Friday, April 19, 2024
Homeবাতৰিখিলঞ্জীয়াৰ বজ্ৰনিনাদেৰে জাতিধ্বংসী বিধেয়ক বাতিলৰ সংকল্প গ্ৰহণ

খিলঞ্জীয়াৰ বজ্ৰনিনাদেৰে জাতিধ্বংসী বিধেয়ক বাতিলৰ সংকল্প গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ২৮ জানুৱাৰী, ২০১৯

 

উদিত ভাস্কৰ ৰাভা

খিলঞ্জীয়াৰ বজ্ৰনিনাদত পুনৰ কঁপি উঠিল অসম। চিৰদিনৰ বাবে ভাষা–সংস্কৃতি ধ্বংস কৰিব পৰা নাগৰিকত্ব বিধেয়ক গৃহীত নকৰিবলৈ চৰকাৰলৈ খিলঞ্জীয়াৰ চৰম সকীয়নি। সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ন কৰি থকা প্ৰতিবাদী কাৰ্যসূচীত অস্থিৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। যোৱা ২৩ জানুৱাৰীত আছু সহঃ ৩০টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীৰ লতাশিল খেলপথাৰত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচী ‘খিলঞ্জীয়াৰ বজ্ৰনিনাদ’ত পুনৰ কঁপাই তুলিলে মহানগৰীৰ আকাশ–বতাহ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ–হাজাৰ জনতাই অংশগ্ৰহন কৰে এই প্ৰতিবাদী সভাত। যিকোনো ত্যাগৰ বিনিময়ত জাতিধ্বংসী বিধেয়ক বাতিল কৰাৰ লগতে এই গণ আন্দোলনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ সংকল্পও গ্ৰহণ কৰে। জাতিধবংসী বিধেয়কখন কোনো কাৰণতে মানি লোৱা নহয় বুলি হুংকাৰ দিয়ে দিল্লী–দিছপুৰৰ ৰজাঘৰলৈ। তাৰ পিচতো যদি বিধেয়কখন বলপূৰ্বক জাপি দিব খোজে তেনেহ’লে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব দিল্লী–দিছপুৰৰ চৰকাৰ।

আনহাতে, জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আগবাঢ়ি যোৱা ঐক্যবদ্ধ গণ আন্দোলনখনক বিভাজনেৰে দূৰ্বল কৰিবলৈ ৰচি থকা চৰকাৰী ষড়যন্ত্ৰক অসমৰ প্ৰতিবাদী জনতাই মষিমুৰ কৰি দিছে। এনে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কাৰণে পূৰ্বৰ চৰকাৰকো ওফৰাই দিয়া হৈছিল। পূৰ্বৰ চৰকাৰ সমূহৰ দৰে বৰ্তমানৰখনেও যদি একে পন্থাকে অনুসৰণ কৰে তেনেহ’লে চৰকাৰ ওফৰাই দিবলৈ বেছি পৰ নালাগে। পূৰ্বতে সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা জাতীয় নায়ক সন্মানক এতিয়া আছুই গুৰুত্বহীন কৰিছে। নিজৰ জাতিটোৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰা মুখ্যমন্ত্ৰীজনক এতিয়া একবিংশ শতিকাৰ ল’ৰা ৰজা, বাংলাদেশীৰ ৰক্ষক, বিশ্বাসঘাতক, খিলঞ্জীয়া বিৰোধী আদি বিশেষণেৰে বিভূষিত কৰিছে।

জাতিক ধ্বংস কৰিব পৰা এই বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ সাহস নকৰে তাৰবাবে আজি আমি বজ্ৰসম শক্তিৰে চৰকাৰক সকিয়াই দিলো। খিলঞ্জীয়াৰ বজ্ৰনিনাদ’ৰ মূল কাৰ্যসূচী আৰম্ভ কৰি আছুৰ সভাপতি দিপাংক নাথে এইদৰে কয়।

অসমীয়া জাতিৰ আবেগ অনুভূতিক অসন্মান কৰি জাতিধ্বংসী বিধেয়ক অসমৰ ওপৰত জাপি খোজা কাৰ্যত একান্তবাধ্য ছাত্ৰৰ দৰে দায়িত্ব পালন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আছু শিৱিৰৰ পৰা উত্তৰণ ঘটা মুখ্যমন্ত্ৰীজনে সমগ্ৰ জাতিটোৰ সংকটৰ সময়ত মৌনতা অৱলম্বন কৰি থকাত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তীব্ৰ বাণ নিক্ষেপ কৰে আছু’ৰ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে। 

বিজেপিক ভোট দি জিকাই অনাটো যদি অসমীয়া ৰাইজৰ ভুল নাছিল তেন্তে উত্তৰ–পূৰ্বাঞ্চলে নিবিছৰা কাম এটা কিয় জাপি দিব ওলাইছা বুলি এবছু’ৰ সভাপতি প্ৰমোদ বড়োয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।

বিধেয়ক যদি বাতিল নকৰে তেনেহ’লে অহা ১ ফেব্ৰুৱাৰীৰ পৰা গাঁৱেগাঁৱে বিজেপি হটাও অভিযান আৰম্ভ কৰিব বুলি সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে ঘোষণা কৰে।

আমাৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ চেষ্টা নকৰি বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰিলে বিষম ফল ভোগ কৰিব লাগিব বুলি সকিয়াই দিয়ে চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে।

বৰ্তমান শাসনৰ গাদীত থকা মুখ্যমন্ত্ৰীজন জাতীয়তাবাদী শিৱিৰৰ পৰা অহা। জাতিৰ সংকটৰ সময়ত তেখেতে মৌন হৈ থকাত আমি লজ্জাবোধ কৰিছো। ৰাজহাড় বিহীন মুখ্যমন্ত্ৰীজনে বিদেশীক সংস্থাপনেৰে খিলঞ্জীয়াক সংখ্যালঘু কৰিলে অসমীয়া ৰাইজৰ লাভালাভ কি ? অসমীয়া ৰাইজে জাতিৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে আন্দোলন কৰিব লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ‘দৈনিক জনমভূমি’ কাকতৰ সম্পাদক উৎপল বৰুৱাই।

দেশখন আমি বিজেপিক পাঁচ বছৰ ভাড়াত দিছিলো। ভাড়াতীয়াই গৰাকীৰ অনুমতি অবিহনে কিন্তু লাইখুটা সলনি কৰিব নোৱাৰে। যদি বিজেপি চৰকাৰে কিবা কৰিব বিচাৰে তেনেহ’লে আমাৰ অনুমতি ল’ব লাগিব বুলি চৰকাৰৰ প্ৰতি তীব্ৰ সমালোচনা কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে।

উত্তৰ–পূব ছাত্ৰ সংগঠন (নেছ’)ৰ অধ্যক্ষ ছেমুৱেল জেওৰাই কয় যে, উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়াৰ কথা নুশুনি বাকীকেইখন ৰাজ্যকো ত্ৰিপুৰাৰ অৱস্থালৈ ঠেলি দিব খোজা কাৰ্যত মুঠেই সহ্য কৰা নহ’ব।

সৰ্বানন্দই আছু কৰি থাকোতে কথাবোৰ বেলেগকৈ বুজিছিল আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিচত বেলেগকৈ বুজিছে। এনে আচৰণ জাতিটোৰ বাবে শুভ লক্ষণ নহয় বুলি আৰছু’ৰ সভাপতি ৰমেন সিং ৰাভাই ভাষণ প্ৰদান কৰে।

আছু’ৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মেঘালয় আৰু মিজোৰামৰ উদাহৰণ দি একালৰ সতীৰ্থ সৰ্বানন্দৰ ভূমিকাত তীব্ৰ সমালোচনা কৰে। বিদেশী হিন্দু আনি অসমত সংস্থাপন কৰি অসমীয়া জাতিক ৰক্ষাৰ ফৰ্মূলা উদ্ভাৱন কৰিছে হেনো বিজেপি চৰকাৰে। সেই চৰকাৰৰ আজ্ঞাবাহী সৰ্বানন্দ সোণোৱালে এতিয়া ক’ব ধৰিছে অসম চুক্তি হেনো ভুল আছিল। এতিয়া আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ–ছাত্ৰীক বাধা প্ৰদান কৰিছে। নীতিগতভাৱে এয়া হেনো বেয়া কথা, কিন্তু সৰ্বানন্দ সোণোৱাল ছাত্ৰনেতা অৱস্থাত ৰাজ্যখনৰ ছাত্ৰ–ছাত্ৰীসকলক আন্দোলনত জড়িত কৰোৱা কথাতো বেয়া আছিল নেকি? বেয়া আছিল যদি এতিয়া অসমৰ জনগণৰ ওচৰত ক্ষমা খুজিব লাগে। শক্তি প্ৰয়োগ কৰি ছাত্ৰ সমাজ আৰু খিলঞ্জীয়াক দমন কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰক। নহ’লে সেই দুঃসাহস উফৰি যাব।         

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড অমৰজ্যোতি চৌধুৰীয়ে এটি কবিতা আবৃতি কৰা প্ৰতিবাদী সভাখনত জুবিন গাৰ্গে ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটোৰ কলি আৰু মহেন্দ্ৰ হাজৰিকাইয়ো বৈপ্লৱিক গীতৰ কলি আওৰাই। নেছ’ৰ সচিব প্ৰধান চিনাম প্ৰকাশ, অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন, অসমীয়া প্রতিদিন চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অগপৰ দুই নেতা কেশৱ মহন্ত, সত্যব্রত কলিতা, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, শিল্পী অৰুণ হাজৰিকা, জয়ন্ত ভাগৱতী, মলয়া গোস্বামী, ৰবি শৰ্মা, ভিতালী দাস, নিশিতা গোস্বামী, দীক্ষু, মৌচম গগৈ, বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্র সন্থা, মিচিং ছাত্র সন্থা, কাৰ্বি ছাত্র সন্থা, তিৱা ছাত্র সন্থা, ডিমাচা ছাত্র সন্থা, গোৰ্খা ছাত্র সন্থা, মটক যুৱ-ছাত্র সন্মিলন, হাজং ছাত্র সন্থা, মদাহী ছাত্র সন্থা, নিখিল বৰ্মন কছাৰী ছাত্র সন্থা, অনুসূচিত জাতি ছাত্র সন্থা,খাছি ছাত্র সন্থা, খিলঞ্জীয়া মহিলা মঞ্চ, জমিয়ত উলেমা, মাৰোৱাৰী যুৱ পৰিষদ, সদৌ অসম মহিলা কৰ্মচাৰী পৰিষদ আদি বহু দল-সংগঠনে অংশগ্রহণ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward