসকলৰ অভিভাৱকত্ব (Guardianship) দিয়া নহ’ল। বৰং জমিদাৰসকলে কৰাৰ দৰে কৃষকৰ দাবীবোৰ নস্যাৎ কৰা হ’ল। কৃষকৰ সমস্যাবোৰ সময়ে সময়ে তুলি ধৰা স্বত্বেও তাক গণতন্ত্ৰবাদী চৰকাৰে মষিমূৰ কৰি পেলাইছিল।

বৰ্তমান আৰু ভৱিষ্যত অতীতৰ বুকুৰ পৰাই জন্ম। আজি দেশৰ সমস্যা হৈছে অভিভাৱকহীনতা ভাৰতবৰ্ষৰ খেতিয়কসকল যথেষ্ট সচেতন আৰু সেয়ে কৃষকসকলৰ হাততেই এই অভিভাৱকত্ব অৰ্পন কৰিব লাগিব।

যিখন দেশত জনগণৰ বাবে প্ৰয়োজনীয় উমান চেনেহ থাকে, য’ত সকলোৱে নিৰপাত্তা অনুভৱ কৰে তাতেই জনতাৰ কৰ্মস্পৃহা বাঢ়িব, সহযোগিতা বাঢ়িব আৰু লগে লগে উন্নত হ’ব তাৰ অৰ্থনৈতিক–ৰাজনৈতিক–সাংস্কৃতিক অৱস্থা। এনেকৈয়ে নতুন সপোনৰে ভৰা নতুন আকাশ বাস্তৱৰ সত্য হৈ পৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward