Thursday, April 18, 2024
HomeUncategorizedখণ্ডিত ৰাজনীতি আৰু আমাৰ সংবিধান

খণ্ডিত ৰাজনীতি আৰু আমাৰ সংবিধান

প্ৰকাশিত তাৰিখঃ ১৭ জানুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ –

আজিৰ ভাৰতবৰ্ষত ঘটি থকা ঘটনাৱলীৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আমাৰ ছাত্ৰ–যুৱ শক্তি খণ্ডিত–খণ্ডিত লৱীকেন্দ্ৰীক (Lobby) চিন্তাৰ দ্বাৰা পৰিচালিত। স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈ যোৱা Man Making and Nation Building– মানুহ নিৰ্মাণ আৰু ৰাষ্ট্ৰ গঠন কাৰ্যসূচী– অধিক গতিশীল আৰু সঠিকভাৱে আগবঢ়াই নিয়াৰ প্ৰয়োজন। গণতন্ত্ৰক সৱল, শক্তিশালী আৰু দৃঢ় কৰিবলৈ দেশৰ জনগণে প্ৰচেষ্টা চলাব লাগিব।

এক উন্নত দৰ্শনৰ দ্বাৰা পৰিচালিত ভাৰতবৰ্ষ ইংৰাজ অহাৰ আগলৈকে ইয়ালৈকে অহা সকলো বিদেশী আপোন হৈ পৰিছিল আৰু ইয়াৰ লগত মিলি গৈছিল। ভগৱান বুদ্ধৰ সময়ৰ পৰা ই সম্প্ৰসাৰিত হৈছিল আৰু গঢ় লৈছিল এছিয়াটিক সভ্যতা– Asiatic Civilization and Culture। ইংৰাজ আহি প্ৰথমে এই এছিয় সভ্যতাৰ বুনিয়াদ ভাঙি তাৰ ঠাইত পাশ্চ্যাত্যৰ সভ্যতাক স্থাপন কৰি খেলিমেলি কৰি থৈ গ’ল– ১৯৪৭ পৰ্যন্ত। জাতিৰ পিতাজনক বিদায় দিয়াৰ মহাপাপৰ ফলত আজি আমাৰ সভ্যতা বিচ্যুত। ২০০৩ চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকা কালত এই বিচ্যুতি– aberration– লক্ষ্য কৰি এক বক্তব্য ৰাখিছিল– আশা আছিল যে এই বিচ্যুতিৰ পৰা দেশখনত মুক্ত কৰা হ’ব।

এখন ইংৰাজী দৈনিকৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱত প্ৰধানমন্ত্ৰী হিচাপে দিয়া ভাষণত কৈছিল– In spite of the unfortunate aberrations whose recurrence must be prevented, India with always remain an open, inclusive and tolerant nation, with the freedom of faith guaranteed to all not only by the statute book but also by the living traditions of this ancient cultivation. এইটো স্পষ্ট যে ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতাই এক নতুন স্তৰত উপনীত হৈছিল ভগৱান বুদ্ধৰ সময়ৰ পৰা (খৃঃপূৰ্ব ৫৬৩/ ৪৮০–৪০০) আৰু এই সভ্যতাৰ প্ৰকাশ হৈছিল বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে বিহাৰত। ইতিহাসৰ সৰ্পিল গতিত আগবাঢ়ি গৈ থাকোতে বৃটিছ বণিয়াই বেপাৰ আৰু দখলৰ লক্ষ্যৰে আহি ১৭৫৭ চনত যি কোঠ মাৰিলে তাৰ বিৰুদ্ধে সংঘবদ্ধ ভাৰতবাসী থিয় হৈছিল ১৮৫৭ চনত। ইয়াৰ ৬ বছৰৰ পিছত জন্মলাভ কৰা স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) মুখামুখি হৈছিল বিছাৰৰ বাবে ইংৰাজে ৰচনা কৰা ভাৰতীয় দণ্ডবিধি আইন ১৮৬০ আৰু ভাৰতীয় পুলিচ আইন ১৮৬১– Indian Penal Code 1860 আৰু Indian Police Act 1861– যাৰ সহায়ত বিচাৰৰ নামত ভাৰতবাসীক খণ্ডিত– খণ্ডিত কৰা হৈছিল। অপৰাধী বা খলনায়ক সকল সেইসকলেই যি সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে থিয় দিব।

কিন্তু ভাৰতীয় জনগণে মহামাত্মাৰ নেতৃত্বত ঐক্যৱদ্ধ হৈ যি জোৱাৰ তুলিছিল তাৰ বিৰুদ্ধে বৃটিছে দেশখনত ধৰ্মৰ নামত ভাগ কৰি থৈ এই সভ্যতাৰ বিৰুদ্ধে এক চৰম আঘাত হানি থৈ গ’ল। বাজপেয়ীজীয়ে কোৱা aberration– বিচ্যুতি এই সাম্ৰাজ্যবাদী শাসনৰ ফলশ্ৰুতি। মানুহ আৰু মানুহৰ মাজৰ যি স্বাভাৱিক অবৈৰীমূলক দ্বন্দ থাকে তাক বৈৰীমূলক কৰি থৈ গৈছিল ইংৰাজৰ বণিক তথা প্ৰশাসনিক নীতিৰ দ্বাৰা– British Trade and Political Policy আমাৰ ধীমানসকলে ইয়াক অবৈৰীমূলক কৰি ৰাখিবলৈ অহৰহ চৈষ্টা কৰি থাকিলেও মাজে মাজে বৈৰীমূলক হৈ পৰে। আমাৰ অজ্ঞতাৰ সুযোগ লৈ অবৈৰীমূলক দ্বন্দক বৈৰীমূলক দ্বন্দলৈ পৰিণত কৰেগৈ। সেয়ে গান্ধীৰ সপোনৰ শান্তি–অহিংসাৰ বাণী স্থায়ী নহ’ল। জনতা আৰু বৃটিছ সাম্ৰাজ্যৰ মাজৰ দ্বন্দ সদায়েই বৈৰীমূলক আৰু মানুহ আৰু মানুহৰ মাজৰ দ্বন্দ অবৈৰীমূলক যদিও বৃটিছে সেই দ্বন্দক অবৈৰীমূলক আৰু পিছৰ ভাৰতীয় জনগণৰ মাজৰ দ্বন্দক খণ্ডিতকৰণৰ সহায়ত বৈৰীমূলক কৰি থৈ গুচি গ’ল। সেয়ে বহুক্ষেত্ৰত মানুহৰ লগত সাম্ৰাজ্যবাদৰ দ্বন্দ এক দোধোৰ–মোধোৰ অৱস্থালৈ গতি কৰিলে আৰু সেয়ে জনতাৰ মাজত শত্ৰু–মিত্ৰ চিনাক্তকৰণ প্ৰক্ৰিয়া বিশেষভাৱে দূৰ্বল হৈ থাকি গ’ল। সেয়ে নিজ জাতিৰ মাজতে ধৰ্ম, ভাষা লৈ শত্ৰুতা হ’ব ধৰিলে– বিষোদগাৰ হ’ব ধৰিলে স্বাধীনতা লাভৰ পৰা যি আজি এক তীব্ৰৰূপ ধাৰণ কৰিছে– বিশ্বৰ পতনশীল অৰ্থনীতি–ৰাজনীতিৰ যুগত।

জাতিৰ পিতা মহাত্মাই আমাৰ সংবিধান গ্ৰহণৰ দিনটো দেখি নগ’ল। স্বাধীনতা প্ৰাপ্তিৰ দুই–তিনি বছৰ আগৰ পৰা চাৰ্চিল–মাউণ্টবেটেনৰ চক্ৰান্তত অপ্ৰাংগিক কৰি তোলা হৈছিল আৰু বৃটিছৰ নীতিসমূহ স্বাধীন ভাৰতত সম্প্ৰসাৰণৰ বাবে ‘সৰিয়হ ডুলিতে ভূতবোৰ’ থৈ গ’ল। উপযুক্ত শিক্ষাৰ সহায়ত ভাৰতীয় জনগণক সমৃদ্ধ কৰি Man Making and Nation Building কাৰ্যসূচী আগবঢ়াই নিয়াৰ কাৰ্যসূচী সাম্ৰাজ্যবাদী নীতিৰ বিৰোধী বুলি বৃটিছে জানিছিল।

ৰাষ্ট্ৰসংঘৰ Universal Declaration of Human Rightsৰ দ্বাৰা পৰিচালিত আমাৰ সংবিধানখনত সন্নিবিষ্ট নাগৰিকৰ বাবে ন্যায়, সাম্য আৰু স্বাধীনতা Civilization justice, equality and liberty of all kinds and to promote among them all fraternity assuring the dignity of individual and unity of the nation’ আজি স্বাধীনতা তথা সাৰ্বভৌমত্বৰ আঠটা দশক পাবলৈ যোৱাৰ সময়তো আমাৰ বাবে মৰিচিকা হৈ থাকি গ’ল।

সেয়ে আমাৰ স্বাধীনতাৰ এশ বছৰ পূৰ্তিৰ বাবে প্ৰস্তুতি চলাওঁতে আমি স্বামী বিবেকানন্দই দি যোৱা– Man Making Nation Building with the help of Vedantic Brain and Islamic Body– এক দৃঢ় সাংস্কৃতিক আন্দোলনৰূপে আগবঢ়াই নিব লাগিব, সকলো নিৰ্বাচনৰ ৰাজনীতিত অংশগ্ৰহণ কৰা দলবোৰৰ লগতে প্ৰকৃত ৰাজনীতিৰ অংশীদাৰ তথা ইতিহাসৰ চালিকা শক্তি দেশৰ জনগণক সাংবিধানিক তথা ন্যায়িক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব।

বৰঞ্জী বা ইতিহাস বোলোতে আমি প্ৰজাৰ মুক্তিৰ বুৰঞ্জীৰ কথাবোৰ চৰ্চা কৰিব লাগিব যাতে সকলো মানুহৰ মানসিকতা ভৱিষ্যতমুখী হয়।

দাৰ্শনিক ভল্টেয়াৰৰ মতে– Every present event is born of the past and is father of the future.

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward